Thursday, September 29, 2022
HomeNewsতিনিচুকীয়া টাউন ক্লাব চেম্পিয়ন

তিনিচুকীয়া টাউন ক্লাব চেম্পিয়ন

অলিম্পিয়া প্ৰতিবেদন

চতুৰ্থ অসম প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপ ক্ৰিকেটৰ তিনিচুকীয়া মণ্ডলত তিনিচুকীয়া টাউন ক্লাবে চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে। বৃহস্পতিবাৰে অনুষ্ঠিত ফাইনেলত দলটোৱে ডুমডুমা ক্ৰিকেট ক’চিং চেন্টাৰক ৮ উইকেটত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি ডুমডুমাই ২৯.৫ অভাৰত সকলো উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৭০ ৰাণ । বলিঙত অমিত সিনহাই ৪ টা উইকেট দখল কৰে । প্ৰত্যুত্তৰত টাউন ক্লাবে মাত্ৰ ১৮.৫ অভাৰত দুটা উইকেট হেৰুৱাই বিজয় লক্ষ্য অতিক্ৰম কৰে । দলৰ হৈ আয়ুস আগৰৱালে ২৯ ৰাণৰ বৰঙণি যোগায়। শ্ৰেষ্ঠ বলাৰ হয় কচমচ ক্ৰিকেট ক্লাৱৰ নাৰায়ন গিৰি ( চাৰিখন মেচত ১৭ টা উইকেট ) আৰু শ্ৰেষ্ঠ বেটছমেন হয় একে দলৰে অভিষেক পেটেল ( চাৰিখন মেচত দুটা শতকসহ ৩২০ ৰাণ )। বিজয়ী দলৰ অমন ছেত্ৰীক মেন অৱ দ্যা টুৰ্ণামেন্ট আৰু অমিত সিনহাক ফাইনেলৰ মেন অৱ দ্যা মেছ ট্ৰফি প্ৰদান কৰা হয় । সামৰণিত ট্ৰফী প্ৰদান কৰে তিনিচুকীয়া জিলা ক্ৰীড়া সন্হাৰ সভাপতি ডা: ব্ৰজেন গোহাঁই, প্ৰাক্তন সভাপতি ড০ অচ্যূৎ বৰঠাকুৰ আৰু সম্পাদক জীৱন বৰুৱাই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eleven − 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments