অলিম্পিয়া প্রতিবেদন
কি আছে ৰীয়েল মাদ্রিদ, জুভেন্টাছ আৰু বাৰ্চিলোনাৰ ভাগ্যত। ইউ ই এফ এই কি নিষিদ্ধ কৰিব তিনি ক্লাবক? তাকে লৈ এতিয়া ব্যাপক চৰ্চা হৈছে বিশ্ব ক্রীড়া মহলত। ইতিমধ্যে এই ক্লাবকেইটাৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে ইউ ই এফ এই। বুধবাৰে ইউৰীপিয়ান ক্লাবৰ অভিভাৱক সংস্থা ইউ ই এফ এই ক্লাব তিনিটাৰ বিৰুদ্ধে শৃংখলা ভংগৰ অভিযোগৰ তদন্তৰ ঘোষণা কৰিছে। ইউৰীপিয়ান ছুপাৰ লীগ বাতিল হ’লেও দলকেইটাই এই পৰ্যন্ত সেই পৰিকল্পনাৰ পৰা আঁতৰি নহাৰ পৰিপ্ৰেক্ষিতত ইউ ই এফ এই এনে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইউ ই এফ এই তদন্তৰ বাবে ইতিমধ্যে বহুকেইগৰাকী ডিচিপ্লীনাৰী বিষয়া নিয়োগ কৰিছে।
ৰিয়েল মাদ্রিদ, বাৰ্চিলোনা আৰু জুভেন্টাছে ছুপাৰ লীগ আয়োজন কৰিবলৈ গৈ ইউ ই এফ এৰ কি কি ধাৰা ভঙ্গ কৰিছে, সেই বিষয়ে তদন্ত কৰিব তদন্তকাৰী বিষয়াকেইজনে। ইউ ই এফ এই ইউৰীপিয়ান ছুপাৰ লীগৰ সৈতে এতিয়াও জড়িত হৈ থকা এই তিনিটা দলে উপযুক্ত শাস্তি পাব বুলি উল্লেখ কৰিছে যদিও এই পৰ্যন্ত কি শাস্তি দিয়া হব সেই বিষয়ে মুকলিকৈ উল্লেখ কৰা নাই।
উল্লেখযোগ্য যে, যোৱা এপ্ৰিলত ৰিয়েল মাদ্রিদ, বাৰ্চিলোনা, জুভেন্টাছকে ধৰি বিশ্বৰ আগশাৰীৰ ১২ টাকৈ ফুটবল ক্লাবে ইউৰীপিয়ান ছুপাৰ লীগ শীৰ্ষক এখন নতুন লীগৰ জন্ম দিয়াৰ কথা ঘোষণা কৰিছিল। ইউ ই এফ এৰ তত্বাৱধানত চলি থকা চেম্পিয়নছ লীগৰ পৰা ফালৰি কাটি এই ক্লাবকেইটাই সম্পূৰ্ণ নিজা পৰিকল্পনাৰে গঢ় দিব খোজা ইউৰীপিয়ান লীগক লৈ সমগ্ৰ ক্রীড়া মহলতে আলোড়নৰ সৃষ্টি হৈছিল। এই ঘোষণৰ পিছতে ইউ ই এফ এ, ফিফা, সংশ্লিষ্ট ক্লাবসমূহৰ চৰকাৰ তথা সমৰ্থকৰ পৰা লাভ কৰা চাপৰ ফলত ছয়টাকৈ ইংলিছ ক্লাব, স্পেইনৰ এটলেটিক’ মাদ্রিদ, ইটালীৰ এচি মিলান আৰু ইন্টাৰ মিলানকে ধৰি ৯ টা ক্লাবে নতুন ছুপাৰ লীগখনৰ পৰা নাম প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়।
নতুন ছুপাৰ লীগত যোগ দিব খোজা উক্ত ক্লাবকেইটাই ইউ ই এফ এৰ শাস্তিৰ সন্মুখীন হৈছে। আৰ্থিক জৰিমনা বিহা হৈছে এই ক্লাবসমূহক। কেৱল জৰিমনাই নহয়, উক্ত ক্লাবকেইটাই অংগীকাৰপত্ৰতো চহী কৰিবলগীয়া হৈছে। কোৱা হৈছে ভৱিষ্যতে কোনো বিদ্ৰোহী লীগত অংশ লব নোৱাৰিব ক্লাবসমূহে। আৰু যদি ভৱিষ্যতে কোনো অনাঅনুমোদিত তেনে কোনো ক্লাবত যোগ দিব বিচাৰে তেন্তে ইউ ই এফ এক ১০ কোটি ইউৰো জৰিমনা হিচাবে দিব লাগিব তেনে ক্লাবে। বাকী ৯ টা ক্লাবক এনেদৰে জৰিমনা বিহা হৈছে যদিও এতিয়াও ছুপাৰ লীগৰ পৰিকল্পনাৰ পৰা আঁতৰি নহা ৰিয়েল মাদ্রিদ, বাৰ্চিলোনা আৰু জুভেন্টাছক কি শাস্তি বিহিব সেই কথা এতিয়াও ঠিক কৰা নাই ইউ ই এফ এই। কিছু সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি দুবছৰৰ বাবে নিষিদ্ধ ইউৰীপিয়ান লীগৰ পৰা ঘোষিত হব পাৰে উক্ত ক্লাব তিনিটা।