টিপলাই ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন

দুভৰীৰ যাদুৰে খেলাত ব্যস্ত এজাক তৰুণ যুৱক। গাঁৱৰ এখন মুকলি খেলপথাৰত তেওঁলোকৰ দুভৰিৰ চন্দত নাচিছে ফুটবল। খেলপথাৰৰ চৌদিশে মানুহ, কেৱল মানুহ।এখন ৰোমাঞ্চকৰ খেল উপভোগ কৰিছে গাঁৱৰ ৰাইজে।

ফুটবল বুলি ক’লেই মনলৈ আহে বিশ্বৰ ফুটবলাৰ মেছি অথবা ৰণাল্ডোৰ কথা। যাৰ দুভৰিৰ যাদুৰে সমগ্ৰ বিশ্ববাসীৰ মন প্ৰাণ পুলকিত কৰে। পিছে এইবাৰ কোনো ইউৰোপীয়ান লীগ অথবা আই. এছ. এল নহয়, অসমৰে এজাক তৰুণ খেলুৱৈৰ দুভৰিৰ চন্দত নাচি উঠিল এইখন গাঁও।

এয়া গোৱালপাৰা জিলাৰ টিপলাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ দৃশ্য ।গ্ৰামাঞ্চলৰ সুপ্ত প্ৰতিভাক চিনাক্ত কৰাৰ লগতে খেলৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষিত কৰিবলৈ টিপলাই ক্ৰীড়া সন্থাৰ এনে প্ৰশংসনীয় পদক্ষেপ। দেওবাৰে শিক্ষক দিৱসৰ দিনটোতে টিপলাইত আৰম্ভ হ’ল প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা। প্ৰথমে খেল পৰিচালনা সমিতিৰ সভাপতি জগবন্ধু কৈৱৰ্তই কৰিলে পতাকা উত্তোলন। টিপলাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীৰ দ্বাৰা সমবেত সংগীতেৰে আৰম্ভ হ’ল অনুষ্ঠান। ইয়াৰ পাছতেই আৰম্ভ হ’ল ফুটবলৰ উদ্বোধনী খেলখন। এই প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰিলে ৰংজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দিপু বৰাই। উদ্বোধনী খেলত অংশ ল’লে ইংলিছ বাজাৰ ফুটবল দল আৰু সিধাবাৰী এফ. চি ফুটবল দলে। তীব্ৰ উত্তেজনা পূৰ্ণ খেলখনত নিৰ্ধাৰিত সময়ত ১-০ গ’লত জয়লাভ কৰে ইংলিছ বাজাৰ ফুটবল দলে।

অসমত যে প্ৰতিভাৰ অভাৱ নাই সেই কথা বিভিন্ন সময়ত প্ৰমাণ হৈ আহিছে। এনেধৰণৰ খেলৰ জৰিয়তে নৱপ্ৰজন্মই ক্ৰীড়াক্ষেত্রলৈ আগবাঢ়ি যাবলৈ এক মঞ্চ লাভ কৰে ।এনে এক প্ৰাৰম্ভিক মঞ্চ দিবলৈ প্ৰয়াস কৰিছে টিপলাই ক্রীড়া সন্থাই।গ্ৰামাঞ্চলৰ পৰা সুপ্ত প্ৰতিভাক জাগ্ৰত কৰি টিপলাই ক্ৰীড়া সন্থাই খেলুৱৈসকলক বিশ্বমুখী কৰিব খোজা প্ৰচেষ্টাক শলাগিছে ৰাইজে ।সকলোৱে আশা কৰিব অসমৰ সকলো অঞ্চলতে হওক এনে প্ৰতিযোগিতা ।ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত জিলিকক অসমৰ তৰুণ খেলুৱৈসকল।অসমৰ ফুটবলৰ ক্ষেত্রখনত উদয় হওক নৱ সুৰুযৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *