Tuesday, October 4, 2022
HomeNewsলকডাউনৰ পিছতেই দেশৰ আগশাৰীৰ এথলিটসকলৰ প্ৰশিক্ষণ আৰম্ভ হ'ব- কিৰেন ৰিজিজু

লকডাউনৰ পিছতেই দেশৰ আগশাৰীৰ এথলিটসকলৰ প্ৰশিক্ষণ আৰম্ভ হ’ব- কিৰেন ৰিজিজু

অলিম্পিয়া বাৰ্তা

কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেন ৰিজিজুই লকডাউনৰ পিছতেই দেশৰ আগশাৰীৰ এথলিট সকলৰ প্ৰশিক্ষণ কাৰ্য্যসূচী আৰম্ভ হোৱাৰ ইংগিত প্ৰদান কৰিছে। ক্ৰীড়াবিদ সকলক ধৈৰ্য্য বজাই ৰাখিবলৈ পৰামৰ্শ দি ক্ৰীড়া মন্ত্ৰীজনে পূৰ্বৰ দৰেই খেলুৱৈসকলৰ স্বাস্থ্যৰ দিশটোহে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে অহা ১৭ মাৰ্চলৈকে অব্যাহত থাকিব লগা এই লকডাউনৰ সময়সীমা ইতিমধ্যে দুবাৰকৈ বঢ়োৱা হৈছে।

” যেতিয়া লকডাউন সম্পূৰ্ণৰূপে উঠাই লোৱা হ’ব, তেতিয়াই আমাৰ আগশাৰীৰ এথলিটসকলৰ প্ৰশিক্ষণ সূচীৰ আৰম্ভ কৰা হ’ব। মই সকলো ক্ৰীড়াবিদ তথা ক্ৰীড়াসন্থাক এই ক্ষেত্ৰত হুৰমুৰ নকৰিবলৈ আহ্বান জনাইছোঁ কাৰণ খেলুৱৈসকলৰ স্বাস্থ্যহে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ।” ক্ৰীড়া মন্ত্ৰীজনে টুইটাৰযোগে উল্লেখ কৰে।

কৰোনাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ চমুকৈ ছাইত নেচনেল কেম্পৰ প্ৰশিক্ষণ কাৰ্যসূচী মাৰ্চ মাহৰ মাজ ভাগৰ পৰাই বন্ধ হৈ আছে।

ইয়াৰ আগতে ৩ মে তাৰিখে ৰিজুজুই উল্লেখ কৰিছিল যে অলিম্পিকলৈ নিৰ্বাচিত তথা অলিম্পিকলৈ যোৱাৰ সম্ভাৱনা থকা খেলুৱৈসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী মে’ৰ শেষ ভাগৰ পৰা আৰম্ভ হ’ব।

উল্লেখযোগ্য যে ভাৰতৰ ট্ৰেক আৰু ফিল্ডৰ এথলিটসকলে কেন্দ্ৰীয় চৰকাৰক অনুশীলন কেন্দ্ৰৰ ভিতৰতে অনুশীলন কৰিবলৈ সন্মতি দিবলৈ আহ্বান জনাই আহিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 + one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments