Thursday, May 19, 2022
HomeNewsটিউলিপ ড্ৰীম লীগৰ সফল সামৰণি

টিউলিপ ড্ৰীম লীগৰ সফল সামৰণি

অলিম্পিয়া প্ৰতিবেদন

দেওবাৰে সমাপ্ত হ’ল লখিমপুৰৰ হাৰমতি হায়াৰ ছেকণ্ডাৰী স্কুলৰ খেলপথাৰত ১৩ বছৰ অনূৰ্দ্ধ ফুটবল প্ৰতিযোগিতা । টিউলিপ স্পৰ্টছ একাডেমীৰ উদ্যোগত আৰু থলুৱা ফুটবল স্কুলৰ সহযোগত অনুষ্ঠিত ১৩ বছৰ অনূৰ্দ্ধ ছেভেন এ ছাইদ ফুটবল মহাৰণৰ । সৰ্বমুঠ ১৬ টা দলে অংশগ্ৰহণ কৰা এই ফুটবল প্ৰতিযোগিতাৰ প্ৰথম দিনাই বাদ পৰিছিল ৮ টা দল । বাকী ৮ টা দলৰ মাজত আৰম্ভ হোৱা কোৱাৰ্টাৰ ফাইনেল প্ৰথমখন মেচ খেলে টিউলিপ স্পৰ্টছ একাডেমীৰ টিম বি বনাম কাজিৰঙা এফ চি দলে । প্ৰথমখন মেচতে ৩-১ গ’লৰ ব্যৱধানত টিউলিপ স্পৰ্টছ একাডেমীৰ টিম বি জয়ী হয় । টিউলিপ স্পৰ্টছ একাডেমীৰ টিম বি ৰ হৈ প্ৰেম ধনে ২ মিনিটত এটা গ’ল, ছনম লামাই ২০ মিনিটত এটা আৰু অৰ্ণৱ সোনোৱালে এটাকৈ গ’ল দিয়ে । প্ৰত্যুত্তৰত কাজিৰঙা এফ চিৰ জিত শৰ্মাই ৩২ মিনিটত মাত্ৰ এটা গ’ল পৰিশোধ কৰি প্ৰতিযোগিতাৰ পৰা বিদায় মাগে । ঠিক তেনেকৈয়ে ২য় কোৱাৰ্টাৰ ফাইনেলত গুৱাহাটী চিটি এফ চি বনাম থলুৱা এফ চি (নগাঁও) মাজত অনুষ্ঠিত হয় আৰু ৩-১ গ’লৰ ব্যৱধানত থলুৱা এফ চি জয়ী হয় । খেলৰ মাত্ৰ ১ মিনিটৰ অন্তত গুৱাহাটী চিটি এফ চি ৰ হৈ প্ৰীতম ব্ৰহ্মই এটা গ’ল দিয়ে যদিও প্ৰত্যুত্তৰ হিচাপে থলুৱা এফ চিয়ে ক্ৰমে ১১ মিনিট, ১৮ মিনিট আৰু ২৭ মিনিটত ছান বৰদলৈয়ে এটা আৰু দুকা দাসে দুটা গ’ল দিবলৈ সক্ষম হয় । তৃতীয়খন কোৱাৰ্টাৰ ফাইনেল জে বি এফ চি (নগাঁও) বনাম গোলাঘাট এফ চিৰ মাজত অনুষ্ঠিত হয় আৰু ২-১ গ’লৰ ব্যৱধানত জে বি এফ চি জয়ী হয় । জে বি এফ চিৰ হৈ দিপাংকৰ ডেকাই ১৫ মিনিটত এটা আৰু ৰোহিত আলীয়ে ২২ মিনিটত এটা গ’ল স্কৰ কৰে । তাৰ বিপৰীতে গোলাঘাট এফ চিৰ হৈ ময়ুৰ দলে ৮ মিনিটত এটা গল দিয়ে যদিও ছেমিফাইনেল খেলাৰ পৰা বিৰত থাকিবলগীয়া হয় । ৪ৰ্থ কোৱাৰ্টাৰ ফাইনেলখন তিনিচুকীয়াৰ শ্ৰীপুৰীয়া এফ চি বনাম টিউলিপ স্পৰ্টছ একাডেমীৰ মাজত অনুষ্ঠিত হয় আৰু ৩-১ গলৰ ব্যৱধানত টিউলিপ স্পৰ্টছ একাডেমী টিম এ জয়ী হয় । টিউলিপ স্পৰ্টছ একাডেমীৰ হৈ বিকি সাহাৰীয়ে ২৩ মিনিটত এটা, মাধুৰ্য্য কুমাৰে ৩৩ মিনিটত এটা আৰু আৰিয়ান সুভাই ৩৮ মিনিটত এটা গ’ল দি ছেমিফাইনেলত প্ৰৱেশ কৰে । তাৰ বিপৰীতে শ্ৰীপুৰীয়া এফ চিৰ হৈ অৰুপজ্যোতি মৰাণে ৩৯ মিনিটত মাত্ৰ এটা গল দিয়ে যদিও দলটো প্ৰতিযোগিতাৰ পৰা বিদায় ল’বলগীয়া হয় ।
ছেমিফাইনেলত প্ৰৱেশ কৰা ৪ টা দলৰ ভিতৰত জে বি এফ চি আৰু থলুৱা এফ চি একেখন জিলা অৰ্থাৎ নগাঁৱৰ আৰু টিউলিপ স্পৰ্টছ একাডেমীৰ টিম বি আৰু টিউলিপ স্পৰ্টছ একাডেমী টিম এ আয়োজকৰ ঘৰুৱা ঠাই অৰ্থাৎ হাৰমতিৰে হোৱা বাবে কমিটীয়ে ছেমিফাইনেল মেচকেইখন দুখন বিপৰীত ঠাইৰ দলৰ মাজত নেখেলাই একে ঠাইৰে দুয়োটা দলৰ মাজতে খেলুৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।
দুয়োখন গ্ৰাউণ্ডতে আৰম্ভ হোৱা ছেমিফাইনেল মেচ কেইখনত ক্ৰমে টিউলিপ স্পৰ্টছ একাডেমীৰ টিম বি আৰু জে বি এফ চি ক্ৰমে ২-০ আৰু ৩-১ গ’লৰ ব্যৱধানত জয়ী হয় । ইয়াৰ পাছতে অৰ্থাৎ ৩:৪০ মিনিটত আৰম্ভ হোৱা ফাইনেল মেচখন আছিল অতিকৈ গুৰুত্বপূৰ্ণ । জে বি এফ চিৰ দুৰ্বল প্ৰতিদ্বন্দিতা দেখি হতভম্ব হৈ পৰে দৰ্শকসকল । গ’লৰক্ষক আৰু ফুটবলাৰসকলৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে ৭-০ গলত লজ্জাজনকভাৱে পৰাজয় স্বীকাৰ কৰিব লগা হয় জে বি এফ চি দলে । স্পৰ্টছ একাডেমীৰ টিম বি ৰ হৈ প্ৰবাল বেজবৰুৱাই ১ আৰু ২৮ মিনিটত দুটা, অৰ্ণৱজ্যোতি সোণোৱালে ২ আৰু ২২ মিনিটত দুটা, সুমন লামাই ৩৯ আৰু ৪৪ মিনিটত দুটা আৰু ৰোহন চেত্ৰীয়ে ১০ মিনিটত ১টা গ’ল স্কৰ কৰে । খেলৰ শেষত স্পৰ্টছ একাডেমীৰ টিম বি ৰ বেষ্ট স্কৰাৰ অৰ্নৱজ্যোতি সোণোৱাল, বেষ্ট গ’লৰক্ষক হেমন্ত দাস আৰু বেষ্ট প্লেয়াৰৰ ট্ৰফী অৰ্জন কৰে পল্লৱ বেজবৰুৱাই । প্ৰতিযোগিতাৰ বিজয়ী দলক নগদ ১৫ হেজাৰ টকা আৰু ট্ৰফীৰ লগতে ফাইনেলিষ্ট দলক নগদ ১০ হেজাৰ টকা প্ৰদান কৰে আয়োজক কমিটীয়ে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nine + fourteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments