Wednesday, October 5, 2022
HomeNewsওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ মানস প্ৰতীম ক্ৰিকেটত তেজপুৰৰ ৰোমাঞ্চকৰ জয়

ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ মানস প্ৰতীম ক্ৰিকেটত তেজপুৰৰ ৰোমাঞ্চকৰ জয়

✍️ গৌতম জ্যোতি তালুকদাৰৰ প্ৰতিবেদন

ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চলি থকা চতুৰ্থ মানস প্ৰতীম দাস সোৱৰণী ক্ৰিকেটৰ সোমবাৰৰ খেলত তেজপুৰ চিটী ক্লাবে ফ্লেম বয়জ ওদালগুৰিক ২৬ ৰাণত পৰাস্ত কৰে । টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্তৰে তেজপুৰে ২৯.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৬৯ ৰাণ সংগ্ৰহ কৰে । তেজপুৰৰ ইমৰাণ শ্বেখে ৩২ ৰাণৰ বৰঙণি আগবঢ়ায় । ফ্লেম বয়জৰ বিকাশ শৰ্মাই চাৰিটা উইকেট দখল কৰে । ইয়াৰ প্ৰত্যুত্তৰত বেট ধৰি ফ্লেম বয়জে ২৯.৩ অভাৰত আটাইকেইটা উইকেটৰ বিনিময়ত ১৪৩ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। তেজপুৰৰ ঋতুৰাজ কলিতাই চাৰিটা উইকেট দখল কৰে । ৰোমাঞ্চকৰ মেচখনত তেজপুৰে ২৬ ৰাণত জয়ী হয় । উল্লেখ্য যে প্ৰতিযোগিতাৰ বিগত দুটা সংস্কৰণত ফাইনেল খেলিবলৈ সক্ষম হোৱা ফ্লেম বয়জে এইবাৰৰ প্ৰতিযোগিতাখনিত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰ পূৰ্বেই বিদায় লয় । মেন অৱ দ্য মেচৰ সন্মান লাভ কৰে তেজপুৰৰ ৰিতুৰাজ কলিতাই । ফিল্ডিঙত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে তেজপুৰৰ গৌৰব শইকীয়াই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 + nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments