উগাণ্ডাৰ অলিম্পিক দলৰ খেলুৱৈ নিখোজ!

অলিম্পিয়া প্রতিবেদন

অলিম্পিক আৰম্ভ হোৱাৰ পূৰ্বে পশ্চিম টকিঅ’ৰ এক প্ৰশিক্ষণ শিবিৰৰ পৰা উগাণ্ডাৰ জাতীয় দলৰ এজন সদস্য নিখোজ হৈছে৷ জাপান অলিম্পিক কমিটিৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে উগাণ্ডা দলৰ পৰা এই ক্ষেত্ৰত জানিবলৈ পৰাৰ পিছতে খেলুৱৈজনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে জাপান আৰক্ষীয়ে৷

খেলুৱৈজনৰ নাম জুলিয়াছ ছেকিত’লেকো৷ ২০ বছৰীয়া জুলিয়াছ ছেকিত’লেকো প্ৰাথমিক পৰীক্ষাত তেওঁ উত্তীৰ্ণ নোহোৱাৰ বাবে অলিম্পিক আৰম্ভ হোৱাৰ পূৰ্বে দেশলৈ উভতি যোৱাৰ কথা আছিল৷ কৰণা ভাইৰাছ নিয়ন্ত্ৰণ নোহোৱাৰ অৱস্থাত অলিম্পিক আয়োজনৰ বাবে আগবঢ়াৰ মাজতে বিদেশী খেলুৱৈ এজন হঠাৎ এইদৰে নিখোঁজ হোৱাৰ বাতৰিয়ে অস্বস্তিত পেলাইছে আয়োজক সকলক৷

৯ জনীয়া সদস্যৰ উগাণ্ডাৰ দলটো অলিম্পিকৰ বাবে জাপানলৈ অহা প্ৰথমটো বিদেশী দল৷ ১৯ জুনত দলটো জাপানত ভৰি দিয়াৰ পিছতে তেওঁলোকৰ এজন সদস্যৰ দেহত কৰণা পজিটিভ পোৱাৰ পিছতে দলটো আইশ্ব’লেছনত ৰখা হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *