Sunday, October 2, 2022
HomeNewsখেলুৱৈ জীৱনৰ টাৰ্নিং পইণ্ট:কেনেকৈ মিলখা হ'লগৈ 'ফ্লায়িং শিখ'

খেলুৱৈ জীৱনৰ টাৰ্নিং পইণ্ট:কেনেকৈ মিলখা হ’লগৈ ‘ফ্লায়িং শিখ’

olympiasports.in

পাকিস্তানৰ এখন অখ্যাত গাঁও গোবিন্দপুৰ। দেশ বিভাজনৰ পিছৰ ভয়াৱহ সময়ছোৱাৰ সাক্ষী সেই সময়ৰ পাকিস্তান আৰু ভাৰত। উভয় দেশৰে এনে বহু অখ্যাত গাঁও আৰু চহৰ। উভয় দেশৰে সীমান্তৱৰ্তী অঞ্চলসমূহত তেতিয়া মৃত্যভয় দেখুৱাই ধৰ্মান্তকৰণৰ কুটিল ৰাজনীতি। এনে সময়ত সাধাৰণ শ্ৰেণীৰ লোকৰ জীৱন দুৰ্বিষহ হৈ পৰিছিল। গোবিন্দপুৰ আছিল তেনে পৰিৱেশৰ এখন গাঁও। যত তেৰ বছৰীয়া মিলখাই মাক দেউতাক আৰু ভাই ভনীৰ সৈতে জীৱন যাপন কৰিছিল। গোবিন্দপুৰ আছিল হিন্দু ধৰ্মাৱলম্বী অধ্যুষিত এটা অঞ্চল। স্বাভাৱিকতেই ধর্মীয় উন্মাদনাত বিশ্বাসী এজাক মানুহৰ লক্ষ্য হৈ পৰিছিল গোবিন্দপুৰ। অঞ্চলটোৰ সকলোকে ধৰ্মান্তৰিত কৰি ইছলাম ধৰ্মত দীক্ষিত কৰাৰ বাবে ভাবুকি প্ৰদান কৰা হল। কিন্তু গোবিন্দপুৰৰ জনসাধাৰণ নিজৰ ধৰ্ম ত্যাগ কৰিবলৈ প্রস্তুত নাছিল আৰু এদিন নিজৰ ধৰ্ম ৰক্ষাৰ মূল্য দিব লগা হয় অঞ্চলবাসীয়ে। এদিন নিশা জুইৰ লেলিহান শিখাই ছানি ধৰিলে গোবিন্দপুৰ। ধৰ্মীয় উন্মাদনাত অন্ধ এদল লোকৰ আক্ৰমণত সমগ্ৰ গোবিনপুৰেই প্ৰায় নিঃশেষ হৈ গল।মিলখাৰ ঘৰৰ পদূলি তেজেৰে ৰঙা হৈ পৰিল।

নিজৰ মাক দেউতাকৰ ক্ষত বিক্ষত দেহ, ভায়েক আৰু বায়েকহতৰ তেজে তুমৰলি দেহৰ মাজত নিজে দিকবিদিক হেৰুৱাই বলিয়াৰ দৰে হৈ পৰা মিলখা সিদিনা নিশা কেৱল দৌৰিছিল প্ৰাণৰ মমতাত। পাছলৈ ঘূৰি চোৱাৰ সাহস হোৱা নাছিল কিশোৰ মিলখাৰ। কোন মুহূৰ্তত তাৰোৱালৰ আঘাতে শৰীৰ ক্ষত বিক্ষত কৰিব তেনে এক শংকাত শৰীৰৰ সমস্ত শক্তিৰে কেৱল দৌৰিছিল তেৰ বছৰীয়া মিলখা। দৌৰি দৌৰি আহি পাইছিলহি পাকিস্তানৰ পৰা ভাৰত সীমান্ত। সেই দৌৰ আছিল মৃত্যুভয়ৰ। মৃত্যভয়ৰ সেই দৌৰৰ পৰা গৈ ট্ৰেকৰ দৌৰলৈ মিলখাৰ যি যাত্ৰা সেই যাত্ৰাই বহন কৰিছে ধৈৰ্য্য, সাহস আৰু একাগ্ৰতাৰ এক অপূৰ্ব নিদৰ্শন।

সমুখত ইমানবোৰ নৃশংসতা দেখি সুস্থ হৈ থকা নাছিল মিলখাৰ মন। খং, ঘৃণা আৰু প্ৰতিশোধৰ জ্বালাত দহিছিল মিলখা। ডকাইত হোৱাৰ সপোন স্থিৰ কৰি লৈছিল মিলখাই। কয়লাৰ চুৰিৰ দৰে কামত হাত দিছিল মিলখাই। সন্মুখত এক অন্ধকাৰ ভৱিষ্যত। এনে এক সময়ত মিলখাৰ একমাত্ৰ জীৱিত ককায়েকে মিলখাক উদ্ধাৰৰ বাবে আগবাঢ়ি আহিছিল। ভ্ৰাতৃৰ সহযোগত মিলখাই সেনাবাহিনীত যোগ দিলে। সেনাবাহিনীৰ সু-শিংখলিত নিয়ম নীতিয়ে মিলখাৰ জীৱনলৈ সুস্থিৰতা কঢ়িয়াই আনিলে। সেনাবাহিনীৰ প্ৰশিক্ষণৰ সময়ত দৌৰাটো দৈনন্দিন কাৰ্যসূচী আছিল। গাঁৱৰ পৰা অহা ল’ৰা হিচাপে দৌৰ সম্পৰ্কে কোনো ধাৰণা নাছিল মিলখাৰ। তথাপি গতিত তীব্ৰতা থকাৰ বাবেই মিলখাৰ দৌৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল সকলোৰে।

১৯৫৬ চনৰ মেলবৰ্ণ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰে যদিও অনভিজ্ঞ মিলখাই বিশেষ উল্লেখযোগ্য প্ৰদৰ্শন আগবঢ়াব পৰা নাছিল। সফলতালৈ তেতিয়াও কিছুদূৰ বাকী। ১৯৫৮ চনত কটকত হোৱা ৰাষ্ট্ৰীয় খেলত ২০০ আৰু ৪০০ মিটাৰ শাখাত ৰাষ্ট্ৰীয় অভিলেখ গঢ়ে। ১৯৫৮ চনতে অনুষ্ঠিত কমনৱেলথ গেমছতো সোণৰ পদক দখল কৰি জীৱনৰ প্ৰথমটো বৃহৎ সাফল্যৰ সোৱাদ লাভ কৰিবলৈ সক্ষম হয়। সেয়া আছিল স্বাধীনোত্তৰ ভাৰতৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় সোণৰ পদক। ১৯৬০ চনত পাকিস্তানত অনুষ্ঠিত এখন দৌৰ প্ৰতিযোগিতাত পাকিস্তানৰ দৌৰবিদ আব্দুল খালিফক হৰুৱাই মিলখাই সেই সময়ৰ পাকিস্তানৰ জেনেৰেল আয়ুব খানৰ পৰা লাভ কৰে ‘ফ্লায়িং শিখ’ উপাধিটো।

১৯৬০ চনত ৰোমত অনুষ্ঠিত অলিম্পিকত মিলখাই অংশ লৈছিল। সকলোৰে আশা আছিল অলিম্পিকত মিলখাই পদক জিনি আনিব। মিলখাই সেইবাৰ চাৰিশ মিটাৰ দৌৰত সময়তকৈ আগতে থাকিও অলপতে পদক লাভৰ পৰা বঞ্চিত হৈছিল। নিজৰ আত্মজীৱনী ‘দ্য বেছ অৱ মাই লাইফ’ত নিজেই কৈছে যে ২৫০ মিটাৰ অতিক্ৰম কৰালৈকে তেওঁ সকলোতকৈ আগত আছিল যদিও তেওঁ সেই গতিবেগত শেষলৈকে দৌৰ অব্যাহত ৰাখিব নোৱাৰিব বুলি আশংকা কৰি হঠাৎ দৌৰৰ গতি কমাই দিছিল, যিটো কথাৰ বাবে বাৰে বাৰে এতিয়াও অনুশোচনাত ভাগে তেওঁ। অৱশ্যে সময়ে মিলখাৰ এই খং, ভুল সকলো মচি ক্ৰীড়াৰ মানচিত্ৰত এক সমুজ্জ্বল তাৰকা হিচাপে চিৰদিনলৈ প্ৰতিষ্ঠা কৰিলে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 + 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments