Tuesday, October 4, 2022
HomeNewsব্ৰায়ান লাৰা : যাৰ অভিধানত নাই অসম্ভৱ নামৰ কোনো শব্দ

ব্ৰায়ান লাৰা : যাৰ অভিধানত নাই অসম্ভৱ নামৰ কোনো শব্দ

olympiasports.in

১৯৯১ চনৰ ইংলেণ্ড ভ্ৰমণৰ কথা। ভ্ৰমণসূচীৰ প্ৰথমখন খেলতে ইংলেণ্ডৰ হাতত ৱেষ্ট ইণ্ডিজৰ পৰাজয় বৰণ। খেলখনত ৱেষ্ট ইণ্ডিজৰ বেটিং বিপৰ্যয় আছিল পৰাজয়ৰ মূল কাৰণ। দুয়োটা ইনিংছত দলটোৰ ৰান আছিল ক্ৰমে ১৭৩ আৰু ১৬২। ৬৯ বছৰ ভিতৰত ইংলেণ্ডৰ বিপক্ষে এয়া আছিল দলটোৰ প্ৰথমটো পৰাজয়। সৰ্বত্ৰ সমালোচিত হৈছিল দলটো।

ৱেষ্ট ইণ্ডিজৰ তেতিয়াৰ উইকেটকীপাৰ ডেভিড উইলিয়ামছ সতীৰ্থৰ সৈতে

সেইদিনা ৰাতি এখন ৰেস্তোঁৰাত ব্ৰায়ান সংগী উইকেটকীপাৰ ডেভিড উইলিয়ামছৰ সৈতে বহিছিলগৈ কিছু সময় অতিবাহিত কৰিবলৈ। লাৰা সেই সময়ত মূল একাদশৰ পৰা বাহিৰত। কথা প্ৰসংগত উইলিয়ামছক লাৰাই ক’লে ‘দুৰ্বল বেটিংৰ বাবেই মেচখন আমি হাৰিলোঁ।’ সেইসময়ত একেখন ৰেস্তোঁৰাতে আছিল ৱেষ্ট ইণ্ডিজ দলৰ মেনেজাৰ ল্যান্স গিবছ। গিবসক অসন্তুষ্ট কৰিবলৈ লাৰাৰ এই কথাষাৰেই যথেষ্ট আছিল। গিবছে কথাষাৰ শুনি অনুমান কৰি লৈছিল যে লাৰাই টেষ্ট মেচখনত খেলিবলৈ সুযোগ নোপোৱাৰ বাবেই তেনেকৈ কৈছে। দিনটোৰ পৰাজয়ে আনি দিয়া গ্লানিখিনিয়ে ইতিমধ্যেই অস্বস্তিত ৰাখিছিল গিবছক। লাৰাৰ কথা শুনি খং-ৰাগেৰ জৰ্জৰিত গিবছে কিছু টানকৈয়ে কৈ উঠিল — ‘তোমাৰ দৰে বেটছমেনে লৰ্ডছৰ পিটচত একো কৰিব নোৱাৰা। তুমি হোৱা হলেও ব্যৰ্থ‌ই হ’লাহেঁতেন। নে তুমি নিজকে গেৰী ছোবাৰ্ছ বুলি ভাবা?’ গিবছৰ ককৰ্থনাখিনিৰ বাবে লাৰা প্ৰস্তুত নাছিল। ইমান পমানজনক কথা শুনিব লাগিব বুলি লাৰাই ভাবাই নাছিল। কথাখিনিয়ে কাঁইটে বিন্ধা দি বিন্ধিলে লাৰাক। লাৰাই উত্তৰ দিবলৈ পিছ নুহুঁকিলে—‘নাজানো বাৰু পাৰিম নে নাই! তেন্তে তেওঁলোকে যিদৰে খেলিছে মোকো তেনেকৈয়ে খেলাৰ সুযোগ নিদিয়ে কিয়?’ এইবুলি কৈয়েই লাৰা আৰু এখন্তেকো তাত নৰ’ল। বুকুত অপমানৰ একুৰা জুই দপদপাই জ্বলিবলৈ লাগিল।

কোনে জানে উমি উমি জ্বলি থকা অপমানৰ সেই জুইকুৰাৰ আঁৰত লুকাই আছিল ৩৬৫ ৰানৰ ইনিংছটো। টেষ্ট ক্ৰিকেটৰ ইতিহাসত গেৰী ছোবাৰ্ছে প্ৰতিষ্ঠা কৰা ৰেকৰ্ড ভংগ কৰি সকলো ক্ৰিকেটপ্ৰেমীক চমক খুৱাই দিলে লাৰাই। ইমানদিনে সকলোৰে বদ্ধমূল ধাৰণা আছিল যে ছোৱাৰ্ছৰ পাহাৰ সদৃশ ৩৬৫ ৰানৰ ইনিংছটো সকলোৰে স্পৰ্শৰ পৰা আঁতৰত গৌৰৱৰ প্ৰতীক হিচাপে চিৰদিন থিয় হৈ থাকিব। কিন্তু ক্ৰিকেটত যেন সকলো সম্ভৱ আৰু লাৰাৰ অভিধানতো ‘অসম্ভৱ’ বোলা শব্দৰ স্থানেই বা ক’ত? ইংলেণ্ডৰ বিৰুদ্ধে এটিগুৱা টেষ্টত প্ৰভাৱশালী এক বেটিং আক্ৰমণত তচনচ কৰি খহি ইংলেণ্ডৰ বলিং আক্ৰমণ আৰু খহি পৰিছিল ৩৬ বছৰ পুৰণি ৩৬৫ ৰানৰ উচ্চ কীৰ্তিস্তম্ভ।

অৱশ্যে ইমানতে বিশ্ব ৰেকৰ্ড ভঙাৰ এই পৰম্পৰাৰ সামৰণি নপৰিল। টেষ্ট ৰেকৰ্ড গঢ়াৰ ঠিক পঞ্চাশ দিনৰ পাছত প্ৰথম শ্ৰেণীৰ ক্ৰিকটতো সৰ্বোচ্চ ৰান গঢ়াৰ আন এটি ৰেকৰ্ড গঢ়িলে লাৰাই। গিবছে কৰা অপমানৰ গ্লানিৰ পৰা তেতিয়াও হয়তো সম্পূৰ্ণৰূপে মুক্ত হোৱা নাছিল লাৰা। এজবাষ্টেন ওয়াৰ‌উইকশ্বায়াৰৰ হৈ ডাৰহামৰ বিপক্ষে বিশাল ৫০১ ৰানৰ ইনিংছটো পৰিগণিত হ’ল প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ সৰ্বোচ্চ ৰানত। এনেদৰেই দুটাকৈ বিশ্ব ৰেকৰ্ডৰ গৰাকী হ’ল লাৰা।

তাৰ পিছত আহিল ২০০৪ চনৰ ইংলেণ্ডৰ বিপক্ষে খেলা পাহাৰসদৃশ ৪০০ ৰানৰ সেই বিখ্যাত ইনিংছটো। যিটো ইনিংছৰ বাবে লাৰা চিৰদিন টেষ্ট ক্ৰিকেটৰ ইতিহাসত মহানতম ক্ৰিকেটাৰ হিচাপে চিহ্নিত হৈ ৰ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen − 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments