Friday, September 30, 2022
HomeNewsদেশৰ বাবে প্ৰাণ দিলে ইউক্ৰেইনৰ দুই ফুটবলাৰে !!

দেশৰ বাবে প্ৰাণ দিলে ইউক্ৰেইনৰ দুই ফুটবলাৰে !!

অলিম্পিয়া প্ৰতিবেদন

ইউৰোপৰ পূব প্ৰান্তৰ এখন দেশ । শিক্ষা- দিক্ষা, ক্ৰীড়া- স্বাস্থ্য আদিকে ধৰি সকলো ক্ষেত্ৰতে দোপদদোপে আগুৱাই যোৱা দেশখন এতিয়া ক্ৰমাৎ বধ্যভূমিত পৰিণত । পুটিনৰ একছত্ৰী শাসনৰ লালসা আৰু কপট ৰাজনৈতিক চক্ৰবেহুৰ কবলত পৰি আৰু মাথোঁ কেইটামান ঘণ্টাৰ পাছতেই যেন ইতিহাস হ’ব বিশ্বৰ অন্যতম উন্নত দেশ ইউক্ৰেইন । পুটিনৰ বৰ্বৰ আক্ৰমণে এতিয়া ছাঁইলৈ পৰিৱৰ্তন কৰিছে ইউক্ৰেইনৰ প্ৰতিটো প্ৰান্তৰ । আগ্ৰাসী ৰুছ সেনাৰ হিংসাত্মক আক্ৰমণৰ পৰা বাছি যোৱা নাই শিশু । তথাপি গা লৰা নাই ৰুছ সেনাৰ । মানুহৰ তেজেৰে স্নান কৰাৰ মানসিকতাৰে যেন আগুৱাই গৈছে ইখনৰ পাছত সিখন প্ৰদেশ ।
কিছুদিন পূৰ্বে নিজ দেশৰ স্বাৰ্থত হাতত বন্দুক তুলি লৈছিল ইউক্ৰেইনৰ কেইবাগৰাকীও খেলুৱৈয়ে । য’ত আছিল ফুটবলাৰো । সেই ফুটবলাৰক লৈ এই মুহূৰ্তত সামাজিক মাধ্যমত বিয়পি পৰিছে এক দুৰ্ভাগ্যজনক খবৰ । ইউক্ৰেইনৰ দুই ফুটবলাৰ ভিটালী ছাপিলো আৰু ডিমেট্ৰো মাৰ্টিনেনকো আৰু নাই । ৰুছ সেনাৰ আক্ৰমণত চিৰদিনৰ বাবে শুই পৰিছে দুয়োগৰাকী খেলুৱৈ । ২১ বছৰীয়া ছাপিলো আছিল ইউক্ৰেইন কাৰ্পাতি লাভিভ আৰু ২৫ বছৰীয়া ডিমেট্ৰো আছিল গষ্টোমেল ক্লাবৰ খেলুৱৈ । যুদ্ধ শেষ হোৱাৰ পাছতেই দুয়োজন খেলুৱৈ উলটি যোৱাৰ কথা আছিল খেল পথাৰলৈ । কিন্তু সেই আশা পূৰ নহ’ল তেওঁলোকৰ । অকালতে ফুটবলৰ পৰা বিদায় মাগিলে দুয়োজন খেলুৱৈয়ে । তেওঁলোকৰ মৃত্যুত এতিয়া ফুটবল বিশ্বত পৰিছে গভীৰ শোকৰ ছাঁ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 − 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments