Tuesday, October 4, 2022
HomeNewsকাৰ্বি সমাজৰ নিংকান কিমি অথাৎ নৱবৰ্ষ উদযাপন, ৰজাপথাৰ তেৰাং গাঁৱত পৰম্পৰাগত খেল-ধেমালি

কাৰ্বি সমাজৰ নিংকান কিমি অথাৎ নৱবৰ্ষ উদযাপন, ৰজাপথাৰ তেৰাং গাঁৱত পৰম্পৰাগত খেল-ধেমালি

✍️ সিদ্ধাৰ্থ পাটৰৰ প্ৰতিবেদন

ৱান, টু, থ্ৰি বুলি কোৱাৰ লগে লগেই দৌৰিছে এজাক কণমাণি শিশুৱে, দৌৰিছে এজাক যুবতীয়ে । কোনোৱে ধনু -বাটলুগুটিৰে খেলিছে খেল । পৰম্পৰাগত খেলত অংশ লৈছে এখন গাঁৱে, এখন সমাজৰ ৰাইজে । কাৰ্বি আংলং জিলাৰ ৰজাপথাৰ তেৰাং গাঁৱত এক উখল মাখল পৰিবেশ । আবাল-বৃদ্ধ-বনিতাৰ হৰ্ষ উল্লাসত মুখৰিত খেলৰ মৈদান ।
কাৰৰ্বি সমাজে ১ ফেব্ৰুৱাৰী দিনটো নিংকান কিমি অৰ্থাৎ নববৰ্ষ হিচাপে উদযাপন কৰি আহিছে । নববৰ্ষৰ লগত সংগতি ৰাখি কাৰ্বি আংলং জিলাৰ বিভিন্ন স্থানৰ লগতে ৰজাপথাৰ তেৰাং গাঁৱতো চলিছে বিশেষ আয়োজন । মঙ্গলবাৰে নববৰ্ষক সাদৰেৰে আদৰিবলৈ ওলাই আহিল সমগ্ৰ কাৰ্বি সমাজ ।
অঞ্চলটোৰ কাৰ্বি ৰাইজে মিলি প্ৰথমে নীতি-নিয়মেৰে বছৰটো সুকলমে যোৱাৰ বাবে পূজা অৰ্চনা কৰে । ইয়াৰ পাছত অনুষ্ঠিত হ’ল বিভিন্ন পৰম্পৰাগত খেল-ধেমালি । অঞ্চলটোৰ বয়োজ্যেষ্ঠ, ডেকা-গাভৰু, বোৱাৰী -জীয়াৰী, কণ কণ শিশুসকলে অংশ ললে এই প্ৰতিযোগিতাত । ৰচি টনা, পাৰ -পুখুৰী, মিউজিকেল চেয়াৰ, বেথালী কেআপ অৰ্থাৎ ধনু-বাটলুগুটি আদিকে ধৰি বিভিন্ন খেল-ধেমালি এই বিশেষ দিনটোত দেখিবলৈ পোৱা গ’ল
। উলহ-মালহেৰে ৰজাপথাৰৰ তেৰাং গাঁৱৰ সকলো ৰাইজে উপভোগ কৰিলে এই খেল-ধেমালি ।

উল্লেখযোগ্য যে, কাৰ্বি সমাজে প্ৰতিবছৰে এক ফ্ৰেব্ৰুৱাৰী দিনটো নবৰ্বষ হিচাপে পালন কৰি আহিছে । পৰম্পৰাগত খেল ধেমালিৰে সম্প্ৰীতিৰ দোলডাল অধিক শক্তিশালী কৰাৰ চেষ্টা তেওঁলোকৰ । ক্ৰীড়াপ্ৰেমীয়ে আশা কৰিব–নিংকান কিমিয়ে ৰাজ্যলৈ কঢ়িয়াই আনক শান্তিৰ বাৰ্তা । লগতে এনে পৰম্পৰাগত খেল ধেমালিৰে উজ্জীৱিত কৰি ৰাখক অসমৰ সাতমপুৰুষীয়া ক্ৰীড়াৰ ইতিহাস ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments