Friday, September 30, 2022
HomeNewsকাৰ্বি আংলঙৰ ৰজাপথাৰ চামগাঁৱত পৰম্পৰাগত খেল-ধেমালি

কাৰ্বি আংলঙৰ ৰজাপথাৰ চামগাঁৱত পৰম্পৰাগত খেল-ধেমালি

অলিম্পিয়া প্ৰতিবেদন, ডিফু

কোনোবাই বস্তা পিন্ধি দৌৰিছে । সাৱধানতাৰ বাবে মূৰত পিন্ধাই দিয়া হৈছে হেলমেট । কোনোৱে পানী ভৰ্তি চৰুৰ পৰা মুখেৰে বিচাৰিছে আপেল । পৰম্পৰাগত খেল ধেমালিত অংশ লৈছে এখন সমাজে, এখন গাঁৱে । দৰ্শকৰ আনন্দ উলাহত মুখৰিত কাৰ্বি আংলং জিলাৰ ৰজাপথাৰ চামগাঁৱৰ খেলপথাৰ ।

অসমৰ সাতমপুৰুষীয়া জনগোষ্ঠীৰ ভিতৰত অন্যতম তীৱা জনগোষ্ঠী । সংস্কৃতিৰ পথাৰত চহকী এই জনগোষ্ঠী । এই জনগোষ্ঠীটোৰ মাজত অতীজৰে পৰা চলি আহিছে বিভিন্ন ধৰণৰ পৰম্পৰাগত খেল-ধেমালী । উৎসৱ পাৰ্বনত সেই খেল -ধেমালী কৰি আনন্দ উপভোগ কৰে তেওঁলোকে । তেনে এক দৃশ্যই আজি অনা হৈছে আপোনালোকৰ মাজলৈ ।যি দৃশ্যই আপোনাক পুলকিত কৰিব, ঘূৰাই লৈ যাব অতীতৰ দিনবোৰলৈ ।
এই দৃশ্য কাৰ্বি আংলং জিলাৰ ৰজাপথাৰ চামগাঁও খেলপথাৰৰ । পৰম্পৰাগত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে এই সকল ৰাইজে । আনন্দৰ কোলাহলত মুখৰিত হৈছে খেলৰ মৈদান ।
যোৱা ১৭ আৰু ১৮ জানুৱাৰীত ছালছত পিচু অৰ্থাৎ তিৱাসকলৰ ভোগালী বিহু উপলক্ষে ৰজাপথাৰ চামগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে তিৱা জনগোষ্ঠীয় পৰম্পৰাগত খেল ধেমালী প্ৰতিযোগিতাৰ আয়োজন কৰা হয় | টেকেলি ভঙা, বস্তা পিন্ধি দৌৰা, হাঁহ ধৰা, কলগছত বগুৱা, পানী ভৰাই থোৱা চৰুৰ পৰা মুখেৰে আপেল খোৱা আদিকে ধৰি বিভিন্ন খেল ধেমালিৰ প্ৰতিযোগিতা এই দুদিনত দেখিবলৈ পোৱা গ’ল | উত্তৰ পূৰ্বাঞ্চল লোককল্যাণ সমিতি, কণ্ঠীচুৰী অকুৰাই তখ‌্ৰা ,পূৰ্বোত্তৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আৰু চামগাঁও যুৱ সংঘৰ সহযোগিতাত এই তিৱা জনগোষ্ঠীয় পৰম্পৰাগত খেল ধেমালী
প্ৰতিযোগিতাৰ আয়োজন কৰা হয় | দৈনন্দিন জীৱনৰ ব্যস্ততাৰ পৰা আঁতৰি কিছু ধেমালি কৰাৰ উদ্দেশ্যে ভোগালী বিহুত আয়োজন কৰা হয় এই পৰম্পৰাগত খেল ধেমালী | এই প্ৰতিযোগিতাৰ মাজেদি হেৰাই যাব ধৰা পৰম্পৰাগত বহু খেল ধেমালী দেখিবলৈ পোৱা যায় |

সঁচাকৈ অনন্য অসমৰ জনগোষ্ঠীয় পৰম্পৰাগত খেল-ধেমালী। সময় আহি পৰিছে এই খেলসমূহে নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰাৰ । এনে আপুৰুগীয়া খেলসমূহক জীয়াই ৰক্ষাৰ স্বাৰ্থত তীৱাসকলে যি পদক্ষেপ লৈ আহিছে, সি নিশ্চয় প্ৰশংসনীয় । অসমত এনে বহু পৰম্পৰাগত খেল আছে । যি পাহৰণিৰ গৰ্ভত লীন হোৱাৰ পথত । ক্ৰীড়া অনুৰাগীৰ কামনা– উপযুক্ত পদক্ষেপ গ্ৰহণৰে পুনৰ জাগ্ৰত হৈ উঠক অসমৰ পৰম্পৰাগত খেলসমূহ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments