Monday, October 3, 2022
HomeNewsযুদ্ধৰ মাজতে শান্তিৰ দূত হৈ দৰ্শকৰ হৃদয় জিনিলে ইউক্ৰেইনৰ ফুটবলাৰে

যুদ্ধৰ মাজতে শান্তিৰ দূত হৈ দৰ্শকৰ হৃদয় জিনিলে ইউক্ৰেইনৰ ফুটবলাৰে

অলিম্পিয়া প্ৰতিবেদন

ক্ৰমাৎ ৰণক্ষেত্ৰত পৰিণত ইউক্ৰেইন আৰু ৰাছিয়াৰ ভূমি । গুলি বাৰুদৰ শব্দই কঁপাইছে দুয়োখন দেশ । আক্ৰমণ- প্ৰত্যাক্ৰমণৰ বিভীষিকাৰ মাজত বন্দী ইউক্ৰেইনৰ সেনাৰ লগতে সাধাৰণ নাগৰিক । তাৰ মাজতেই বৃহস্পতিবাৰে গ্ৰীচৰ কাৰাইছাক্কি ষ্টেডিয়ামত অনুষ্ঠিত ইউৰোপা লীগৰ এখন মেচত মুখামুখি হয় অলিম্পিয়াকোছ আৰু ইউক্ৰেইনৰ আটলান্টা দল । মেচখনত আটলান্টাই ৩-০ গ’লত অলিম্পিয়াকোছক পৰাস্ত কৰে । কিন্তু সেই আনন্দই যেন আহ্লাদিত কৰিব পৰা নাই ইউক্রেইনৰ ফুটবলাৰ ৰুছলান মালিনভস্কিৰ মন । উক্ৰেইনৰ এই ২৮ বছৰীয়া মিডফিল্ডাৰজনে গ’ল উদযাপন কৰাৰ সময়ত স্তম্ভিত কৰি তুলিলে সকলো দৰ্শকক ।
মালিনভস্কিয়ে পৰিধান কৰি থকা গেঞ্জিটোত পূৰ্বেই লিখা আছিল ‘ন ৱাৰ ইন ইউক্ৰেইন’ । এই দৃশ্য গ’লৰ আনন্দ উদযাপন কৰাৰ সময়ত মালিনভস্কিয়ে গেলাৰীৰ কাষলৈ গৈ চাৰ্ট খুলি দৰ্শকক দেখুৱাই জয় কৰিছিল দৰ্শকৰ মন । ফুটবলাৰজনৰ এনে কৰ্মই বাৰুকৈয়ে বুজাইছে দেশৰ ভয়াবহ পৰিস্থিতিৰ কথা । কিন্তু এইখিনিতে এটা প্ৰশ্ন হয় — ফুটবলাৰজনৰ এই আহ্বানে ইউক্ৰেইন আক্ৰমণকাৰী ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ মন জয় কৰিবলৈ সক্ষম হ’বনে ? তেজেৰে লুতুৰিপুতুৰি দুয়োখন দেশলৈ ঘূৰি আহিবনে শান্তি ?

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen − 11 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments