Friday, September 30, 2022
HomeNewsটাৰ্নিং পইণ্ট: কেনেকৈ স্ক'ৰাৰ পৰা ক্ৰিকেটৰ প্ৰবাদপ্ৰতীম সম্ৰাট হ'ল ছাৰ ব্ৰেডমেন

টাৰ্নিং পইণ্ট: কেনেকৈ স্ক’ৰাৰ পৰা ক্ৰিকেটৰ প্ৰবাদপ্ৰতীম সম্ৰাট হ’ল ছাৰ ব্ৰেডমেন

অলিম্পিয়া বিশেষ লেখা

ইউৰোপৰ গ্ৰেট ডিপ্ৰেছনৰ সময় সেয়া। অষ্ট্ৰেলিয়াৰ ছাউথ ৱেলছৰ এটি সৰু অঞ্চল কুটামুণ্ড্ৰাৰ বাসিন্দা আছিল জৰ্জ ব্ৰেডমেন আৰু এমিলি ব্ৰেডমেন। কুটামুণ্ড্ৰাৰ পৰিৱেশৰ লগত এমিলিৰ ৰাহি-যোৰা অহা নাছিল। সেয়ে উৎকট গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি জৰ্জ ব্ৰেডমেনে সিদ্ধান্ত ল’লে কুটামুণ্ড্ৰা ত্যাগ কৰি বাউৰেল নামৰ নতুন ঠাই এখনলৈ যোৱাৰ। তেওঁলোকৰ পাঁচোটাকৈ সন্তানৰ কণিষ্ঠজন আছিল ডন ব্ৰেডমেন। বাউৰেললৈ অহাৰ সময়ত ডনৰ বয়স আছিল আঢ়ৈ বছৰ। সৰুৰে পৰা ডন ব্ৰেডমেন ক্ৰিকেটৰ বলিয়া আছিল।

সৰুতে গলফ্ বলেৰে ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰা ডনে নিজা ধৰণৰ ক্ৰীড়া শৈলী এটা তেতিয়াই সৃষ্টি কৰি লৈছিল। বাউৰেল প্লাৱিক স্কুলৰ হৈ এখন খেলত নিজৰ দুৰন্ত প্ৰতিভাৰ পৰিচয় দি কেবল বাৰ বছৰ বয়সত এশ পোন্ধৰ ৰানৰ এক শতকীয় ইনিংছ খেলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ডনে। অথচ ডনৰ পৰিয়ালৰ কাৰোৰে সম্যক ধাৰণাও নাছিল যে ব্ৰেডমেন কেনে এক ভৱিষ্যতৰ অধিকাৰী।

বাউৰেলত এটা স্থানীয় ক্ৰিকেট দল আছিল ,যাৰ অধিনায়ক আছিল ব্ৰেডমেনৰ মোমায়েক। তথাপি ব্ৰেডমেনে সেই দলত খেলাৰ সুযোগ পোৱা নাছিল। তাৰ বিপৰীতে ব্ৰেডেমেনে লাভ কৰিছিল স্ক’ৰাৰৰ চাকৰিটো। স্ক’ৰাৰৰ দৰে এটা আমনিদায়ক চাকৰিত তেওঁ মনোনিৱেশ কৰিব পৰা নাছিল। স্ক’ৰাৰ নহয় বৰঞ্চ স্ক’ৰ বোৰ্ডত নিজৰ ৰানৰ সংখ্যা বহুওৱাৰহে তীব্ৰ হাবিয়াস পুহি ৰাখিছিল ডনে। কিন্তু কোনোৱেই হয়তো বুজি পোৱা নাছিল তেওঁৰ ভিতৰত উমি উমি জ্বলি থকা সেই জুইকুৰাৰ কথা।

ক্রিকেটৰ দুই লিজেণ্ড

এনে এক সময়তে দেউতাক জৰ্জ ওলাল ছিডনীত অনুষ্ঠিত ইংলেণ্ডৰ বিপক্ষে অষ্ট্ৰেলিয়াৰ অন্তিমখন খেল উপভোগ কৰিবলৈ। ডনে দেউতাকৰ সৈতে যোৱাৰ বাবে জেদ ধৰিলে। জীৱনত কোনো ষ্টেডিয়ামতে ভৰি দি নোপোৱা ডনৰ বাবে সেই অভিজ্ঞতা আছিল অবিস্মৰণীয়। সুবিশাল ছিডনী ক্ৰিকেট গ্ৰাউণ্ডৰ পৰিৱেশে মন্ত্ৰমুগ্ধ কৰি ৰাখিলে কিশোৰ ব্ৰেডমেনক। খেল উপভোগ কৰি থাকোতেই মনলৈ আহিল— ‘এইখনেই সেইখন ষ্টেডিয়াম, য’ত নেখেলালৈকে মোৰ অন্তৰাত্মাই তৃপ্তি নাপাব। ‘

সেই চিৰিজটোত ইংলেণ্ড ৫-০ ব্যৱধানত পৰাস্ত হয়। শিশু ডনৰ সুকোমল মনটোত চাৰ্লছ মেকাৰটনিৰ সূক্ষ্ম লেগ গ্লান্স, ফ্ৰান্ক উলিৰ তীব্ৰ ড্ৰাইভ, টেগ মেকড’নাল্ডৰ বিস্ফোৰক গতিময় বলিং আদিয়ে গভীৰ ৰেখাপাত কৰি যায়। ঘূৰি অহাৰ বাটত ডনে নিজৰ অত্যুৎসাহী মনটোক লুকুৱাই নাৰাখি দেউতাকক কৈছিল—” ময়ো এদিন ইয়াত খেলিম।”

বাউৰেলত থকা ব্ৰেডমেনৰ প্ৰতিমূৰ্তিটো

এনে বয়সত কিশোৰ কিশোৰীয়ে এনেধৰণৰ আবেগভৰা কথা কয়েই। এনেকৈয়ে ভাৱিছিল দেউতাক জৰ্জেও। কিন্তু ডনৰ বাবে সেই খেলখন আছিল জীৱনৰ টাৰ্নিং পইণ্ট। স্ক’ৰাৰৰ কামৰ পৰা মুক্ত হৈ ক্ৰিকেটৰ প্ৰতি মনোনিৱেশ কৰিবলৈ সেয়া যেন এক অনুপ্ৰেৰণা আছিল।

ছিডনীৰ পৰা উভতি আহি বাউৰেল ক্লাবৰ এজন নিয়মীয়া খেলুৱৈ হৈ পৰা ডনে নিজৰ খেলৰ মাধ্যমেৰে নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হ’ল। এদিনাখন স্থানীয় ক্লাব উইনজেল’ৰ লগত অনুষ্ঠিত খেলত তিনিশ ৰানৰ এটা ইনিংছ খেলি সকলোকে চমক খুৱাই দিলে ডনে। বিপক্ষ দলৰ দুৰ্ধষ স্পীনাৰ বিল উৰিলিৰ বলৰ সিদিনাৰ ঠিকনা আছিল বাউণ্ডেৰী সীমা। ইয়াৰ পিছতেই ব্ৰেডমেনে আমন্ত্ৰণ লাভ কৰে নিউ ছাউথ ৱেলছৰ হৈ খেলাৰ বাবে। নেট প্ৰেক্টিছ আৰম্ভ হৈ গৈছিল ডনৰ স্বপ্নৰ খেলপথাৰ ছিডনী ক্ৰিকেট গ্ৰাউণ্ডতে। নেটত ভাল প্ৰদৰ্শন আগবঢ়ালেও সেইবাৰলৈ দলত স্থান পোৱা নাছিল তেওঁ। কিন্তু একেবাৰে শেষ মুহূৰ্তত দলৰ মূল বেটছমেন জেক গেগৰী আৰু এইচ এম লাভে খেলত ভাগ নোৱাৰাত ব্ৰেডমেনৰ বাবে মুকলি হ’ল সম্ভাৱনাৰ সেই চিৰপ্ৰতীক্ষীত দুৱাৰখন।

ব্ৰেডমেনেও সেই সোণালী সুযোগ অথলে যাবলৈ নিদি ১১৮ ৰানৰ এক দুৰ্দান্ত ইনিংছ খেলি নিজৰ উপস্থিতিৰ উমান দিলে সকলোকে।

তাৰ পিছত জাতীয় দলত সুদীৰ্ঘ বিশ বছৰৰ ক্ৰিকেট জীৱনত বাৱন্নখন টেষ্ট খেলি দুটা ত্ৰিশতকীয়, দহটা দ্বিশতকীয় আৰু সোতৰটা শতকীয় ইনিংছৰে ৯৯.৯৪ ৰ এক অবিশ্বাস্য গড়ে ৬৯৯৬ ৰান সংগ্ৰহ কৰি বিশ্ব ক্ৰিকেটৰ সৰ্বকালৰ মহানতম ক্ৰিকেটাৰ হিচাবে প্ৰতিষ্ঠা লাভ কৰিলে ছাৰ ডন ব্ৰেডমেনে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments