Tuesday, October 4, 2022
HomeNewsলক্ষীমপুৰত টিউলিপ ড্ৰীম লীগ

লক্ষীমপুৰত টিউলিপ ড্ৰীম লীগ

অলিম্পিয়া প্ৰতিবেদন

লক্ষীমপুৰত টিউলিপ ড্ৰীম লীগ । নৱ প্ৰজন্মৰ ফুটবলাৰৰ দুভৰিৰ ছন্দত জীপাল হ’ব টিউলিপ স্পৰ্টছ একাডেমীৰ গ্ৰাউণ্ড ।

অহা ২৬ মাৰ্চৰ পৰা লক্ষীমপুৰত আৰম্ভ হ’ব টিউলিপ ড্ৰীম লীগ ফুটবল । টিউলিপ স্পৰ্টছ একাডেমীৰ উদ্যোগত আৰু থলুৱা ফুটবল স্কুলৰ সহযোগত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা । প্ৰতিটো দলত ৭ জনে খেলিবলগীয়া ফুটবলাৰসকলৰ বয়স হ’ব লাগিব ১৩ বছৰ অনূৰ্ধৰ । অৰ্থাৎ ২০০৯ বৰ্ষৰ ১ জানুৱাৰী বা তাৰ পাছত জন্মগ্ৰহণ কৰা খেলুৱৈসকলে ইয়াত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব । গ্ৰামাঞ্চলৰ সুপ্ত প্ৰতিভা বিকশিত কৰাৰ উদ্দেশ্যে তৃণমূল পৰ্যায়ত খেলুৱৈৰ প্ৰতিভা বিকাশৰ বাবে এই প্ৰচেষ্টা হাতত লৈছে উদ্যোক্তাই । ১৬ টা দলে অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগিতাত এটা দলত মুঠ ১২ জন খেলুৱৈয়ে নাম পঞ্জীয়ন কৰিব পাৰিব । অংশগ্ৰহণকাৰী ১৬ টা দলৰ ভিতৰত গুৱাহাটী চিটি এফ চি, আছাম ৱাৰিয়ৰ্ছ গুৱাহাটী, জে বি এফ চি নগাঁও, এম লুইত এফ চি ডিব্ৰুগড়, দুলিয়াজান ফুটবল ক’চিং চেন্টাৰ অন্যতম ।

৪ টা গ্ৰুপত অন্তৰ্ভুক্ত হ’বলগীয়া প্ৰতিযোগিতাৰ প্ৰতিটো গ্ৰুপত থাকিব ৪ টাকৈ দল । লীগ পৰ্যায়ত প্ৰতিটো দলে খেলিব ৩ খনকৈ মেচ । প্ৰতিটো গ্ৰুপৰ প্ৰথম আৰু দ্বিতীয় স্থানপ্ৰাপ্ত দলসমূহ নকআউট মেচৰ বাবে যোগ্যতা অৰ্জন কৰিব ।

বিজয়ী দলে লাভ কৰিব ট্ৰফীসহ ১৫,০০০ টকা, ফাইনেলিষ্ট দলে লাভ কৰিব ১০,০০০ টকা ।

নৱপ্ৰজন্মৰ খেলুৱৈসকলক উলিয়াই আনিবলৈ টিউলিপ স্পৰ্টছ একাডেমীয়ে যি পদক্ষেপ গ্ৰহণ কৰিছে, সেয়া অত্যন্ত প্ৰসংশনীয় । ক্ৰীড়া অনুৰাগীৰ কামনা — টিউলিপ ড্ৰীম লীগ সাফল্যমণ্ডিত হৈ উঠক । তৃণমূল পৰ্যায়ৰ এনে ফুটবল লীগৰ পৰাই জন্ম হওক তাৰকা ফুটবলাৰ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen + 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments