Tuesday, October 4, 2022
HomeNewsটকিঅ' পেৰালিম্পিক: কিয় বিনোদ কুমাৰে হেৰুৱাবলগীয়া হ'ল ইতিপূৰ্বে লাভ কৰা ব্ৰঞ্জৰ পদক?

টকিঅ’ পেৰালিম্পিক: কিয় বিনোদ কুমাৰে হেৰুৱাবলগীয়া হ’ল ইতিপূৰ্বে লাভ কৰা ব্ৰঞ্জৰ পদক?

অলিম্পিয়া প্রতিবেদন

টকিঅ’ত উজলিছে ভাৰতীয় পেৰা এথলিট। টকিঅ’ পেৰালিম্পিকত ভাৰতীয় খেলুৱৈসকলৰ চমকপ্ৰদ সাফল্য। তাকে লৈ উৎফুল্লিত দেশৰ ক্রীড়াপ্ৰেমী। ইজনৰ পিছত সিজন খেলুৱৈৰ ক্রীড়া কুশলতাই দেশক উপহাৰ দিছে ইটোৰ পিছত সিটোকৈ পদক। টেবুল টেনিছত ভাবিনা পেটেলৰ ৰূপৰ পদকৰে টকিঅ’ত আৰম্ভ হৈছিল ভাৰতৰ জয়যাত্ৰা। ইয়াৰ পিছতেই পেৰা এথলিটৰ বিজয়ৰ খবৰে প্ৰতি মুহূৰ্ততে সংবাদ শিৰোনাম দখল কৰিছে।

দেওবাৰে ভাবিনাৰ বাহিৰেও ভাৰতৰ আন দুগৰাকী পেৰা এথলিতো উজলি উঠে টকিঅ’ত। উক্ত দিনটোত পুৰুষৰ হাই জাম্পৰ টি ৪৭ শাখাত ২১ বছৰীয়া পেৰা এথলীট নিশাদ কুমাৰে ৰূপৰ পদক আৰু এফ ৫২ শাখাৰ ডিছকাছ থ্ৰ’ত বিনোদ কুমাৰে লাভ কৰিছিল ব্ৰঞ্জৰ পদক। সোমবাৰেও আগবেলালৈকে ভাৰতৰ চাৰিগৰাকী খেলুৱৈয়ে কঢ়িয়াই আনিছে পেৰালিম্পিক পদক।

অৱশ্যে ইয়াৰ মাজতেই টকিঅ’ৰ পৰা ভাৰতীয় ক্রীড়াপ্ৰেমীৰ বাবে আহিছে এটা বেয়া খবৰ। দেওবাৰে ডিছকাছ থ্ৰ’ত ব্ৰঞ্জৰ পদক লাভ কৰা বিনোদ কুমাৰৰ পদকটো নাকচ কৰিছে পেৰালিম্পিক বিচাৰক মণ্ডলীয়ে। উল্লেখযোগ্য যে বিকাৰৰ শ্ৰেণীবিভাজনৰ পুনৰীক্ষণ কমিটিয়ে বিনোদ কুমাৰক অযোগ্য ঘোষণা কৰে।

উল্লেখযোগ্য যে বিনোদে অংশ লোৱা এফ ৫২ শাখাত প্ৰতিবন্ধকতাৰ যিসমূহ লক্ষণ এগৰাকী প্ৰতিযোগীৰ থাকিব লাগে,সেই সকলোবোৰ লক্ষণৰ উপস্থিতি বিনোদ কুমাৰৰ নাই বুলি প্ৰমাণ হোৱাৰ পিছতে পেৰালিম্পিকত পদক হেৰুৱায় ভাৰতৰ এইগৰাকী পেৰা এথলিটে। মন কৰিবলগীয়া যে, এফ ৫২ ত সেইসকল এথলিটেহে ভাগ লয় যাৰ মাংসপেশীৰ ক্ষমতা দুৰ্বল তথা গতি সীমিত। যাৰ হাত বিকাৰগ্ৰস্ত হয়। লগতে ভৰি চুটি হয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments