অলিম্পিয়া বাৰ্তা
সুন্দৰী যুৱতী ৰেনী গ্ৰেছী মধ্যবিত্ত পৰিয়াল এটাৰ পৰা ওলাই আহিছিল। অষ্ট্ৰলিয়াৰ ক্ৰীড়া ক্ষেত্ৰখনত খোজ দিয়েই সম্ভাৱনাৰ স্বাক্ষৰ বহন কৰিছিল ৰেনীয়ে। ৰেনী এগৰাকী ছুপাৰ কাৰ ৰেচাৰ আছিল। ছুপাৰ কাৰ ৰেচিঙত ৰেনীয়ে খোজ দিয়াৰ আগলৈকে খুব কম সংখ্যক মহিলাইহে এইখন ক্ষেত্ৰত সুনাম আৰ্জিবলৈ সক্ষম হৈছিল।
ৰেনী গ্ৰেছীৰ আৰম্ভণি আছিল অতুলনীয়। কাৰ ৰেচিঙত ভৰি দিয়েই অষ্ট্ৰেলিয়াৰ প্ৰথমগৰাকী ‘ফুল টাইম ছুপাৰ কাৰ ড্ৰাইভাৰ’ হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল ৰেনীয়ে। এটা ১৪ বছৰীয়া অভিলেখ ভংগ কৰিছিল ৰেচাৰগৰাকীয়ে। ২০১৩ চনত তেওঁ অংশ লৈছিল Porsche carerra cup Australia championship’ শীৰ্ষক প্ৰতিযোগিতাখনত। সেইখন প্ৰতিযোগিতাত ভাগ লোৱা তেওঁৱেই আছিল অষ্ট্ৰেলিয়াৰ প্ৰথমগৰাকী মহিলা কাৰ ৰেচাৰ।

ইয়াৰ পিছত ২০১৫ চনত কেনীয়ে চিম’না ডি চিলভেচষ্ট্ৰ’ৰ সৈতে যুটি বান্ধি ভাগ লৈছিল অষ্ট্ৰেলিয়াৰ বিখ্যাত Bathrust 1000 শীৰ্ষক কাৰ ৰেচিং প্ৰতিযোগিতাখনত। ১৯৯৮ চনৰ পিছত এই সম্ভ্ৰান্ত চেম্পিয়নশ্বিপখনত ভাগ লোৱা ৰেনী আৰু চিম’নাৰ যুটিটোৱেই আছিল প্ৰথম। এনেদৰেই ২০১৭ চন পৰ্যন্ত ৰেনীয়ে অষ্ট্ৰেলিয়াৰ বহুকেইখন বিখ্যাত কাৰ ৰেচিঙত ভাগ লৈ কাৰ ৰেচিং ক্ষেত্ৰখনত এক নিগাজি স্থান দখল কৰিবলৈ সক্ষম হৈছিল।
ৰেনী গ্ৰেছী এগৰাকী সফল কাৰ ৰেচাৰ হিচাবে পৰিগণিত হৈছিল যদিও কাৰ ৰেচিঙে আৰ্থিক নিৰাপত্তা দিব পৰা নাছিল। ফলত কাৰ ৰেচিঙ বাদ দি আন বৃত্তি বাছি লোৱাৰ কথা চিন্তা কৰিছিল ৰেনী গ্ৰেছীয়ে। বহু ভাবি চিন্তি অৱশেষত তেওঁ বাছি লৈছিল পৰ্ণষ্টাৰৰ বৃত্তিটো। এই বৃত্তিত অৰ্থৰ অভাৱ নাছিল। ৰেচ বাদ দিয়াৰ পিছত এটা প্ৰাপ্তবয়স্ক ৱেবচাইটত নিজৰ প্ৰফাইল খুলি ফটো আৰু ভিডিঅ’ প্ৰকাশ কৰি ৰেনী গ্ৰেছীয়ে এই নতুন যাত্ৰাৰ আৰম্ভ কৰিছিল।
ৰেনীয়ে তেওঁৰ প্ৰাপ্তবয়স্ক ৱেবচাইটৰ জৰিয়তে প্ৰথম সপ্তাহতে ৩০০০ ডলাৰ উপাৰ্জন কৰিছিল। বৰ্তমান ৭০০০ তকৈ অধিক উপভোক্তা থকা সেই ৱেবচাইটৰ পৰা ৰেনীয়ে যথেষ্ট অৰ্থ উপাৰ্জন কৰে।
ৰেনী তেওঁৰ নতুন বৃত্তিক লৈ সুখী। তেওঁ ব্যক্ত কৰিছে যে তেওঁ আগতে কেতিয়াও ইমান অৰ্থ উপাৰ্জন কৰি পোৱা নাছিল। তেওঁ এই বৃত্তিক লৈ বহুত সুখী।
“এয়া আছিল মোৰ জীৱনৰ এটা শ্ৰেষ্ঠ সিদ্ধান্ত। ই মোক এতিয়া এনে এটা আৰ্থিক পৰ্যায়লৈ লৈ আনিলে যি আছিল মোৰ সপোনৰো অগোচৰ। মই যথেষ্ট উপভোগ কৰিছোঁ। আনে যি কয় তাক লৈও মই সুখী। মই যথেষ্ট অৰ্থ উপাৰ্জন কৰিছোঁ। এতিয়া যি পৰ্যায়ত আছোঁ তাক লৈ মই সুখী। ” নিউজ কৰ্প অষ্ট্ৰেলিয়া’ক এইদৰে কয় প্রাক্তন ৰেচাৰগৰাকীয়ে। গ্ৰেছীয়ে লগতে কয় যে তেওঁৰ এই সিদ্ধান্তক লৈ তেওঁৰ পিতৃও সমানেই সুখী।