Friday, September 30, 2022
HomeNewsকেন্দ্ৰীয় চৰকাৰৰ টাৰ্গেট অলিম্পিক পডিয়াম আঁচনি: স্থানলাভ অসমৰো কেইবাগৰাকী খেলুৱৈৰ

কেন্দ্ৰীয় চৰকাৰৰ টাৰ্গেট অলিম্পিক পডিয়াম আঁচনি: স্থানলাভ অসমৰো কেইবাগৰাকী খেলুৱৈৰ

অলিম্পিয়া বাৰ্তা

অলিম্পিকত ভাৰতৰ প্ৰদৰ্শন দীৰ্ঘদিন ধৰি বৰ সন্তোষজনক নহয়। ১৩৮ কোটি জনসংখ্যাৰ দেশখনে সাধাৰণতে তিনি-চাৰিটা পদকতে সন্তুষ্ট থাকিবলগীয়া হয়। ভাৰতে দুটা ৰূপ আৰু ৪ টা ব্ৰঞ্জৰ পদকৰে লণ্ডন অলিম্পিকত সৰ্বাধিক ছটা পদক লাভ কৰিছিল। সেয়াই আছিল কোনো এটা অলিম্পিকত ভাৰতৰ সৰ্বোকৃষ্ট প্ৰদৰ্শন। অলিম্পিকত ভাৰতৰ বিফলতাৰ ধাৰাবাহিকতাৰ অন্ত পেলাবলৈ ক্ৰীড়া বিভাগে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ পৰিলক্ষিত হৈছে। সেই অনুসৰি ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ চমুকৈ ছাই’য়ে গ্ৰহণ কৰিছে টাৰ্গেট অলিম্পিক পডিয়াম শীৰ্ষক আঁচনি।

এই আঁচনিৰ অন্তৰ্গত জুনিয়ৰ পৰ্যায়ৰ ভাৰতৰ আগশাৰীৰ এথলিটসকলক চিনাক্ত কৰি উলিয়াই ২০২৪ আৰু ২০২৮ ৰ অলিম্পিকলৈ তেওঁলোকক বিশেষভাৱে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিছে কেন্দ্ৰীয় প্ৰতিষ্ঠানটোৱে। বিশেষভাবে চলাবলগীয়া প্ৰস্তুতিৰ বাবে তেওঁলোকক মাহিলী আগবঢ়োৱা হ’ব ২৫,০০০ টকাকৈ।

ইতিমধ্যে এই আঁচনিৰ অন্তৰ্গত দেশৰ ১২ টাকৈ ক্ৰীড়াৰ ২৫৮ গৰাকী এথলিট নিৰ্বাচিত কৰি উলিওৱা হৈছে। এই তালিকাত আছে অসমৰো কেইবাগৰাকী প্ৰতিভাৱান খেলুৱৈ।

আৰ্চাৰীত অসমৰ সঞ্জয় বড়ো আৰু প্ৰমিলা ব্ৰহ্ম, বেডমিণ্টনত অস্মিতা চলিহা, বক্সিঙত যমুনা বড়ো, অংকুশিতা বড়ো, জুড’ত পূজা বসুমতাৰী, শ্বুটিঙত হৃদয় হাজৰিকা আৰু ভাৰত্তোলনত সিদ্ধান্ত গগৈৰ নাম এই তালিকাত অন্তৰ্ভূক্ত হৈছে।

উল্লেখযোগ্য যে এই তালিকাত এথলেটিকছৰ ১৬ গৰাকী, ৩৪ গৰাকী আৰ্চাৰীৰ, ২৭ গৰাকী বেডমিণ্টনৰ, চাইক্লিঙৰ ৪ গৰাকী, টেবুল টেনিছৰ ৭ গৰাকী, শ্বুটিঙৰ ৭০, সাঁতোৰৰ ১৪, জুড’ৰ ১১, বক্সিঙৰ ৩৬, ভাৰত্তোলনৰ ১৬, ৰোয়িঙৰ ৫ আৰু মল্লযুঁজৰ ১৮ গৰাকী খেলুৱৈৰ নাম অন্তৰ্ভুক্ত হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 + sixteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments