অলিম্পিয়া প্রতিবেদন
জীৱনত প্ৰথমবাৰৰ বাবে বিধায়ক হৈয়েই মন্ত্ৰীসভাত স্থান লাভ কৰিলে প্ৰাক্তন ক্ৰিকেটাৰ মনোজ তিৱাৰীয়ে। ভাৰতীয় দলৰ লগতে কলকাতা নাইট ৰাইডাৰ্ছ দলৰ প্ৰাক্তন খেলুৱৈগৰাকীয়ে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল নিৰ্বাচনৰ কিছু দিন আগত। বিগত নিৰ্বাচনত শিৱপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলা মনোজ তিৱাৰীয়ে বিজেপি নেতা ৰথীন্দ্ৰ নাথ চক্ৰৱৰ্তীক পৰাস্ত কৰি বিধানসভালৈ নিৰ্বাচিত হৈছে। জীৱনৰ প্ৰথমটো নিৰ্বাচনতে জয়ী হৈ মমতা বেনাৰ্জীৰ মন্ত্ৰীসভাত স্থান লাভ কৰিছে এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে।
শনিবাৰে কলকাতাৰ ৰাজভৱনত মমতা বেনাৰ্জী নেতৃত্বত তৃণমূল কংগ্ৰেছৰ নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰে। কৰোনাকালীন পৰিস্থিতিত সীমিত সংখ্যক ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত এই শপতগ্ৰহণ অনুষ্ঠানতে ৰাজ্যখনৰ নতুন ক্রীড়ামন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰে মনোজ তিৱাৰীয়ে। বিধানসভাৰ নিৰ্বাচনৰ প্রাকমুহূৰ্তত যুৱ নেতাগৰাকীৰ মন্ত্ৰীত্ব প্ৰায় নিশ্চিত আছিল।
উল্লেখযোগ্য যে ইয়াৰ আগতে পশ্চিমবঙ্গৰ ক্রীড়ামন্ত্ৰী আছিল ভাৰতীয় দলৰ আন এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ লক্ষ্মীৰতন শুক্লা।
মন্ত্ৰীত্ব লাভ কৰি নিজৰ ভাগ্যকে বিশ্বাস কৰিব পৰা নাই তিৱাৰীয়ে। “ইমান সংখ্যক বিধায়ক নিৰ্বাচিত হৈছে। তাৰ মাজত কেৱল ৪৩ জনে স্থান লাভ কৰিছে মন্ত্ৰীসভাত। এইসকলৰ মাজত স্থান লাভ কৰাটো মোৰ পক্ষে এটা ডাঙৰ প্ৰাপ্তি।ইমান এটা ডাঙৰ দায়িত্ব লোৱাৰ যোগ্য বুলি যে দিদি(মমতা বেনাৰ্জী)য়ে ভাবিছে,তাৰ বাবে আমি কৃতজ্ঞ।” মন্ত্ৰীত্ব লাভৰ পিছত এনেদৰে কয় ক্ৰিকেটাৰগৰাকীয়ে।
মন্ত্ৰীত্ব লাভ কৰিলেও অৱশ্যে একেবাৰে ক্ৰিকেট এৰাৰ কথা ভবা নাই তেওঁ। মন্ত্ৰীত্বৰ ব্যস্ততাৰ মাজতেও অৱসৰৰ মুহূৰ্তত ক্ৰিকেট খেলি যাব বুলিও আশা প্ৰকাশ কৰিছে এইগৰাকী ক্ৰিকেটাৰে। ৰাজ্যৰ ক্রীড়া উন্নয়নৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা হাতত লোৱাৰ কথা ঘোষনা কৰাৰ লগতে সম্প্ৰতি কৰোনাক পৰাভূত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰে ক্ৰিকেটাৰগৰাকীয়ে।