Monday, May 16, 2022
HomeNewsট্ৰাক চালকৰ সৈতে অলিম্পিক পদকৰ সম্পৰ্ক কি; হুকহুকাই কান্দি সেই কথাকে ক'লে...

ট্ৰাক চালকৰ সৈতে অলিম্পিক পদকৰ সম্পৰ্ক কি; হুকহুকাই কান্দি সেই কথাকে ক’লে মীৰাবাইয়ে

অলিম্পিয়া প্রতিবেদন

মীৰাবাই চানু। ভাৰতৰ ক্রীড়াক্ষেত্ৰৰ এটা চিনাকি নাম। টকিঅ’ অলিম্পিকত দেশক প্ৰথমটো পদক উপহাৰ দিয়া মণিপুৰৰ জীয়ৰী মীৰাবাইয়ে আজিও পাহৰা নাই নিজৰ শিপা। আজিও মাটিৰ মানুহজনীয়েই হৈ মীৰাবাই। সেয়ে টকিঅ’ত পদক জয় কৰি ঘৰলৈ আহিয়েই তেওঁ নামি পৰিছিল একাংশ ট্ৰাকচালকৰ সন্ধানত। মণিপুৰত উপস্থিত হৈয়েই তেওঁ লগ পাব বিচাৰিছিল এই ট্ৰাকচালকসকলক। আচলতে মীৰাবাইৰ অলিম্পিক সাফল্য আৰু একাংশ ট্ৰাকচালকৰ মাজত আছে এক বিশেষ সম্বন্ধ। এই কথা খেলুৱৈগৰাকীয়ে নিজ মুখেৰেই স্বীকাৰ কৰিছে। তেওঁ কৈছে যে তেওঁৰ অলিম্পিকত পদকপ্ৰাপ্তিৰ আঁৰত এই ট্ৰাকচালকৰো যথেষ্ট অৱদান আছিল।

উল্লেখযোগ্য যে জীৱনৰ কঠিন প্ৰত্যাহ্বান নেওচি মীৰাবাইয়ে আজিৰ অৱস্থা পাইছেহি। এটা সময়ত মীৰাবাইয়ে অনুশীলনৰ বাবে ২৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি খুমান লাম্পাক ক্রীড়া প্ৰকল্পলৈ যাবলগীয়া হৈছিল। সেই সময়ত মীৰাবাইৰ গাঁৱৰ সৈতে খুমান লাম্পাকলৈ যাতায়তৰ সুবিধা হিচাবে আছিল কেৱল বালি কঢ়িওৱা ট্ৰাকবোৰ। ইয়াৰ বাহিৰে প্ৰশিক্ষণ কেন্দ্ৰত উপস্থিত হ’বলৈ বেলেগ একো উপায় নাছিল মীৰাবাইৰ ওচৰত। সন্ধিয়া অনুশীলন সামৰিও এই ট্ৰাকবোৰতে নিতৌ ঘৰলৈ উভতিছিল মীৰাবাই। ট্ৰাকচালকসকলেও অহা-যোৱাৰ বাবদ এটকা নোলোৱাকৈয়ে মীৰাবাইক পাৰ্যমানে সহায় কৰিছিল। ট্ৰাকচালকসকলৰ সেই সহায় যেন আজিও পাহৰিব পৰা নাই অলিম্পিক নায়িকা মীৰাবাইয়ে। সেয়েহে অলিম্পিকত পদক লাভ কৰাৰ পিছতে কৃতজ্ঞতা জনাবলৈ ট্ৰাক চালকসকলক লগ পাবলৈ বিচাৰিছিল তেওঁ। ইয়াৰ বাবে তেওঁ বিভিন্ন মাধ্যমৰ জৰিয়তে ৰাজহুৱাকৈ আহ্বানো জনাইছিল। সেই আহ্বানৰ প্রতি সঁহাৰি জনাই অৱশেষত নংপক কাকচিঙত থকা মীৰাবাইৰ ঘৰত উপস্থিত হয়হি এসময়ত তেওঁক সহায় কৰা সেই ট্ৰাকচালকসকল। পুনৰ মীৰাবাইক ওচৰত পাই উৎফুল্লিত হৈ পৰে তেওঁলোক। ট্ৰাকচালকসকলক কাষত পাই মীৰাবায়ো আৱেগিক হৈ পৰে। তেওঁলোকৰ অৱদানক সুঁৱৰি হুকহুকাই কান্দি উঠে অলিম্পিক পদকবিজয়ী খেলুৱৈগৰাকী। নিজৰ শিপাক পাহৰি নোযোৱা মীৰাবাইৰ এই মহানুভৱতাই এতিয়া সকলোকে অভিভূত কৰি তুলিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

7 + eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments