Monday, October 3, 2022
HomeNewsকৰ'নাৰ মাজতে এইখন দেশত অনুষ্ঠিত হৈছে ফুটবল টুৰ্ণামেণ্ট:ষ্টেডিয়ামত দৰ্শকৰ ভিৰ

কৰ’নাৰ মাজতে এইখন দেশত অনুষ্ঠিত হৈছে ফুটবল টুৰ্ণামেণ্ট:ষ্টেডিয়ামত দৰ্শকৰ ভিৰ

olympiasports.in

উল্লেখযোগ্য যে পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ অংশীদাৰ তিনিখন ৰাষ্ট্ৰ ক্ৰমে টুৰ্কেমেনিস্তান, টাজিকিস্তান আৰু বেলাৰুছে এই পৰ্য্যন্ত দেশকেইখনত ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত কৰি আহিছে।

কেওঁফালে কৰ’না ভাইৰাছৰ সংহাৰ। বিশ্বৰ প্ৰায় সকলো দেশেই কৰোনাৰ দ্বাৰা আক্ৰান্ত। এনে এক সময়তে এখন দেশত আজিৰ পৰা অনুষ্ঠিত কৰা হৈছে দেশখনৰ আগশাৰীৰ ফুটবল টুৰ্ণামেণ্টখন। কেৱল ফুটবল খেল অনুষ্ঠিত কৰাই নহয় ,দৰ্শকৰ বাবেও মুকলি ৰখা হৈছে এই প্ৰতিযোগিতা। হয়, আপুনি ঠিকেই শুনিছে।

দেশখনৰ নাম টুৰ্কেমেনিস্তান। দেশখন এই পৰ্যন্ত কৰোনা ভাইৰাছৰ আক্ৰমণৰ পৰা মুক্ত হৈ আছে। এই পৰ্যন্ত কোনো লোক আক্ৰান্ত হোৱা নাই কৰোনাত। সেয়ে চৰকাৰে এতিয়া প্ৰতি বছৰে অনুষ্ঠিত হোৱা সম্ভ্ৰান্ত ফুটবল টুৰ্ণামেণ্টখন অনুষ্ঠিত কৰিব ওলাইছে। সেই অনুসৰি দেওবাৰে দেশখনৰ ৰাজধানী আজকাবাটত পূৰ্বৰ চেম্পিয়ন Altyn Asyrৰ মুখামুখি হ’ব Kopetdag ।

মাৰ্চ মাহত বিশ্ব স্বাস্থ্য সংস্থাই কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো দেশকে ক্ৰীড়ামূলক অনুষ্ঠানসমূহ বাতিল কৰিবলৈ আহ্বান জনাইছিল। সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেশখনৰ ফুটবল ফেডাৰেচনে মাৰ্চ মাহত অনুষ্ঠিত হ’বলগীয়া আঠটা দলৰ এখন ফুটবল টুৰ্ণামেণ্টৰ খেলসমূহ বাতিল কৰিছিল। কিন্তু সেই ঘোষণাৰ এমাহ পাৰ নহওঁতেই এনেদৰে পুনৰ আন এখন ফুটবল টুৰ্ণামেণ্ট দৰ্শকৰ উপস্থিতিৰ মাজতেই অনুষ্ঠিত কৰিব ওলোৱা দেখি বিশ্ব সম্প্রদায়ৰ চকু কপালত উঠিছে। দেশখনৰ এনে ঘোষণাৰ পাছতেই ফুটবলপ্ৰেমীসকলৰ মাজত উচাহৰ ঢল বৈছে।

উল্লেখযোগ্য যে পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ অংশীদাৰ তিনিখন ৰাষ্ট্ৰ ক্ৰমে টুৰ্কেমেনিস্তান, টাজিকিস্তান আৰু বেলাৰুছে এই পৰ্য্যন্ত দেশকেইখনত ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত কৰি আহিছে। টাজিকিস্তানে বন্ধ ষ্টেডিয়ামৰ মাজত এই খেল অনুষ্ঠিত কৰাৰ বিপৰীতে বেলাৰুছে এতিয়াও মুক্তভাৱে ফুটবল খেল অনুষ্ঠিত কৰি আহিছে। দেশখনত এই পৰ্যন্ত ৪০০০ ৰো অধিক লোক কৰোনাৰ দ্বাৰা আক্ৰান্ত হৈছে। দেশকেইখনৰ এনে হঠকাৰি সিদ্ধান্তক বিশ্ব সম্প্ৰদায়ে এতিয়া কেনেদৰে লয় সেয়া সময়েহে নিৰ্ধাৰণ কৰিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments