Sunday, October 2, 2022
HomeNewsটিউলিপ ড্ৰীম লীগত কোনে মাৰিব শেষ হাঁহি !!!

টিউলিপ ড্ৰীম লীগত কোনে মাৰিব শেষ হাঁহি !!!

অলিম্পিয়া প্ৰতিবেদন

হাৰমতি হায়াৰ ছেকণ্ডাৰী স্কুলৰ খেলপথাৰত ফুটবল মহাৰণৰ দেওবাৰে দ্বিতীয় অৰ্থাৎ শেষ দিন । ১৬টা দলৰ ভিতৰত ৰ’ল মাথো ৮টা দল । কোনে মাৰিব শেষ হাঁহি ? যোৱা শনিবাৰে প্ৰচণ্ড বৰষুণৰ মাজতো দুভৰিত খেলি থকা ফুটবলে আজি কোন দলক দিব সঁহাৰি ? টিউলিপ স্পৰ্টছ একাডেমীৰ উদ্যোগত আৰু থলুৱা ফুটবল স্কুলৰ সহযোগত অনুষ্ঠিত ১৩ বছৰ অনূৰ্ধ ৭ ছাইদ ফুটবল টুৰ্ণামেণ্টখনৰ আৰম্ভনীৰ দিশত কোৱাটাৰ ফাইনেলৰ ৪খন মেচ ।শনিবাৰে ব্যাপক প্ৰতিদ্বন্দিতাৰ পাছত ৰৈ যোৱা ৮টা দল ক্ৰমে: গুৱাহাটী চিটি এফ চি, জে বি এফ চি (নগাঁও), থলুৱা ফুটবল স্কুল, গোলাঘাট কচিং চেণ্টাৰ, শ্ৰীপুৰিয়া ফুটবল একাডেমী (তিনিচুকীয়া), জোনমনি এফ চি (লখিমপুৰ), কাজিৰঙা এফ চি (গুৱাহাটী)আৰু টিউলিপ একাডেমীয়ে আজি যুঁজ দিব লীগৰ ফাইনেল পৰ্যায়ৰ মেচত । শনিবাৰে খেলপথাৰৰ পৰা বিদায় লোৱা বাকী ৮ টা দলেও শেষ মুহুৰ্তলৈকে তীব্ৰ গতিৰে প্ৰতিদ্বন্দিতা কৰিছিল যদিও অৱশেষত বিদায় ল’বলগীয়া হয় খেলপথাৰৰ পৰা । শনিবাৰে মাত্ৰ ২০ মিনিট সময়ৰ মেচকেইখনত বহু কেইটা দলে দুভৰিৰ ভিন্ন মুদ্ৰাৰে নিজ নিজ দলক বিশেষ আকৰ্ষিত কৰিছিল যদিও দেওবাৰেহে প্ৰকৃত প্ৰমাণ হ’ব কোন দলৰ কিমান ক্ষমতা ।
কোৱাটাৰ ফাইনেলৰ প্ৰথম দুখন মেচ গ্ৰাউণ্ড’ এ’ ত খেলিব গুৱাহাটী এফ চি বনাম থলুৱা ফুটবল ক্লাব আৰু গ্ৰাউণ্ড টু’ত খেলিব জে বি এফ চি বনাম গোলাঘাট এফ চি

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments