Thursday, July 7, 2022
HomeNewsUAE ত সৌৰভ গাংগুলী, জয় শ্বাহৰ লগত বৈঠকত মিলিত হ'ল ACA ৰ...

UAE ত সৌৰভ গাংগুলী, জয় শ্বাহৰ লগত বৈঠকত মিলিত হ’ল ACA ৰ সম্পাদক দেৱজিত শ‌ইকীয়াঃ দেৱালীৰ পিছতেই অসমলৈ আহিব সচিব জয় শ্বাহ

ইউএইত অনুষ্ঠিত আইপিএলৰ চূড়ান্ত খেলৰ সময়ছোৱাতে বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলী, সচিব জয় শ্বাহ, কোষাধক্ষ্য অৰুণ সিং ধুমালৰ লগতে অন্যান্য বিষয়ববীয়াৰ লগত এক আলোচনাত মিলিত হয় অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিত শ‌ইকীয়াই। আলোচনাকালত এচিএৰ সম্পাদক দেৱজিত শ‌ইকীয়াই শেহতীয়াকৈ অসম ক্ৰিকেটৰ উন্নয়নৰ বাবে এচিএয়ে লোৱা পদক্ষেপ আৰু ইয়াৰ পূৰ্বৰ কমিটিৰ কাৰ্যকালৰ সময়ছোৱাত অসম ক্ৰিকেটত সংঘটিত হোৱা বেমেজালিৰ বিষয়েও অৱগত কৰে।

ইউ এইত বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলী সহিতে অন্যান্য বিষয়ববীয়াৰ লগত হোৱা এই আলোচনাৰ সময়ত অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিত শ‌ইকীয়াই কৰ’না মহামাৰীৰ সময়ছোৱাত ক্ৰিকেটৰ বিকাশৰ বাবে অসম ক্ৰিকেট সন্থাই সমগ্ৰ অসমত যি উন্নয়নৰ পদক্ষেপ হাতত লৈছে সেই বিষয়ে অৱগত কৰাত বিচিচিআইয়ে সন্তুষ্টি প্ৰকাশ কৰিছে। আনহাতে এচিএৰ এই উন্নয়নমূলক কাৰ্যৰ বাবে প্ৰয়োজনীয় সকলো সহযোগিতা বিচিচিআইৰ ফালৰ পৰা আগবঢ়োৱা হ’ব বুলি জনাইছে।

ইফালে ২০১৬ চনৰ ১২ জুনৰ পৰা ২০১৯ চনৰ ১২ জানুৱাৰীৰ মাজৰ সময়ছোৱাত বিচিআইৰ পৰা এচিএলৈ যি অনুদান আহিছিল সেই ধন ব্যৱহাৰৰ ক্ষেত্ৰত বেমেজালিৰ সৃষ্টি হোৱাৰ প্ৰসংগ‌ও দেৱজিত শ‌ইকীয়াই বিচিচিআইৰ বিষয়ববীয়াসকলক অৱগত কৰিছে বুলি জানিবলৈ দিছে। এচিএত সেই সময়ছোৱাত সংঘটিত হোৱা এই বেমেজালিক গুৰুত্বসহকাৰে লৈছে বিচিচিআইয়ে। আগন্তুক সময়ত এই বেমেজালিৰ এক উচিত তদন্ত কৰা হ’ব বুলিও বিচিচিআইৰ ফালৰ পৰা জনোৱা হৈছে।

আনহাতে দেৱালীৰ পিছতে বিচিচিআইৰ সচিব জয় শ্বাহে অসম তথা উত্তৰ পূবৰ ৰাজ্যসমূহ ভ্ৰমণ কৰিব বুলিও দেৱজিত শ‌ইকীয়াৰ আগত জনাইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments