Tuesday, October 4, 2022
HomeNewsঅহা বৰ্ষতো কৰ'নাক প্ৰতিহত কৰিব নোৱাৰিলে বাতিল হ'ব অলিম্পিক: য়'শ্বিৰ' ম'ৰী

অহা বৰ্ষতো কৰ’নাক প্ৰতিহত কৰিব নোৱাৰিলে বাতিল হ’ব অলিম্পিক: য়’শ্বিৰ’ ম’ৰী

অলিম্পিয়া বাৰ্তা

২০২১ বৰ্ষতো যদি কৰ’না ভাইৰাছক নিয়ন্ত্ৰণ কৰিব পৰা নাযায়, তেন্তে অলিম্পিক বাতিল কৰা হ’ব। এই কথা ঘোষণা কৰিছে অলিম্পিক আয়োজক কমিটিৰ অধ্যক্ষ য়’শ্বিৰ’ ম’ৰীয়ে।

আয়োজক কমিটিৰ অধ্যক্ষ ম’ৰী

নিক্কন স্পৰ্টছৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত ম’ৰীক সোধা হৈছিল যদি ২০২১ বৰ্ষতো কৰোনাক নিয়ন্ত্ৰণ কৰিব পৰা নাযায় তেন্তে পুনৰ অলিম্পিক পিছুৱাই দিয়া হ’ব নেকি? এই সন্দৰ্ভত অধ্যক্ষজনে কয় যে অলিম্পিক পুনৰ পিছুৱাই দিয়াৰ সম্ভাৱনা নাই। যদি ২০২১ লৈ কৰোনাৰ সংক্ৰমণ ৰোধ কৰিব পৰা নাযায়, তেন্তে টকিঅ’ অলিম্পিক বাতিল কৰা হ’ব।

উল্লেখযোগ্য যে সমগ্ৰ বিশ্ব কৰ’নাৰ কবলত পৰাৰ বাবেই বিশ্বৰ বৃহৎ ক্ৰীড়া প্ৰতিযোগিতাসমূহ স্থগিত ৰখা হৈছে। বহুকেইখন প্ৰতিযোগিতা ইতিমধ্যে বাতিলো কৰা হৈছে। বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিকো ২০২১ বৰ্ষলৈ পিছুৱাই দিয়া হৈছে। ২০২১ বৰ্ষৰ জুলাইৰ ২৩ ৰ পৰা ৮ আগষ্টলৈ নিৰ্ধাৰণ কৰা হৈছে অলিম্পিকৰ নতুন সময়সূচী।

অৱশ্যে এয়া এতিয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিছে অনাগত সময়ত কৰ’নাক কিদৰে প্ৰতিহত কৰা হয় তাৰ ওপৰত।

বৰ্তমানলৈ এই পৰ্যন্ত বিশ্বৰ প্ৰায় ৩০ লক্ষ লোক কৰ’নাৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু প্ৰায় দুই লাখ দহ হাজাৰ লোক ইয়াৰ ফলত মৃত্য মুখত পৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments