Tuesday, October 4, 2022
HomeNewsএজাক তৰুণ খেলুৱৈৰ ভৱিষ্যত সুন্দৰ কৰাত ব্ৰতী লখিমপুৰৰ টিউলিপ স্পৰ্টছ একাডেমী

এজাক তৰুণ খেলুৱৈৰ ভৱিষ্যত সুন্দৰ কৰাত ব্ৰতী লখিমপুৰৰ টিউলিপ স্পৰ্টছ একাডেমী

অলিম্পিয়া প্ৰতিবেদন

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিব অসমৰ এজাক নতুন খেলুৱৈ! খেলৰ পৃথিৱীত জিলিকিব অসমৰ ক্ৰীড়া প্ৰতিভা। এনে এক আশাৰেই এজাক তৰুণ খেলুৱৈ ভৱিষ্যত সুন্দৰ কৰাত ব্ৰতী হৈছে এইখন অসমৰে এখন স্পৰ্টছ একাডেমী।
খেলক এক সুন্দৰ কেৰিয়াৰ হিচাপে আগবঢ়াই নিব বিচৰা তৰুণ প্ৰজন্মৰ খেলুৱৈসকল যাতে খেলৰ লগতে শিক্ষাৰ ক্ষেত্ৰতো সমানে আগবাঢ়ি যাব পাৰে সেই বিষয়ে গুৰুত্ব প্ৰদান কৰি ক্ৰীড়া আৰু অধ্যয়ন দুয়োটা দিশকে সমানে আগুৱাই নিয়া এই স্প’ৰ্টছ একাডেমিখন হৈছে টিউলিপ স্পৰ্টছ একাডেমী । উত্তৰ লখিমপুৰ জিলাৰ হাৰমটিৰ এই স্প’ৰ্টছ একাডেমিখনে ৰাজ্যৰ প্ৰতিভাৱান খেলুৱৈসকলক এখন উপযুক্ত মঞ্চ প্ৰদান কৰাৰ লগতে তেওঁলোকক এগৰাকী সফল খেলুৱৈ হিচাপে গঢ়ি তোলাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। ইতিমধ্যে তেওঁলোকৰ উদ্দেশ্যত সফলতাও লাভ কৰিছে। কিয়নো এই একাডেমিখনৰ পৰা খুব কম সময়তে ওলাইছে কেইবাগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ।
উত্তৰ লখিমপুৰৰ হাৰমটিত ২০১৬ চনত দীবাকৰ বৰুৱাই স্থাপন কৰা এই স্প’ৰ্টছ একাডেমিয়ে তেওঁলোকৰ শিক্ষাৰ্থীসকলক আধুনিক বৈজ্ঞানিক ভিত্তিত প্ৰদান কৰি আহিছে প্ৰশিক্ষণ। ইয়াৰ উপৰিও অধ্যয়নৰ দিশটোত যাতে তেওঁলোক পিছপৰি নৰয় তাৰবাবে তেওঁলোকৰ শিক্ষাৰ দিশটোকো সমানে গুৰুত্ব প্ৰদান কৰিছে। ইয়াৰ বাবে নিয়োগ কৰিছে টিউটৰ।
এগৰাকী সফল খেলুৱৈ হ’বলৈ এগৰাকী খেলুৱৈক কস্ত আৰু সাধনাৰ উপৰিও প্ৰয়োজন হয় উন্নত প্ৰশিক্ষণ, সঠিক কৌশল আৰু পৰ্যাপ্ত সুবিধাৰ লগতে অনুশীলন। টিউলিপ স্পৰ্টছ একাডেমীয়ে ইয়াৰ শিক্ষাৰ্থীসকলক বৈজ্ঞানিক ভিত্তিত দি আহিছে উন্নত আৰু উপযুক্ত প্ৰশিক্ষণ, সঠিক কৌশল, পৰ্যাপ্ত অনুশীলনৰ সুবিধা।

একাডেমী খনৰ শিক্ষাৰ্থীক উপযুক্ত প্ৰশিক্ষণ দিবলৈ আছে কেইবাগৰাকীও স্বীকৃতিপ্ৰাপ্ত প্ৰশিক্ষক। প্ৰশিক্ষাৰ্থীসকলে যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হ’ব নালাগে তাৰ বাবে একাডেমিখনে হোষ্টেলৰ ব্যৱস্থা কৰাৰ লগতে তেওঁলকোৰ স্বাস্থ্যৰ দিশটোৰ প্ৰতিও সজাগ আৰু সদা সচতেন হৈ আগবাঢ়িছে। প্ৰতিগৰাকী শিক্ষাৰ্থীৰ জীৱন বীমা কৰাইছে। শিক্ষাৰ্থীসকলক শাৰীৰিক নিৰ্দেশকৰ জৰিয়তে শাৰীৰিক শিক্ষা প্ৰদান কৰাৰ লগতে মানসিক ভাৱে সুস্থ হৈ থাকিবলৈও তেওঁলোকৰ বাবে ৰাখিছে বহু কেইটা বিশেষ সুবিধা।
খেলুৱৈ সকলে যাতে নিজৰ স্বাস্থ্যৰ দিশটোৰ প্ৰতি সজাগ হয় তাৰ বাবে একাডেমিখনে কৰিছে বিশেষ ব্যৱস্থা। পুষ্টিকৰ খাদ্যৰ পৰা আধুনিক জীমলৈকে সকলো ব্যৱস্থা কৰা হৈছে। খেলৰ বাবে প্ৰয়োজনীয় সামগ্ৰী একাডমিখনে শিক্ষাৰ্থীক যোগান ধৰে। একাডেমিখনৰ বাহিৰত বিভিন্ন প্ৰতিযোগিতা আদিত অংশগ্ৰহণৰ বাবেও ব্যৱস্থা কৰে একেডেমিখনে। এই ক্ষেত্ৰত প্ৰশিক্ষাৰ্থীসকলক যাতায়তৰ খৰছ বহন কৰে একাডেমিখনে। মাত্ৰ ২০গৰাকী দৰিদ্ৰ শিক্ষাৰ্থীৰে আৰম্ভ কৰা এই একাডেমীখনৰ বৰ্তমান সদস্য প্ৰায় ডেৰ শতাধিক।
২০১৬ চনত আৰম্ভ কৰা এই একাডেমিৰ পৰা বৰ্তমানলৈকে কেইবাগৰাকীও খেলুৱৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত আংশগ্ৰহণ কৰাৰ লগতে সফলতাও লাভ কৰিছে। ফুটবল, কাৰাটে, চাইক্লিং আদিকে ধৰি বিভিন্ন প্ৰতিযোগিতাত সফলতা লাভ কৰা তেনে কেইগৰাকীমান খেলুৱৈ হ’ল ক্ৰমে, কুমকুম কুমাৰী, এলবিছ বাৰ্লা ,প্ৰসেনজিৎ সাহা,
, অলিভিয়া মিচাং, প্ৰীতম ফুকন, চলমান ওৰাং আদি। নতুন শিক্ষাবৰ্ষৰ নামভৰ্তি চলি থকা এই একাডেমিখনত নামভৰ্তি কৰিবলৈ লখিমপুৰ জিলাৰ শিক্ষাৰ্থীৰলগতে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ শিক্ষাৰ্থীয়েও আগ্ৰহ প্ৰকাশ কৰিছে।শিক্ষানুষ্ঠানখনত শিক্ষাগ্ৰহণ কৰিবলৈ আগ্ৰহীসকলে ৮৪০৩৮২৪৯৭০ আৰু ৭৮৯৬৮২৮৮৫৯ নম্বৰত যোগাযোগ কৰিব পাৰিব। দুয়োটা নম্বৰত হোৱাটছএপো উপলব্ধ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ten − nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments