Tuesday, October 4, 2022
HomeNewsঅনিশ্চয়তা আতৰ হোৱা নাই অলিম্পিক প্ৰতিযোগিতাৰ

অনিশ্চয়তা আতৰ হোৱা নাই অলিম্পিক প্ৰতিযোগিতাৰ

Olympia sports.in

সমগ্ৰ বিশ্বত কৰ’না মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰাৰ বাবেই বহু জলপনা-কল্পনাৰ অন্তত টকিঅ’ অলিম্পিক পিছুৱাই দিবলৈ বাধ্য হৈছিল আয়োজকসকলে। বিশ্বৰ বহুকেইখন ৰাষ্ট্ৰ‌ই প্ৰতিযোগিতাখনলৈ নিজৰ খেলুৱৈক পঠিয়াবলৈ অমান্তি হোৱাৰ লগতে কৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি আৰু আয়োজক জাপানে বহু বাৰ আলোচনাৰ পিছত প্ৰতিযোগিতাখন এবছৰলৈ পিছুৱাই দিয়াৰ সিদ্ধান্ত লয়। অলিম্পিকৰ ইতিহাসত এয়াই আছিল প্ৰথমটো ঘটনা। ইয়াৰ পূৰ্বে বিশ্ব যুদ্ধৰ বাবে তিনিবাৰ প্ৰতিযোগিতাখন সম্পূৰ্ণৰূপে বাতিল কৰিবলগীয়া হৈছিল।

চলিত বছৰৰ পৰা এবছৰলৈ পিছুৱাই দিয়াৰ পিছতো অৱশ্যে বিশ্বৰ এই বৃহৎ প্ৰতিযোগিতাখন অনুষ্ঠিত হোৱাক লৈ এতিয়াও অনিশ্চয়তা আতৰ হোৱা নাই। শেহতীয়াকৈ টকিঅ’ অলিম্পিকৰ চি ই অ’ Toshiro Muto ৰ এক ভাষ্য‌ই এই কথাকেই প্ৰমাণ কৰিছে।

চি ই অ’ গৰাকীয়ে আগবঢ়োৱা মন্তব্য অনুসৰি কৰ’না ভাইৰাছৰ ওপৰত অহা বছৰলৈকে নিয়ন্ত্ৰণ কৰিব পৰা যাব নে নাই সেয়া নিশ্চিত নহয়। যদি সেয়াই হয় তেনে প্ৰতিযোগিতাখন পুনৰ অনুষ্ঠিত কৰাক লৈ সমস্যাৰ সৃষ্টি হ’ব। চি ই অ’ গৰাকীৰ মতে এতিয়া তেওঁলোকে কৰ’না ভাইৰাছৰ সৈতে যুজঁ দিয়াৰ ওপৰত হে গুৰুত্ব দিছে। উল্লেখ্য যে জাপান চৰকাৰে ক’ৰনা ভাইৰাছৰ বাবেই দেশখনত জৰুৰী অৱস্থা ঘোষণা কৰিবলৈ বাধ্য হৈছে। আনহাতে অলিম্পিক প্ৰতিযোগিতাখন পিছুৱাই দিয়াক কেন্দ্ৰ কৰি আয়োজক সকল তীব্ৰ অৰ্থ সংকটত ভূগাৰো সম্ভাৱনাই দেখা দিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments