Friday, September 30, 2022
HomeNewsতিনিচুকীয়াত ক্ৰিকেটৰ বাচনি শিবিৰ

তিনিচুকীয়াত ক্ৰিকেটৰ বাচনি শিবিৰ

✍️ তিনিচুকীয়া পৰা অমৃত শৰ্মাৰ প্ৰতিবেদন

তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাই ১৯ বছৰ অনূৰ্ধ্ব তিনিচুকীয়া জিলা ক্ৰিকেট দল গঠন কৰিবলৈ এক বাছনি শিবিৰৰ আয়োজন কৰিছে । অহা ২৭ ডিচেম্বৰৰ পুৱা ৯ বজাৰ পৰা তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত এই শিবিৰ অনুষ্ঠিত হ’ব । নিৰ্বাচিত খেলুৱৈসকলে অহা ৫ জানুৱাৰীত ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া জে কে বৰুৱা ট্ৰফী আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত অংশ গ্ৰহন কৰিব । ২০০২ চনৰ ১ ছেপ্টেম্বৰ বা তাৰ পাছত জন্ম গ্ৰহণ কৰা ক্ৰিকেট খেলুৱৈয়ে এই শিবিৰত অংশ ল’ব পাৰিব । ইচ্ছুক খেলুৱৈসকলে অহা ১ ডিচেম্বৰৰ পুৱা ৯ বজাত তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত উপস্থিত হ’ব লাগিব । খেলুৱৈসকলক জন্মৰ প্ৰমাণ পত্ৰ , আধাৰ কাৰ্ড আৰু ২ কপি পাছপৰ্ট ফটো লগত লৈ আহিবলৈ অনুৰোধ জনোৱা হ’ল । এই কথা জনাইছে তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ ক্ৰিকেট সম্পাদক পাৰ্থ প্ৰতিম বৰাই (৭০০২৯-৪০৭৭৯) ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seven + six =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments