টিপলাইত অনুষ্ঠিত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ চতুৰ্থখন খেলত বগৰিপাৰা ফুটবলদলৰ অগ্ৰগতি

অলিম্পিয়া প্ৰতিবেদন

ফুটবলৰ জ্বৰত আক্ৰান্ত এতিয়া গোৱালপাৰাৰ টিপলাই।টিপলাই প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে অসমৰ ২০ টাকৈ ফুটবল দলে।প্ৰথম ৰাউণ্ডৰ চৰ্তুথখন খেলত বগৰীপাৰা দলৰ অগ্ৰগতি।


টিপলাই ক্ৰীড়া সন্থাৰ উদ্যোগত ৫ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হৈছে প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা।বুধবাৰেও টিপলাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ফুটবলৰ যাদু চাবলৈ দৰ্শকৰ ভীৰ। প্ৰথম ৰাউণ্ডৰ চতুৰ্থখন খেলত অংশ ল’লে পদুপাৰা ফুটবল দল আৰু বগৰিপাৰা ফুটবল দলে। তীব্ৰ উত্তেজনাপূৰ্ণ আছিল এইখন খেল।নিৰ্ধাৰিত সময়ত ট্ৰাই বেকাৰৰ পদ্ধতিৰে ৩-১ গ’লত দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰগতি লাভ কৰে বগৰীপাৰা ফুটবল দলে।


আনহাতে, দৰ্শকৰ সঁহাৰি দেখি অভিভূত হৈ পৰে খেল পৰিচালনা সমিতিৰ সভাপতি জগবন্ধু কৈৱৰ্ত। আগন্তুক সময়ত এই প্ৰতিযোগিতাত আৰু অধিক দলে অংশগ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে সভাপতিজনে।
উল্লেখযোগ্য যে, ক’ভিডৰ বাবে দীৰ্ঘদিনে এনে খেল উপভোগৰ পৰা বঞ্চিত হৈ আছিল ফুটবলপ্ৰেমী ৰাইজসকল। প্ৰাইজমানি প্ৰতিযোগিতা খনৰ জৰিয়তে ৰোমাঞ্চকৰ খেল উপভোগ কৰাৰ সুবিধা লাভ কৰিলে টিপলাইবাসীয়ে।

সকলোৱে আশা কৰিব এই প্ৰাইজমানি প্ৰতিযোগিতাৰ জৰিয়তে সম্ভাৱনাপূৰ্ণ তৰুণ খেলুৱৈ সকল জিলিকি উঠিব অসমৰ ফুটবলৰ ক্ষেত্রখনত। টিপলাই ক্ৰীড়া সন্থাই গ্ৰহণ কৰা পদক্ষেপক এতিয়া প্ৰংশসাৰে উপচাই পেলাইছে ফুটবলপ্ৰেমীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *