অলিম্পিয়া প্রতিবেদন
অলিম্পিক প’ডিয়ামত ঠিয় হৈ তিনিটা পদকৰ এটা ডিঙিত আঁৰি ল’ব পৰাতেই জগতৰ সমস্ত সুখ থুপ খাই আছে একোজন এথলিটৰ বাবে। এথলিটৰ ডিঙিৰ ভূষণ অলিম্পিকৰ এই তিনিটা পদক। কিন্তু এইবাৰ অলিম্পিকৰ এই পদক তিনিটা কিহেৰে তৈয়াৰী জানেনে? জানিলে আচৰিত হ’ব আপুনিও। টকিঅ’ অলিম্পিকৰ স্বৰ্ণ,ৰূপ তথা ব্ৰঞ্জৰ আটাইকেইটা পদকেই এইবাৰ নিৰ্মাণ কৰা হৈছে ইলেকট্ৰনিক আৱৰ্জনাৰে।
‘টকিঅ’ ২০২০ মডেল প্ৰকল্প’ শীৰ্ষক প্ৰকল্পৰ মাধ্যমৰে অলিম্পিক আয়োজক কমিটিয়ে ২০১৭ চনতে আৱৰ্জনা সংগ্ৰহ অভিযানৰ আৰম্ভণি কৰিছিল। দুবছৰৰ সময়সীমা নিৰ্ধাৰণ কৰি এই প্ৰকল্পৰ জৰিয়তে দেশখনৰ ভিন্ন প্ৰান্তৰ পৰা পেলনীয়া তথা অব্যৱহৃত ইলেকট্ৰনিক সামগ্ৰী সংগ্ৰহত নামি পৰিছিল কমিটিয়ে গঠন কৰি দিয়া এটা ছাত্রৰ দল। ক্রীড়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক এই অভিযানত চামিল কৰা হৈছিল। মূলতঃ পেলনীয়া স্মাৰ্টফোন, লেপটপ ইত্যাদি দেশখনৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰা হৈছিল। জাপানৰ প্ৰায় ৯০ শতাংশ গাঁও, চহৰত এই সময়ছোৱাত ড’নেশ্বন কেম্প স্থাপন কৰা হৈছিল। সেই বিশেষ কেম্পত লোকসকলে তেওঁলোকৰ ঘৰৰ পেলনীয়া ইলেকট্ৰনিক আৱৰ্জনাবোৰ জমা কৰিছিল। এনেদৰেই সকলোৰে সামূহিক প্ৰচেষ্টাত এইবাৰৰ অলিম্পিকত প্ৰায় ৫,০০০ স্বৰ্ণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক তৈয়াৰ কৰা হৈছিল।
উল্লেখযোগ্য যে জাপানেই প্ৰথমখন অলিম্পিক আয়োজক দেশ য’ত সকলোবোৰ পদক এনেধৰণৰ আৱৰ্জনাৰে তৈয়াৰ কৰা হৈছে। অৱশ্যে ইয়াৰ আগতে ২০১৬ৰ ৰিঅ’ অলিম্পিকতো ৩০ শতাংশ ৰূপ আৰু সোণৰ পদক গাড়ীৰ অংশৰে প্ৰস্তুত কৰা হৈছিল।।