Tuesday, October 4, 2022
HomeNewsএদিনীয়াত সৰ্বাধিক সংখ্যক অৰ্ধ শতক অর্জন কৰা ছয় গৰাকী ক্ৰিকেটাৰ; আছে দুগৰাকী...

এদিনীয়াত সৰ্বাধিক সংখ্যক অৰ্ধ শতক অর্জন কৰা ছয় গৰাকী ক্ৰিকেটাৰ; আছে দুগৰাকী ভাৰতীয়ও

অলিম্পিয়া বিশেষ প্ৰতিবেদন

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শতক অর্জন কৰাটো এক গৌৰৱৰ কথা। শতক অর্জনকাৰীৰ নাম বৰ বৰ হৰফেৰে লিখা ৰয় কাকতত। কোনো টেলিভিছনৰ ব্ৰেকিং নিউজ হয় শতক অর্জনকাৰী। একোটা শতকে একোখন খেলৰ ৰং সলাই দিব পাৰে।শতকৰ সমানে অৰ্ধ শতকীয় ইনিংছ একোটাৰো ক্ৰিকেট গুৰুত্ব আছে। এদিনীয়াই হওঁক অথবা টেষ্ট মেচেই হওক অৰ্ধ শতক একোটায়ো এখন খেলত দিক নিৰ্ণায়ক ভূমিকা ল’ব পাৰে। এনেকুৱা বহু উদাহৰণ ক্ৰিকেটৰ পাতত আছে য’ত একোটা অৰ্ধ শতকীয় ইনিংছে এটা দলক জয়ৰ মুখ দেখুৱাইছে। বহু খেলুৱৈৰে অৰ্ধ শতক অর্জনৰ পাছত ইচ্ছা জাগে শতক সম্পূৰ্ণ কৰিবলৈ। কিন্তু আধা বাটতে বহুজনে উইকেট হেৰুৱাই অৰ্ধ শতকীয় ইনিংছতে সন্তুষ্ট থাকিব লগীয়া হয়। আহক চোন এদিনীয়া ক্রিকেটত, এনেদৰে সৰ্বাধিক সংখ্যক অৰ্ধ শতক অর্জন কৰা শীৰ্ষ ছয় গৰাকী খেলুৱৈৰ বিষয়ে জানো।

৬) ৰিকী পণ্টিং,৮২:

অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ এগৰাকী অন্যতম সফল অধিনায়ক ৰিকী পণ্টিং এগৰাকী সফল বেটছমেনো। এদিনীয়াত তেওঁৰ নামত আছে ৩০ টাকৈ শতক। কিন্তু ক্ৰিকেটাৰগৰাকীয়ে জীৱনত যিমান সংখ্যক অৰ্ধ শতক অর্জন কৰিছে তাৰ আধাও যদি শতকলৈ ৰূপান্তৰ কৰিব পাৰিলেহেঁতেন তেন্তে সেয়া আন এক বিশ্ব অভিলেখ হ’লহেঁতেন। ৩৭৫ খন মেচ খেলা পণ্টিঙে ৮২ টা অৰ্ধ শতক কৰিবলৈ সক্ষম হৈছে। সৰ্বমুঠ ৰান সংগ্ৰহ কৰিছে ১৩,৭০৪।

৫) ইনজামাম উল হক,৮৩:

পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ইনজামাম উল হক এই তালিকাৰ পঞ্চম স্থানত আছে। তেওঁ পাকিস্তানৰ এগৰাকী অন্যতম সফল বেটছমেন আছিল। কেৰিয়াৰৰ ৩৭৮ খন মেচত ১১,৭৩৯ ৰান সংগ্ৰহ কৰা ইনজামাম উল হকৰ নামত আছে ৮৩ টা অৰ্ধ শতক। ১০ টা শতকীয় ইনিংছ উপহাৰ দিছিল তেওঁ পাকিস্তানক।

৪) ৰাহুল দ্ৰাবিড়,৮৩ টা:

ভাৰতৰ ধ্ৰুপদী বেটছমেন ৰাহুল দ্ৰাবিড়ৰ আছে তালিকাৰ চতুৰ্থ স্থানত। দ্য ৱাল ৰূপে পৰিচিত ৰাহুল দ্ৰাবিড় দলক বিপদৰ মুখৰ পৰা উদ্ধাৰ কৰাৰ বাবে বিখ্যাত। তেওঁ ৩৪৪ খন এদিনীয়া আন্তৰ্জাতিকত ১০,৮৮৯ ৰান সংগ্ৰহ কৰিছে। ১২ টাকৈ শতক অর্জন কৰা দ্ৰাবিড়ে নিজৰ কেৰিয়াৰত ৮৩ টা অৰ্ধ শতক অর্জন কৰিবলৈ সক্ষম হৈছিল।

৩) জেকছ কালিছ,৮৬:

বিশ্বৰ সৰ্বকালৰ সফল অল ৰাউণ্ডাৰ হৈছে জেকছ কালিছ। দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ গৰাকী বহু যুঁজৰ নায়ক। ৩২৮খন এদিনীয়া আন্তৰ্জাতিকত ভাগ লৈ তেওঁ সংগ্ৰহ কৰিছিল ১১,৫৭৯ ৰান। ১৭ টা শতকৰ লগতে অর্জন কৰিছিল ৮৬ টাকৈ অৰ্ধ শতক।

২)কুমাৰ ছাংগাকাৰা,৯৩:

শ্ৰীলংকাৰ অন্যতম সফল বেটছমেন কুমাৰ ছাংগাকাৰা আছে এই তালিকাৰ দ্বিতীয় স্থানত। ছাংগাকাৰাই ৪০৪ খন এদিনীয়াত অংশগ্ৰহণ কৰি ১৪,২৩৪ ৰান কৰিবলৈ সক্ষম হৈছিল। এই ৰান সংগ্ৰহ কৰোঁতে তেওঁ অর্জন কৰিছিল ২৪ টা শতক আৰু ৯৩ টা অৰ্ধ শতক।

১) শচীন টেণ্ডুলকাৰ,৯৬:

বিশ্বৰ মহানতম ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰ স্বাভাৱিকতেই এই তালিকাৰ প্ৰথম স্থানত আছে। এদিনীয়া ক্ৰিকেটত সৰ্বোচ্চ ৰান সংগ্ৰহকাৰী মাষ্টাৰ ব্লাষ্টাৰগৰাকীয়ে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত সম্পূৰ্ণ কৰিছে ১০০ টাকৈ শতক। তেওঁ খেলিছিল ৪৬৩ খন এদিনীয়া। ৰান সংগ্ৰহ কৰিছিল ১৮,৪২৬। ৪৯ টা শতক আৰু অৰ্ধ শতক অর্জন কৰিছিল ৯৬ টা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments