অলিম্পিয়া প্ৰতিবেদন
টিপলাইত ফুটবলৰ উন্মাদনা। চিতলমাৰি বনগাঁও খেলপথাৰত দুভৰিৰ যাদু।ফুটবলপ্ৰেমী ৰাইজৰ বিপুল সঁহাৰি। ফুটবলৰ ৰোমাঞ্চিত মেচ বাৰুকৈয়ে উপভোগ কৰিছে টিপলাই তথা গোৱালপাৰাবাসী ৰাইজে।টিপলাইৰ দুটাকৈ স্থানত পৃথকে অনুষ্ঠিত হৈছে প্ৰাইজমানি প্ৰতিযোগিতা।বিগত মাহৰ ৫ ছেপ্তেম্বৰৰ পৰা সগৌৰৱেৰে টিপলাই ক্ৰীড়া সন্থাৰ উদ্যোগত চলি আছে প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ। সেই একে সময়তে টিপলাই চিতলমাৰি বনগাঁও ফুটবল ক্লাৱৰ সৌজন্যত চলিত মাহৰ ২ অক্টোবৰৰ পৰা চিতলমাৰি বনগাঁও খেলপথাৰত অনুষ্ঠিত হৈছে দ্বিতীয় বাৰ্ষিক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা।
শুক্ৰবাৰে প্ৰথম ৰাউণ্ডৰ দ্বিতীয়খন খেল অনুষ্ঠিত হয় ৰয়েল ষ্টেট ক্লাব আৰু নলবাৰী পাহাৰতলী ফুটবল দলৰ মাজত। তীব্ৰ উত্তেজনাপূৰ্ণ খেলখন নিৰ্ধাৰিত সময়ত ট্ৰাই বেকাৰ পদ্ধতিৰে ৰয়েল ষ্টেট ক্লাৱে জয়লাভ কৰি দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰগতি লাভ কৰে।এই পৰ্যন্ত বিভিন্ন ঠাইৰ প্ৰায় ৩২ টাকৈ দলে অংশ লৈছে এই প্ৰতিযোগিতাখনত। দৰ্শকৰ সঁহাৰিত অভিভূত হৈ পৰিছে উদ্যোক্তা সমিতি।
যিটো সময়ত সম্ভান্ত্র ফুটবল টুৰ্ণামেন্ট বৰদলৈ ট্ৰফীৰ দৰে প্ৰতিযোগিতা দৰ্শকৰ অভাৱত জনপ্ৰিয়তা হ্ৰাস পাইছে, সেই সময়তে টিপলাইৰ ফুটবল মেচসমূহে বহু কথাই শিকাই যায়। অসমত ফুটবলৰ দৰ্শকৰ অভাৱ নাই। অসমৰ গাৱে ভূঞে এতিয়াও পূৰ্বৰ সমানে জনপ্ৰিয় ফুটবল।গোৱালপাৰাৰ টিপলাই দৰে ঠাইত বৰদলৈ ট্ৰফী অনুষ্ঠিত কৰাৰ নিশ্চয় এক থল আছে।টিপলাইৰ ক্ৰীড়া পৰিৱেশে যেন তাকেই প্ৰমাণ কৰিছে।