ক্ৰীড়া ইতিহাসত আজিৰ দিনটো: সুনীল গাভাস্কাৰৰ অনাকাংক্ষিত ৰেকৰ্ডটো

অলিম্পিয়া বিশেষ

আজি ৭ জুন। ১৯৭৫ৰ চনৰ আজিৰ দিনটোতেই ক্ৰিকেটৰ মহাৰণ প্ৰথম বিশ্বকাপৰ প্ৰথমখন মেচ ইংলেণ্ডৰ লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈছিল। অফ স্পীনাৰ শ্রীনিবাসৰঘাভেন ভেংকটাৰাঘবনৰ নেতৃত্বত, সুনীল গাভাস্কাৰ, বিশ্বনাথ, ফাৰুক ইঞ্জিনিয়াৰ বিশেন সিং বেদী আদি প্ৰসিদ্ধ ক্রিকেটাৰেৰে গঠিত, তুলনামূলকভাৱে তেতিয়াৰ অনভিজ্ঞ ভাৰতীয় দলটো প্ৰথমখন মেচত ভাৰত ঘৰুৱা দল ইংলেণ্ডৰ হাতত ২০২ ৰানত পৰাজিত হৈছিল। ক্ৰিকেটৰ প্ৰথমখন বিশ্বৰণৰ প্ৰথম খোঁজত ৩৩৫ ৰানৰ লক্ষ্য অনুসৰণ কৰি তেতিয়াৰ ক্রিকেট বিশ্বৰ শিশু ভাৰতীয় দলটোৱে ৬০ অভাৰত ৩টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছিল মাত্ৰ ১৩২ৰান।

পৰৱৰ্তী সময়ত প্ৰতিভাৰ বিনিময়ত ক্ৰিকেট বিশ্বত নিজৰ নাম সোণালী আখৰেৰে খোদিত কৰা ভাৰতীয় ক্ৰিকেট তাৰকা সুনীল গাভাস্কাৰে সংগ্রহ কৰিছিল ১৭৪টা বলত মাত্ৰ ৩৬ ৰান। এয়া আছিল তেওঁৰ এক অনাকাংক্ষিত অভিলেখ। ইতিহাসত ইমান বেছি বলৰ বিনিময়ত ইমান কম সংখ্যক ৰান কৰাৰ নজিৰ আৰু নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *