এখন মেচ, তিনিটাকৈ অভিলেখ!

অলিম্পিয়া প্রতিবেদন

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অধিনায়ক ডেভিড ৱাৰ্নাৰে চলিত আই পি এলত এক বিশেষ কৃতিত্ব অর্জন কৰিবলৈ সক্ষম হৈছে। তেওঁ আই পি এলত ৫০ টা অৰ্ধশতক অর্জন কৰা প্ৰথমগৰাকী খেলুৱৈত পৰিণত হৈছে। বুধবাৰে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে প্ৰতিযোগিতাৰ ২৩ সংখ্যক মেচত এই কৃতিত্বৰ অধিকাৰী হয় অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰগৰাকী। উল্লেখযোগ্য যে সৰ্বাধিক অৰ্ধশতকৰ এই তালিকাত দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে শিখৰ ধাৱান(৪৩) আৰু বিৰাট কোহলি(৪০)।

ইয়াৰোপৰি উক্ত মেচতে ৱাৰ্নাৰে আই পি এলত ২০০ তম ছয়টোও কোবায়। আই পি এলত ২০০ ছয় কোবোৱা তেওঁ চতুৰ্থ গৰাকী বিদেশী খেলুৱৈ। তেওঁৰ আগতে দক্ষিণ আফ্ৰিকাৰ এবি ডিভিলিয়াৰ্ছ, ৱেষ্টইণ্ডিজৰ ক্ৰিছ গেইল আৰু কেইৰণ প’লাৰ্ডে এই কৃতিত্ব অর্জন কৰিছে।

উল্লেখযোগ্য যে, একেখন মেচতে ৱাৰ্নাৰে টি টুৱেন্টিত ১০,০০০ ৰানো সম্পূৰ্ণ কৰে। এই মাইলষ্টোন স্পৰ্শ কৰা তেওঁ বিশ্বৰ চতুৰ্থগৰাকী ক্ৰিকেটাৰত পৰিণত হয়। ইয়াৰ আগেয়ে, ৱেষ্টইণ্ডিজৰ ক্ৰিছ গেইল, কেইৰণ পোলাৰ্ড আৰু পাকিস্তানৰ ছোৱেইব মালিকে টি-টুৱেন্টিত দহ হাজৰৰ ৰান সম্পূৰ্ণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *