Monday, October 3, 2022
HomeNewsনাতিদীর্ঘ ইনিংছেৰে 'মেন অব্ দ্য মেচ' লাভ কৰা তিনিগৰাকী ক্ৰিকেটাৰ

নাতিদীর্ঘ ইনিংছেৰে ‘মেন অব্ দ্য মেচ’ লাভ কৰা তিনিগৰাকী ক্ৰিকেটাৰ

অলিম্পিয়া বিশেষ প্ৰতিবেদন

✍️ৰূপজ্যোতি কলিতা

কঠোৰ পৰিশ্ৰম, অনুশীলন, অসীম ধৈৰ্যৰে দীৰ্ঘ সময় ক্ৰীজত বৰ্তি থাকি বিপক্ষৰ বলাৰৰ মূৰৰ কামূৰণিৰ সৃষ্টি কৰা বহু মহান ক্ৰিকেটাৰৰ চিৰ স্মৰণীয় ইনিংছ ক্ৰিকেটপ্ৰেমীৰ বুকুত চিৰসেউজ হৈ আছে। কিন্তু আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত নাতিদীৰ্ঘ ইনিংছেৰে বিপক্ষৰ বলীং লাইনআপ তচনচ কৰাই নহয়, নিজ দলক বিজয়ৰ মুকুট পৰিধান কৰোৱাই চিৰদিনৰ বাবে ক্ৰিকেট প্ৰেমীৰ বুকুৰ একোণত স্থান নিগাজী কৰি থৈছে কিছু ক্ৰিকেটাৰে। ক্ৰিকেটপ্ৰেমীৰ বুকুত স্থান লাভ কৰা তেনে তিনিগৰাকী ক্ৰিকেটাৰ, যি ১২টাতকৈও কম বলৰ সন্মুখীন হৈ নিজৰ বেটিং বিক্ৰমেৰে মুহূৰ্ততে মেচৰ ফলাফল সলনি কৰাই নহয়, আজুৰিবলৈ সক্ষম হৈছিল মেন্ অব্ দ্য মেচৰ সন্মান। তেনে তিনিগৰাকী ক্ৰিকেটাৰৰ বিষয়ে তলত উল্লেখ কৰা হ’ল

৩) মইন আলী : ১৪ ফেব্ৰুৱাৰী, ২০২০ ক্ৰিকেট গ্ৰাউণ্ডত ইংলেণ্ডৰ প্ৰতিপক্ষ দক্ষিণ আফ্রিকা। এই মেচখনতে বিস্ফোৰক বেটিঙেৰে ক্ৰিকেট বিশ্বৰ ইতিহাসৰ এটা পৃষ্ঠাত নিজৰ নাম খোদিত কৰিলে ইংলেণ্ডৰ অলৰাউণ্ডাৰ মইন আলীয়ে। মাত্র ১১টা বলৰ সন্মুখীন হৈ চাৰিটা ৬ আৰু তিনিটা ৪ৰ সহায়ত ৩৫৪.৫৪ বিস্ফোৰক ষ্ট্ৰাইক ৰেটেৰে ৩৯ ৰানৰ ইনিংছৰ জৰিয়তে দলক বিজয় লক্ষ্যত উপনীত কৰোৱাৰ লগতে লাভ কৰিলে মেন অব্ দ্য মেচৰ সন্মান।

২) এইবাৰো তালিকাত ইংলেণ্ডৰে আন এগৰাকী ক্ৰিকেটাৰ, নাম জছ বাটলাৰ। ২০১২চনত সুদৰ্শন উইকেট ৰক্ষক ইংলিছ বেটছমেনগৰাকীয়ে মাত্ৰ ১০টা বলৰ সন্মুখীন হৈ ২টা ছিক্সাৰ আৰু ২ বাউন্ডেৰীৰ সহায়ত ৩২ৰান সংগ্ৰহ কৰি লাভ কৰিলে মেন অব্ দ্য মেচৰ সন্মান। বাটলাৰৰ বিস্ফোৰক ইনিংছৰ জৰিয়তে মেচখনত ইংলেণ্ডে ১১ অভাৰত সংগ্ৰহ কৰিছিল ১১৮ ৰান।

১) তালিকাৰ শীর্ষত আছে ক্ৰিকেটক ধৰ্ম হিচাপে পালন কৰা ভাৰতৰ এগৰাকী ক্ৰিকেটাৰ। নাম দীনেশ কাৰ্তিক। ২০১৮ চনৰ nidhas trophyৰ এখন গুৰুত্বপূৰ্ণ মেচ। ভাৰতৰ সন্মুখত ক্ৰিকেট বিশ্বৰ উদিত সূৰুয বাংলাদেশ। ইতিমধ্যে শক্তিশালী শ্ৰীলংকাক পৰাস্ত কৰি আত্মবিশ্বাসী “দ্য টাইগাৰ্ছ” বাহিনী। কিন্তু ডি কে হিচাপে খ্যাত দীনেশ কাৰ্তিকৰ মাত্র ৮টা বলৰ ইংনিংছে তচনচ কৰিলে বাংলা ক্ৰিকেটৰ বলিং লাইন আপ। মাত্ৰ ৮টা বলৰ সন্মুখীন হৈ ভাৰতীয় উইকেট ৰক্ষক বেটছমেন দীনেশ কাৰ্তিকে ৩টা ছয় আৰু ২টা চাৰিৰ বিনিময়ত অপৰাজিত ২৯ ৰান সংগ্ৰহ কৰি বাংলাদেশৰ স্বপ্নভংগ কৰাৰ লগতে লাভ কৰিলে মেন অব্ দ্য মেচৰ সন্মান।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen − four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments