Thursday, July 7, 2022
HomeNewsটকিঅ'২০২১: যিসকল ভাৰতীয় খেলুৱৈয়ে অর্জন কৰিলে যোগ্যতা

টকিঅ’২০২১: যিসকল ভাৰতীয় খেলুৱৈয়ে অর্জন কৰিলে যোগ্যতা

অলিম্পিয়া প্রতিবেদন

আৰম্ভ হ’ল টকিঅ’ অলিম্পিকৰ কাউণ্ট ডাউন। মাজত মাথো ১১১ টা দিন। ইতিমধ্যে যোৱা ২৫ মাৰ্চত শুভাৰম্ভ হ’ল অলিম্পিক টৰ্চ ৰিলেৰো। লগে লগে অন্ত পৰিল বহুদিনীয়া এক প্ৰত্যাশাৰ। অন্ত পৰিল ইমানদিনে খেলুৱৈ, কৰ্মকৰ্তা তথা ক্ৰীড়া প্ৰেমীৰ মাজত ঘনীভূত হোৱা চৰম অনিশ্চয়তাৰ।

উল্লেখযোগ্য যে যোৱা বৰ্ষৰ জুলাই মাহত অনুষ্ঠিত হ’বলগীয়া বিশ্বৰ সবাতোকৈ বৃহৎ ক্ৰীড়া সমাৰোহখন ক’ভিড-১৯ ৰ বাবে পিছুৱাই দিবলগীয়া হৈছিল। কিন্তু পৰিস্থিতি লাহে লাহে স্বাভাৱিক হ’বলৈ ধৰাত অলিম্পিকৰ নতুন দিন ধাৰ্য কৰা হয় ২৩ জুলাই,২০২১।

অলিম্পিকলৈ দিন চমু চাপি অহাৰ লগে লগে এতিয়া উৎসুকতা বাঢ়িছে ভাৰতবাসীৰ মনতো। আগন্তুক অলিম্পিকত ভাৰতৰ প্ৰদৰ্শন কেনেকুৱা হ’ব? কেইটা পদক আজুৰি আনিবলৈ সক্ষম হ’ব ভাৰতীয় খেলুৱৈয়ে? অথবা ভাৰতৰ কোনকেইগৰাকী খেলুৱৈৰ পদক জয়ৰ সম্ভাৱনা আটাইতকৈ উজ্জ্বল? এনেবোৰ প্ৰশ্নই এতিয়া খুদুৱাই আছে ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ মনত। লগতে এই পৰ্যন্ত কোন কোন খেলুৱৈয়ে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে সেই বিষয়েও জানিবলৈ উৎসুক হৈ পৰিছে ভাৰতীয় ক্ৰীড়া অনুৰাগী। আপুনি জানেনে ২০২১ ৰ টকিঅ’ অলিম্পিকলৈ এইপৰ্যন্ত কোন কোন ভাৰতীয় খেলুৱৈয়ে যোগ্যতা অৰ্জন কৰিছে? যদি নাজানে তেন্তে আমাৰ এই প্ৰতিবেদন আপোনাৰ বাবেই।

প্ৰথমে জানো আহক, আৰ্চাৰীত কোনে কোনে যোগ্যতা অৰ্জন কৰিলে। আৰ্চাৰীৰ মেন ৰিজাৰ্ভ শাখাত ভাৰতীয় দলে বিশ্ব চেম্পিয়নশ্বিপত দেখুওৱা প্ৰদৰ্শনৰ বলত অলিম্পিকত স্থান সুনিশ্চিত কৰিছে। প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা ভাৰতীয় দলটোৰ সদস্যসকল ক্ৰমে অতনু দাস, তৰুণদীপ ৰায় আৰু প্ৰৱীন যাদৱ। ইপিনে ৱ’মেন ৰিজাৰ্ভ শাখাত এছিয়ান আৰ্চাৰী ইভেণ্টত স্বৰ্ণ জয় কৰি অলিম্পিকত স্থান সুনিশ্চিত কৰে দীপিকা কুমাৰীয়ে।

ৰেচলিঙৰ মেনছ ফ্ৰীষ্টাইলত ভাৰতৰ বজৰংগ পুনীয়া, ৰৱি কুমাৰ দহীয়া আৰু দীপক পুনীয়াই অৰ্জন কৰিছে অলিম্পিকৰ যোগ্যতা। মহিলা ৰেচলিঙত স্থান লাভ কৰা একমাত্ৰ মহিলা ৰেচলাৰগৰাকী হৈছে বিনেশ ফ’গাট।

আগন্তুক অলিম্পিকত এথলেটিকছৰ ক্ষেত্ৰখনতো ভাৰতৰ বহুকেইগৰাকীৰ মুখ দেখিবলৈ পোৱা যাব। ২০ কিঃমি ৰেচ ৱাকিঙত ২০১৯ চনৰ মাৰ্চতেই অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছিল কলথুম থোড়ী ইৰফানে। ইপিনে মহিলাৰ ২০ কিঃমি শাখাত প্ৰথমগৰাকী মহিলা ৰেচ ৱাকাৰ হিচাপে ভাৱনা জাটে স্থান সুনিশ্চিত কৰে অলিম্পিকত। ইয়াৰ পিছতো ক্ৰমে সন্দীপ কুমাৰ, প্ৰিয়ংকো গোস্বামী আৰু ৰাহুল কুমাৰে ৰেচ ৱাকিঙত ভাৰতৰ হৈ স্থান লাভ কৰে অলিম্পিকত।

৪x৪০০ মিটাৰ মিক্সড টীম ৰিলেত ২০১৯ ত অনুষ্ঠিত চেম্পিয়নশ্বিপত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে মহম্মদ এনাছ, ভিকে বিশ্যামায়া, কৃষ্ণ মেথিঅ’ আৰু ন’ৱা নিৰ্মলে স্থান সুনিশ্চিত কৰিবলৈ সক্ষম হৈছে।

৩০০ মিটাৰ ত্ৰিপলচেজত অবিনাশ চাৱলেই ৰাষ্ট্ৰীয় অভিলেখৰে টকিঅ’লৈ নিৰ্বাচিত হয়। বিপৰীতে জেভলীন থ্ৰ’ত ভাৰতৰ অন্যতম পদক প্ৰত্যাশী নীৰজ চোপ্ৰাই আগন্তুক অলিম্পিকলৈ নিৰ্বাচিত হোৱাৰ লগতে নিজৰ প্ৰথমটো অলিম্পিকত অংশগ্ৰহণ কৰিব আন এগৰাকী জেভলীন থ্ৰ’ৱাৰ শিৱপাল সিঙে।

ইপিনে লং জাম্পত ২৪ তম ছিনিয়ৰ ফেডাৰেচন কাপত অভিলেখ স্থাপনেৰে শ্ৰীশংকৰ মূৰুলীয়ে টকিঅ’ৰ বাবে যোগ্যতা অৰ্জন কৰে। সেইদৰে ডিছকাছ থ্ৰ’ত ৬৫.০৫ মিটাৰৰ দূৰত্ব অতিক্ৰম কৰি কমলপ্ৰীত কৌৰে অলিম্পিকৰ বাট মুকলি কৰে।

ভাৰতৰ বাবে শ্বুটিঙে কঢ়িয়াব পাৰে সুখবৰ। শ্বুটিঙত ভাৰতৰ ১৫ গৰাকীকৈ শ্বুটাৰে ইতিমধ্যে স্থান লাভ কৰিছে অলিম্পিকত। পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফলত দিব্যাংশ সিং পনৱাৰ আৰু দীপক কুমাৰ, মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলত অঞ্জুম মোডগিল আৰু অপূৰ্বী চান্দেলা,পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টলত সৌৰভ চৌধুৰী আৰু অভিষেক বাৰ্মা, মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলত মনু ভাকেৰ আৰু য়শশ্বিনী সিং দেশৱাল, ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচনত সঞ্জীৱ ৰাজপুট আৰু ঐশ্বয্য প্ৰতাপ সিং তোমৰ, ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচনৰ মহিলাৰ শাখাত তেজস্বিনী চাৱন্ত, ২৫ মিটাৰ মহিলাৰ পিষ্টলত ৰাহি চাৰ্নোবাট আৰু চিংকী যাদৱ আৰু পুৰুষৰ স্কীট শাখাত অংগধাৰ সিং বাজৱা আৰু মেইৰাজ আহমেদ খানে অলিম্পিকলৈ স্থান সুনিশ্চিত কৰিছে।

অলিম্পিকৰ ইতিহাসত ভাৰতৰ বাবে আটাইতকৈ অধিক পদক বুটলি অনা হকীতো পুৰুষ, মহিলা উভয় শাখাত ভাৰতীয় দলে অলিম্পিক টিকট নিশ্চিত কৰিছে।

ইপিনে বক্সিঙতো এই পৰ্যন্ত ভাৰতৰ ৯ গৰাকীকৈ খেলুৱৈয়ে স্থান সুনিশ্চিত কৰিছে। মহিলাৰ ৫১ কেজি শাখাত মেৰী কম, ৬০ কেজি শাখাত চিমৰনজিত কৌৰ, ৬৯ কেজি শাখাত লাভলীনা বৰগোঁহাই, ৭৫ কেজি শাখাত পূজা ৰাণীয়ে স্থান সুনিশ্চিত কৰাৰ বিপৰীতে পুৰুষৰ ৫২ কেজি শাখাত অমিত পংঘাল, ৬৩ কেজিত মনিষ কোশিক, ৬৯ কেজিত বিকাশ কৌশিক, ৭৫ কেজিত আশীষ কুমাৰ আৰু ৯১ কেজিত সতীষ কুমাৰে আগন্তুক অলিম্পিকত প্ৰতিদ্বন্দিতা আগবঢ়াব।

ইকুৱেষ্টিয়ানত এছিয়ান গেমছ পদক বিজয়ী ফৌৱাদ মিৰ্জাই যোগ্যতা অৰ্জন কৰিছে আগন্তুক অলিম্পিকৰ বাবে।

ইফিনে ফেন্সিঙত তামিলনাডুৰ চি এ ভৱানী দেৱীয়ে আগন্তুক অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰি অলিম্পিকত স্থান লাভ কৰা ভাৰতৰ প্ৰথমগৰাকী ফেন্সাৰ হোৱাৰ গৌৰৱ অৰ্জন কৰিছে।

টেবুল টেনিছত ভাৰতৰ শীৰ্ষস্থানৰ টেবুল টেনিছ খেলুৱৈ শৰথ কমল, মনিকা বাত্ৰা, সাথিয়া জ্ঞানশ্ৰীকৰণ আৰু সুতীৰ্থ মুখাৰ্জীয়ে টকিঅ’লৈ টিকট লাভ কৰিছে।

এনেদৰেই দেখা গৈছে প্ৰায়বোৰ খেলতেই ভাৰতৰ তাৰকা খেলুৱৈসকলে স্থান লাভ কৰিছে। এতিয়াও অৱশ্যে এনে বহু খেলুৱৈ আছে, যি নিশ্চিতভাৱে স্থান অৰ্জন কৰিব পাৰে আগন্তুক অলিম্পিকত। সেয়া যিয়েই নহওঁক, যোৱা অলিম্পিকত ৬ টা পদক লাভ কৰা ১৩৩ কোটি জনসংখ্যাৰ দেশ ভাৰতে আগন্তুক অলিম্পিকত কেইটা পদক লাভ কৰে সেয়া লক্ষণীয় হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments