Tuesday, October 4, 2022
HomeNews১৯৯৬ চনৰ আজিৰ দিনটোতেই আত্মপ্ৰকাশ ঘটিছিল ভাৰতীয় ক্ৰিকেটৰ দুই মহানায়কৰ

১৯৯৬ চনৰ আজিৰ দিনটোতেই আত্মপ্ৰকাশ ঘটিছিল ভাৰতীয় ক্ৰিকেটৰ দুই মহানায়কৰ

অলিম্পিয়া বিশেষ লেখা

✍️ পূৰ্ণানন্দ নেওগ

১৯৯৬ চনৰ আজিৰ দিনটোতেই অভিষেক ঘটিছিল ভাৰতীয় ক্রিকেটৰ দুই মহানায়কৰ। দুয়ো আছিল বহু যুঁজৰ নায়ক, যাৰ কান্ধত ভৰ দি ভাৰতীয় ক্ৰিকেটে এক নতুন দিগন্তত ভৰি দিছিল। সূচনা হৈছিল এক নতুন যুগৰ।

সেয়া আছিল ১৯৯৬ চনৰ ভাৰতীয় দলৰ ইংলেণ্ড ভ্ৰমণৰ কথা। ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত ভাৰতীয় দলটো শোচনীয় পৰাজয়ৰ সন্মূখীন হৈছিল। তাৰ পিছতেই ভাৰতীয় দলটোৰ পৰা বাদ পৰিছিল সঞ্জয় মানঞ্জেৰকাৰ আৰু সুনীল যোশী। তেওঁলোকৰ ঠাইত সুযোগ দিবলৈ বিচৰা হৈছিল দুজন নৱাগতক। দললৈ আগমন ঘটিছিল বেংগলৰ সৌৰভ গাংগুলী আৰু দিল্লীৰ ৰাহুল দ্ৰাবিড়ৰ। ইতিমধ্যে ঘৰুৱা ক্ৰিকেটত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল দুয়ো।

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট হৈছিল বিখ্যাত লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত। সেইখন মেচত ইংলেণ্ডে প্ৰথম ইনিংছত সংগ্ৰহ কৰিছিল ৩২২ ৰান। প্ৰত্যুত্তৰত ভাৰতৰ প্ৰথম ইনিংছৰ আৰম্ভণি প্ৰত্যয়জনক নাছিল। ভাৰতৰ শীৰ্ষক্ৰমৰ বেটছমেনসকল ব্যৰ্থ হৈছিল। কোনে এজনেই অতিক্ৰম কৰিব পৰা নাছিল ৫০ ৰ ঘৰো। এজন এজনকৈ শীৰ্ষ ক্ৰমৰ বেটছমেন পেভিলিয়নমুখী হৈছিল যদিও ৩ নং স্থানত বেটিং কৰিবলৈ অহা গাংগুলী ইটো মূৰত দৃঢ়তাৰে থিয় দি আছিল। যেতিয়া ২০২ ৰানৰ বিনিময়ত ভাৰতে পাঁচ উইকেট হেৰুৱাইছিল, তেতিয়া ক্ৰিজলৈ আগমন ঘটিছিল আনজন নৱাগত ৰাহুল দ্ৰাবিড়ৰ। ইয়াৰ পাছতে দুয়ো নৱাগতই মিলি ভাৰতৰ শিবিৰত প্ৰাণ সঞ্চাৰ কৰি ষষ্ঠ উইকেটত যোগ দিছিল ৯৪ ৰানৰ। গাংগুলীয়ে ইতিমধ্যে শতক সম্পূৰ্ণ কৰিছিল। অভিষেক মেচতে শতক অৰ্জন কৰা দশমজন খেলুৱৈত পৰিগণিত হৈছিল গাংগুলী। ব্যক্তিগত ১৩১ ৰানত গাংগুলী পেভিনলীয়ন মুখী হোৱাৰ পাছত দ্ৰাবিড়ে সতীৰ্থ বেটছমেনৰ সৈতে ইনিংছ আগুৱাই নিছিল। অনিল কুম্বলে আৰু জভাগল শ্ৰীনাথৰ সৈতে যুটি বান্ধি দ্ৰাবিড়ে দলীয় স্ক’ৰ ৪০০ অতিক্ৰম কৰাইছিল। কেৱল পাঁচ ৰানৰ বাবে দ্ৰাবিড় শতকৰ পৰা বঞ্চিত হৈছিল।

এনেদৰেই নায়কোচিত স্বাক্ষৰ বহন কৰি ভাৰতীয় ক্ৰিকেটলৈ দুয়োৰে আগমন ঘটিছিল। এজন পিছলৈ ভাৰতীয় ক্ৰিকেটৰ এজন অন্যতম সফল অধিনায়ক হিচাবে প্ৰতিষ্ঠিত হোৱাৰ বিপৰীতে আনজন প্ৰতিষ্ঠিত হৈছিলগৈ নিৰ্ভৰযোগ্যতাৰ এক দুৰ্লভ নিদৰ্শন হিচাবে। দ্য প্ৰিন্স অৱ ক’লকাতা সৌৰভ গাংগুলীৰ নেতৃত্বত ভাৰতীয় দলে ঘৰুৱা আৰু বিদেশ ভূমিত সমান পৰাক্ৰমৰে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ নেতৃত্বত ভাৰতীয় দলে চেম্পিয়নছ ট্ৰফী, নেটৱেষ্ট ট্ৰফী আদিত জয়লাভ কৰাৰ লগতে ১৯৮৩ ৰ পিছত পোন প্ৰথমবাৰৰ বাবে ২০০৩ চনত বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলতো প্ৰৱেশ কৰে। এদিনীয়াত দহ হেজাৰৰো অধিক ৰান সংগ্ৰহ কৰা দাদা হৈছে বিশ্বৰ অষ্টমজন ক্ৰিকেটাৰ।

ঠিক সেইদৰে নিজৰ নিৰ্ভৰযোগ্য বেটিঙৰ সমাহাৰৰে ক্ৰিকেট বিশ্বত ‘দ্য ৱাল’ হিচাবে পৰিচিতি লাভ কৰা ৰাহুল দ্ৰাবিড়ে ১৬৪ খন টেষ্টত ৫২.৩ গড়ে ১৩,২৮৮ ৰান সংগ্ৰহ কৰে। লগতে ১০,০০০ ৰানৰো সীমা অতিক্ৰম কৰে এইগৰাকী ভাৰতৰ অন্যতম সফল বেটছমেনে। বহুবাৰ নিজৰ ধৈৰ্য্যশীল বেটিঙেৰে ভাৰতীয় দলক বিজয় লক্ষ্যত উপনীত কৰোৱাত মুখ্য ভূমিকা গ্ৰহণ কৰা এইগৰাকী মৃদুভাষী ক্ৰিকেটাৰক লাভ কৰি ভাৰতীয় ক্ৰিকেট বিৱৰ্তনৰ জখলাত আৰু এঢাপ আগুৱাই যায়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen + 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments