Monday, October 3, 2022
HomeNewsৰাজপথৰ পশুকুলৰ ত্ৰাণকৰ্তাৰ ৰূপত মহিলা ক্ৰীড়া সংগঠক; আজুৰি আনিলে ৰাষ্ট্ৰীয় বঁটা

ৰাজপথৰ পশুকুলৰ ত্ৰাণকৰ্তাৰ ৰূপত মহিলা ক্ৰীড়া সংগঠক; আজুৰি আনিলে ৰাষ্ট্ৰীয় বঁটা

অলিম্পিয়া বিশেষ প্ৰতিবেদন

✍️ পূৰ্ণানন্দ নেওগ

২০২০ চনৰ ২৪ মাৰ্চ। সেই দিনটোতে ভাৰতত ঘোষণা কৰা হ’ল লকডাউন। ইতিমধ্যে সমগ্ৰ বিশ্বৰে প্ৰায়বোৰ দেশতে বলৱৎ কৰা হৈছিল লকডাউন। ক’ভিড সৃষ্ট পৰিৱেশ-পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ লকডাউন ঘোষণাৰ বাদে গত্যন্তৰো নাছিল। মুহূৰ্ততে সকলো সলনি হৈ গ’ল। পূৰ্বে গুৰুত্বহীন বুলি ভবা বহু কথাই গুৰুত্ব লাভ কৰিলে,আনহাতে পূৰ্বে গুৰুত্বপূৰ্ণ বুলি ভবা বহু কথা গুৰুত্বহীন হৈ পৰিল। মাস্ক, চেনিটাইজাৰ, সামাজিক দূৰত্বৰ দৰে নতুন ধাৰণাসমূহ সকলোৰে বাবে চিনাকি হৈ পৰিল। ইপিনে, বিলাসী জীৱনৰ বহু কথাই এতিয়া গুৰুত্বহীন হৈ পৰিল। মানুহৰ জীৱন প্ৰণালীলৈ আহিল অভূতপূৰ্ব পৰিৱৰ্তন। অৰ্থনীতিৰ পৰা আৰম্ভ কৰি ৰাজনীতি তথা সমাজনীতিৰ পৰা আৰম্ভ কৰি ক্ৰীড়া-বিনোদনলৈ এক বিস্তৰ পৰিৱৰ্তন।

লকডাউনে কঢ়িয়াই অনা এনে পৰিৱৰ্তনৰ মাজত মানুহৰ লগতে পশুকুললৈও ভয়াৱহ বিপৰ্যয় নামি আহিল। এই সময়ছোৱাত মানৱ জাতিৰ প্ৰতি নামি অহা বিপদ বিঘিনীয়ে আমাৰ মনোযোগ যিদৰে আকৰ্ষণ কৰিছে সেইদৰে হয়তো পশুকুলৰ প্ৰতি নামি অহা বিপৰ্যয়ে কৰিব পৰা নাই। পশুকুলৰ মাজত দেখা দিয়া খাদ্যৰ সংকট আছিল এই সময়ছোৱাৰ এক হৃদয় বিদাৰক দৃশ্য। পশুকুললৈ নামি অহা এনে বিপদৰ সময়ত সিহঁতৰ কাষত থিয় দি মহানুভৱতাৰ পৰিচয় দিলে অসমৰ এগৰাকী মহিলা ক্ৰীড়া সংগঠকে। তেওঁ হৈছে অসম বেছবল সন্থাৰ সম্পাদিকা আছমা বেগম।

ৰাজ্যত লকডাউন আৰম্ভ হোৱাৰ দিন ধৰি এইগৰাকী ক্ৰীড়া সংগঠকে ৰাতি দিন একাকাৰ কৰি বাট-পথৰ বান্দৰ, কুকুৰ,গৰু, ছাগলী আদিৰ মাজত খাদ্য বিতৰণৰ কাম আৰম্ভ কৰে। প্ৰতিকূল এনে পৰিস্থিতিত পথৰ কাষৰ এনে জীৱকুল খাদ্যৰ অভাৱত পৰি জীৱন মৰণৰ যুঁজত অৱতীৰ্ণ হৈছিল। আছমা বেগম আৰু তেওঁৰ সতীৰ্থই মিলি এনে বাট পথৰ জীৱকুলক খাদ্যৰ যোগান ধৰাই নহয় সিহঁতক নতুন জীৱনো প্ৰদান কৰে। খাদ্য বিতৰণৰ বাবে তেওঁলোকে বাছি লয় গুৱাহাটীৰ বিভিন্ন মঠ মন্দিৰৰ পৰা আৰম্ভ কৰি ৰেল-আস্থান, বাছ-আস্থান আদিত আশ্ৰয় লৈ থকা হাজাৰ বিজাৰ জীৱকুলক। প্ৰথম অৱস্থাত আছমা বেগম আৰু তেওঁৰ তিনিগৰাকী সতীৰ্থই নিজৰ টকাৰে এই মহৎ কাম ভাগ সম্পন্ন কৰিছিল যদিও পিছলৈ বহু সংখ্যক লোক এই অভিযানৰ অংশীদাৰ হৈ পৰে।

আছমা বেগম আৰু তেওঁৰ সহযোগীসকলৰ এনে কামৰ বাবে তেওঁলোকে কেৱল অসমতে নহয় সমগ্ৰ ভাৰততে চর্চা লাভ কৰিছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পৰা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমলৈ সকলোতে চৰ্চিত হৈ পৰিছে এইগৰাকী ক্ৰীড়া সংগঠক। ইতিমধ্যে মুম্বাইস্থিত এক বেচৰকাৰী সংস্থা আস্থা ফাউণ্ডেচনে লকডাউনৰ সময়ছোৱাত সমাজ সেৱাৰ কামত নিজকে সমৰ্পিত কৰা দেশৰ ২০ গৰাকী লোকলৈ বিশেষ বঁটা আগবঢ়াইছে। অসমৰ পৰা এই ৰাষ্ট্ৰীয় বঁটা লাভ কৰা একমাত্ৰ ব্যক্তি গৰাকীয়ে হৈছে আছমা বেগম।

পদপথৰ কুকুৰক এইদৰে খাদ্যৰ যোগান ধৰা দেখা গৈছে আছমা বেগমক


অলিম্পিয়াৰ তৰফৰ পৰা যোগাযোগ কৰা হৈছিল এই গৰাকী সমাজ হিতৈষী ক্ৰীড়া সংগঠকলৈ তেওঁৰ মনৰ ভাব জানিবলৈ। অলিম্পিয়াৰে হোৱা বাৰ্তালাপত তেওঁ এই খাদ্য বিতৰণ অভিযানত তেওঁৰ সহযোগী অন্যতম ওজা, মৃণ্ময় গোস্বামী, মেহবুব, পৱনজী, আৰমান আদিৰ নাম লয়। ইয়াৰ লগতে জীৱ জন্তুৰ বাবে খাদ্য বিতৰণৰ বেলিকা মন্দিৰৰ প্রাংগণ নিৰ্বাচন কৰাৰ আঁৰতো এক বিশেষ উদ্দেশ্য নিহিত থকা বুলি উল্লেখ কৰে তেওঁ।

সতীৰ্থৰ সৈতে আছমা বেগম

তেওঁ কয়, এই সময়ছোৱাত আমি মহানগৰীৰ বশিষ্ঠ, গীতা মন্দিৰ,কামাখ্যা, উগ্ৰতাৰা আদিকে কৰি প্ৰায়বোৰ মন্দিৰৰ প্ৰাংগণত আশ্ৰয় লৈ থকা জীৱ জন্তুক খাদ্য বিতৰণ কৰিছিলোঁ। খাদ্য বিতৰণৰ বাবে মন্দিৰ বাচি লোৱাৰো কাৰণ আছিল। দিনে দিনে বৃদ্ধি পোৱা ধৰ্মৰ নামত ভেদা-ভেদ পৰিহাৰ কৰি সকলোকে ঐক্যৰ ডোলেৰে বান্ধ খাই থকাৰ বাৰ্তা দিব খোজা হৈছিল এই কাৰ্য্যৰ জৰিয়তে।”

লগতে তেওঁ কয়, এনে এক কঠিন পৰিস্থিতিত হিন্দু মুছলমান কৰি কোনো লাভ নাই। সকলোতকৈ ডাঙৰ ধৰ্মই হৈছে মানৱ ধৰ্ম। এনে কঠিন সময়ত মানৱতাৰ নিদৰ্শন দেখুৱালেহে পৃথিৱীখন ধুনীয়া হৈ থাকিব।”

পশুকুলৰ লগতে দৰিদ্ৰজনৰ বাবেও এনেদৰে খাদ্যৰ যোগান ধৰে আছমা বেগমে

ইতিমধ্যে আছমা বেগমৰ এনে প্ৰচেষ্টাক শলাগ লৈছে আন্তৰাষ্ট্ৰীয় সংবাদ পত্ৰ নিউয়ৰ্ক টাইমছ, নেচনেল জুগ্ৰাফী, ৰাষ্ট্ৰীয় সংবাদ মাধ্যম টাইমছ অৱ ইণ্ডিয়া, নৱভাৰত টাইমছ আদিয়ে। আছমা বেগমৰ এই প্ৰচেষ্টাত হাত উজান দিছিল অসম পুলিচ আৰু কামৰূপ মহানগৰ প্ৰশাসনে।

সেই সম্পৰ্কে তেওঁ কয়, “Feeding strays in lockdown শীৰ্ষক আমাৰ এই অভিযানলৈ সহায় সহযোগ আগবঢ়ালে অসম পুলিচ আৰু কামৰূপ মহানগৰ প্ৰশাসনে। বিশেষকৈ অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত আৰু কামৰূপ মহানগৰৰ উপায়ুক্ত মহোদয়ে এই কামত যথেষ্ট সহায় আগবঢ়ায়। তেওঁলোকলৈ এই ছেগতে জনাইছোঁ আন্তৰিক ধন্যবাদ। “

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments