Wednesday, October 5, 2022
HomeNewsধৰ্মীয় বিশ্বাসক সন্মান; টকিঅ'অলিম্পিকত থাকিব ভ্ৰাম্যমাণ মছজিদ

ধৰ্মীয় বিশ্বাসক সন্মান; টকিঅ’অলিম্পিকত থাকিব ভ্ৰাম্যমাণ মছজিদ

সমাগত টকিঅ’অলিম্পিক। প্ৰতিযোগিতাখন সফল কৰিবলৈ আয়োজক দেশ জাপানে বিভিন্ন কাৰ্যব্যৱস্থা হাতত লৈছে। প্ৰতিযোগিতাখনত ভাগলবলৈ অহা বিভিন্ন দেশৰ, বিভিন্ন ধৰ্মাৱলম্বী এথলীটৰ ধৰ্মীয় বিশ্বাসৰ প্ৰতি সন্মান জনাই আয়োজক দেশ জাপানে ধৰ্মীয় ৰীতি-নীতিক সন্মান প্ৰদৰ্শন কৰিছে। দেশখনত অনুষ্ঠিত হবলৈ আগবঢ়া অলিম্পিকত ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ বাবে নিৰ্মাণ কৰি ওলিয়াইছে ভ্ৰাম্যমাণ মছজিদ। প্ৰতিযোগিতাৰ সময়ছোৱাত সময়মতেই নামাজত অংশগ্ৰহণ কৰিব পাৰে তাৰ বাবে আযোজক সকলে গুৰুত্ব প্ৰদান কৰি এই ব্যৱস্থা হাতত লৈছে। প্ৰতিযোগিতাখনৰ সময়ছোৱাত ইছলাম ধৰ্মাৱলম্বী এথলীট সকলে ইচ্ছামতে নামাজত অংশগ্ৰহণ কৰিব পাৰে তাৰ বাবে প্ৰতিটো ভেন্যুৰ বাবে সাজু কৰি তোলা হৈছে বহু কেইটা ভ্ৰাম্যমাণ মছজিদ। প্ৰতিটো মছজিদ নিৰ্মাণ কৰা হৈছে একো একোখন বৃহত ট্ৰাকত। ৪৮ স্কোৱেৰ মিটাৰৰ এই বৃহত মছজিদ সমূহ প্ৰয়োজন সাপেক্ষে সম্প্ৰসাৰিত কৰিব পৰাৰো ব্যৱস্থা কৰা হৈছে। নামাজত অংশগ্ৰহণ কৰাৰ প্ৰাকমূহূৰ্তত এথলীটসকলে যাতে নিজকে পৰিস্কাৰ কৰি লব পাৰে তাৰ বাবে পানীকে ধৰি সকলো বস্তুৰে যোগাৰ কৰি ৰখা হৈছে। এই ভ্ৰাম্যমাণ মছজিদ অলিম্পিক প্ৰতিযোগিতাৰ সকলো ভেন্যুতে উপলব্ধ হব। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা সমাগম হোৱা সকলো ধৰ্মাৱলম্বী এথলীটৰ ধৰ্মীয় বিশ্বাসৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিয়েই আয়োজক দেশ জাপানে এই ব্যৱ্স্থা হাতত লৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 + eleven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments