Tuesday, October 4, 2022
HomeNewsলখিমপুৰত টিউলিপ ড্ৰীম লীগ আৰম্ভ

লখিমপুৰত টিউলিপ ড্ৰীম লীগ আৰম্ভ

অলিম্পিয়া প্ৰতিবেদন

লখিমপুৰ জিলাৰ হাৰমতি হায়াৰ ছেকেণ্ডেৰী স্কুলৰ খেলপথাৰত ফুটবলৰ মহাৰণ । দুভৰিৰ যাদুত বতাহৰ সৈতে সমানে নাচি উঠিছে ফুটবল । টিউলিপ স্পৰ্টছ একাডেমীৰ উদ্যোগত আৰু থলুৱা ফুটবল স্কুলৰ সহযোগত অনুষ্ঠিত হৈছে ১৩ বছৰ অনূৰ্দ্ধ ৭ এ ছাইড ফুটবল টুৰ্ণামেণ্টখন । শনিবাৰৰ পৰা আৰম্ভ হোৱা এই ফুটবল টুৰ্ণামেণ্টখনত অংশগ্ৰহণ কৰিছে সৰ্বমুঠ ১৬ টা দলে । তাৰ ভিতৰত গ্ৰুপ ১ ত আছে গুৱাহাটী চিটি এফ চি, জে বি এফ চি (নগাঁও), মৰ্ণিং এফ চি (গোগামুখ), ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় ফুটবল একাডেমি (অৰুণাচল প্ৰদেশ) ; গ্ৰুপ ২ত আছে এ পি আৰ অ’ (জালুকবাৰী), থলুৱা ফুটবল স্কুল, এছ টি পাওল স্কুল ৰঙাপাৰা, গোলাঘাট ক’চিং চেণ্টাৰ ;
গ্ৰুপ ৩ ত আছে আছাম ৱাৰিয়ৰ্ছ (গুৱাহাটী), শ্ৰীপুৰিয়া ফুটবল একাডেমী (তিনিচুকীয়া), আঞ্চলিক ক্ৰীড়া সন্থা পানীবিল (শিৱসাগৰ), জোনমনি এফ চি (লখিমপুৰ) আৰু গ্ৰুপ ৪ ত লুইত এফ চি ( ডিব্ৰুগড়) ,কাজিৰঙা এফ চি (গুৱাহাটী), দুলীয়াজান ফুটবল ক’চিং চেণ্টাৰ, টিউলিপ একাডেমী টিম ‘এ’ (লখিমপুৰ) ।
উক্ত অনুষ্ঠানৰ শুভাৰম্ভণি কৰে টিউলিপ স্পৰ্টছ একাডেমীৰ সভাপতি দিৱাকৰ বৰুৱাই । প্ৰতিযোগিতাৰ আৰম্ভণিতে দুয়োখন ফিল্ডত ক্ৰমে থলুৱা ফুটবল ক্লাব আৰু দফলাগড় ফুটবল ক্লাব , জেবি ফুটবল ক্লাব আৰু গুৱাহাটী চিটিৰ মাজত আৰম্ভ হয় উদ্ধোধনী মেচ । ১ নম্বৰ ফিল্ডত গুৱাহাটী চিটি ক্লাবৰ হৈ আয়নাব ভুঞাই ৬, ৯ আৰু ১১ মিনিটত মুঠ তিনিটা গ’ল দি হেটট্ৰিক কৰে । তাৰ বিপৰীতে জেবি ফুটবল ক্লাবে শূন্য গ’লেৰেই সামৰণি মাৰে প্ৰতিযোগিতাৰ প্ৰথমখন মেচ । আনহাতে ২ নম্বৰ ফিল্ডত থলুৱা ফুটবল ক্লাবৰ হৈ ৩, ৭ আৰু ১১ মিনিটত ক্ৰমে নিশান্ত বৰদলৈয়ে ২টা, ছেম বৰদলৈ আৰু কৌশিক বৰদলৈয়ে এটাকৈ গল দিয়ে । লগতে দফলাগড়ৰ হৈ ৰাম গোৱালাই ১৬ মিনিটত এটা গল দি ব্যৱধান হ্ৰাস কৰে । ১৩ বছৰ অনূৰ্দ্ধ শিশুসকলৰ ফুটবল টুৰ্ণামেণ্টখনৰ জৰিয়তে অনাগত দিনত ফুটবলৰ মহা তাৰকা মেচি বা ৰণাল্ডোৰ দৰে একো একোজন ভাল খেলুৱৈ যাতে অসমতো সৃষ্টি হ’ব পাৰে তাৰেই লক্ষ্যৰে আয়োজন কৰা হৈছে । এই টুৰ্ণামেণ্টখনে দৰ্শককো দিছে বিপুল আনন্দ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments