Tuesday, July 5, 2022
HomeNewsদুগৰাকীকৈ ক্ৰিকেটাৰৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ

দুগৰাকীকৈ ক্ৰিকেটাৰৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ

অলিম্পিয়া প্ৰতিবেদন

শুক্ৰবাৰ দিনটো আছিল ভাৰতীয় ক্ৰিকেটপ্ৰেমীসকলৰ বাবে এটা দুখজনক দিন। উক্ত দিনটোতে দুগৰাকীকৈ ভাৰতীয় ক্ৰিকেটাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। অলৰাউণ্ডাৰ ইউচুফ পাঠান আৰু বেগী বলাৰ বিনয় কুমাৰ দীৰ্ঘদিন জাতীয় দলৰ পৰা আঁতৰি থকাৰ পিছত কালি সকলো শ্ৰেণীৰ ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰে।

উল্লেখযোগ্য যে ইউচুফ পাঠান আছিল ২০০৭ৰ টি টুৱেন্টি বিশ্বকাপ তথা ২০১১ৰ এদিনীয়া বিশ্বকাপ জয়ী ভাৰতীয় দলৰ এগৰাকী অন্যতম সদস্য। ভাৰতৰ হৈ ৫৭ খন এদিনীয়া আন্তৰ্জাতিকত ভাগ লৈ অলৰাউণ্ডাৰ পাঠানে ৮১০ ৰান কৰাৰ লগতে ৩৩ টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। তাৰোপৰি দেশৰ হৈ ২২ খন টি টুৱেন্টিত অংশগ্ৰহণ কৰি পাঠানে ২৩৬ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ১৩ টাকৈ উইকেটো দখল কৰিছিল।

২০০৮ চনত পাকিস্তানৰ বিপক্ষে নিজৰ এদিনীয়া কেৰিয়াৰ আৰম্ভ কৰা ক্ৰিকেটাৰগৰাকীক শেষবাৰলৈ ভাৰতীয় জাৰ্চিত দেখা পোৱা গৈছিল ২০১২ৰ ১৮ মাৰ্চত। টি টুৱেন্টিতো তেওঁক অন্তিমবাৰলৈ দেখা পোৱা গৈছিল ২০১২ চনত।

গুজৰাটত জন্মগ্ৰহণ কৰা এইগৰাকী খেলুৱৈক আই পি এলত ৰাজস্থান ৰয়েলছ, কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ দেখা পোৱা গৈছিল।

ইপিনে ২০১০ চনত শ্ৰীলংকাৰ বিপক্ষে টি টুৱেন্টি মেচত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱা বিনয় কুমাৰে ভাৰতৰ হৈ ৯ খন টি টুৱেন্টিত ১০ টা উইকেট লাভ কৰিছিল। কৰ্ণাটকৰ ৩৭ বছৰীয়া খেলুৱৈগৰাকীয়ে ভাৰতৰ হৈ অংশ লোৱা ৩১ খন এদিনীয়াত ৩৮ টা উইকেট দখল কৰিবলৈ সক্ষম হয়। তেওঁ টেষ্টত বিশেষ সুযোগ লাভ কৰা নাছিল। অষ্ট্ৰেলিয়াৰ বিপক্ষে খেলা একমাত্ৰ টেষ্টত তেওঁ লাভ কৰিছিল ১ টা উইকেট।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty − twenty =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments