Wednesday, July 6, 2022
HomeNewsঅসমত তীখৰ পার্ক

অসমত তীখৰ পার্ক

অলিম্পিয়া প্ৰতিবেদন

ৰাজ্যত ২০১৬ ত অনুষ্ঠিত হোৱা দক্ষিণ এছীয় ক্ৰীড়াৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ জালুকবাৰীত স্থাপন কৰা হৈছে তীখৰ পার্ক নামৰ এখনি উদ্যান। সোমবাৰে পার্কখনৰ উদ্ধোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপজ্যোতি সন্দিকৈয়ে।

জালুবাৰীস্থিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পশ্চিম প্ৰান্তৰ মূল প্ৰৱেশদ্বাৰৰ সমুখতে ক্ৰীড়া সঞ্চালকালয়ৰ উদ্যোগত স্থাপন কৰা হয় পার্কখন। উল্লেখযোগ্য যে দক্ষিণ এছীয় ক্ৰীড়াৰ পৰা ৰাহি হোৱা ২ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মান কৰা হৈছে এই পার্কখন।

দক্ষিণ এছীয় ক্ৰীড়াৰ প্ৰতীকপট তীখৰৰ নামেৰে নামাংকন কৰা পার্কখনত থকা তীখৰৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰে সদ্য প্ৰয়াত ভাস্কৰ্য শিল্পী ভাস্কৰ শৰ্মাই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত থাকিবলগীয়া অনুষ্ঠানটোত মূৰকত ব্যস্ততাৰ বাবে অংশগ্ৰহণ কৰিব নোৱাৰিলে তেওঁ। তাৰ বিপৰীতে, উপস্থিত থাকে ক্ৰীড়া আয়ুক্ত মলয় বৰুৱা, ক্ৰীড়া সঞ্চালক ধৰ্মকান্ত মিলি, এছ এ এল ছিৰ সদস্য সচিব লক্ষ্য কোঁৱৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হেমন্ত নাথ, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মা, ক্ৰীড়াবিদ তৈবুননেছা,ভাগ্যৱতী কছাৰী, কল্পনা চৌধুৰী

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 + 20 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments