Thursday, July 7, 2022
HomeNewsকাইলৈ বৰটিলাৰ মনোৰোম পৰিৱেশৰ মাজত অনুষ্ঠিত হ'ব ট্ৰেইল ৰান

কাইলৈ বৰটিলাৰ মনোৰোম পৰিৱেশৰ মাজত অনুষ্ঠিত হ’ব ট্ৰেইল ৰান

অলিম্পিয়া প্ৰতিবেদন

কেইগৰাকীমান ক্ৰীড়ানুৰাগী উদ্যমী লোকৰ প্ৰচেষ্টাত গুৱাহাটীৰ বৰটিলা পাহাৰৰ মনোমোহা পৰিৱেশৰ মাজত কাইলৈ অনুষ্ঠিত হ’ব Garmin Watch ট্ৰেইল ৰানিং প্ৰতিযোগিতা।

প্ৰতীক্ষা চিকিৎসালয়ৰ কাষতে থকা হেঙেৰাবাৰী পাহাৰস্থিত মাংকী টেম্পল ট্ৰেইলত এই ৰেচৰ আয়োজন কৰা হৈছে। পুৱা ৬ বজাত আৰম্ভ হ’বলগীয়া এই ট্ৰেইল ৰানত ভাৰতৰ আগশাৰীৰ বহুকেইজন ট্ৰেইল ৰানাৰে অংশ ল’ব। বিপুল সাতনামি, নৱ ডেকাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু সুনীল চিন্তেয়ো ভাগ ল’বলগীয়া এই ট্ৰেইল ৰানক লৈ ৰাজ্যৰ দুঃসাহসিক ক্ৰীড়াবিদ তথা ক্ৰীড়ানুৰাগীসকলৰ মাজত উৎসাহ উদ্দীপনা দেখা পৰিলক্ষিত হৈছে।

কি এই ট্ৰেইল ৰান?: কেৱল অসমতেই নহয়, ভাৰততো এই ট্ৰেইল ৰানিঙৰ ধাৰণা নতুন। ট্ৰেইল ৰানিং হৈছে সচৰাচৰ হোৱা দৌৰতকৈ পৃথক। মূলতঃ পাহাৰৰ ওখোৰা-মোখোৰা পথেদি এই ৰেচ আয়োজন কৰা হয়। স্বাভাৱিক দৌৰতকৈ এই দৌৰ কাৰিকৰী। এই দৌৰত কাৰিকৰী কিছু কথাও থাকে। পাহাৰৰ ওখোৰা-মোখোৰা পথত অপ্ৰত্যাশিত হয় এনেবোৰ দৌৰ।

গুৱাহাটীৰ বৰবাৰীত দেশৰ আগশাৰীৰ ক্ৰীড়া সামগ্ৰী নিৰ্মাতা Garmin Watch নতুনকৈ বিপনি খোলাৰ পৰিপ্ৰেক্ষিতত অনুষ্ঠিত কৰিব লগীয়া প্ৰতিযোগিতাখনৰ আয়োজনৰ আঁৰত আছে অসমত স্প’কহাব, পেডেল ফৰ চেঞ্জ আৰু Whacky Talky । স্প’কহাব প্ৰতিষ্ঠানৰ পৰা আৰম্ভ হ’বলগীয়া এই ট্ৰেইল ৰানৰ অন্ত পৰিব প্ৰতীক্ষা চিকিৎসালয়ত। প্ৰতিযোগিতাৰ বিজয়ীসকললৈ আগবঢ়োৱা হ’ব Garmin ৰ তৰফৰ পৰা Garmin ঘড়ী, নগদ ধনৰ লগতে উপহাৰ কুপন।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 − three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments