Friday, September 30, 2022
HomeNewsউবেৰ-থমাছ, সুধীৰমন কাপত ভাৰতীয় দলৰ মেনেজাৰ ৰূপত অসমৰ ওমৰ ৰছিদ

উবেৰ-থমাছ, সুধীৰমন কাপত ভাৰতীয় দলৰ মেনেজাৰ ৰূপত অসমৰ ওমৰ ৰছিদ

অসম বেডমিণ্টন সন্থাৰ সম্পাদক তথা ভাৰতীয় বেডমিণ্টন সন্থাৰ ইভেণ্ট শাখাৰ সম্পাদক ওমৰ ৰছিদক আগন্তুক কেইবাখনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে মেনেজাৰৰ দায়িত্ব অৰ্পণ কৰা হৈছে। আগন্তুক সুধীৰমন কাপ, উবেৰ কাপ আৰু থমাছ কাপৰ দৰে ঐতিহ্যমণ্ডিত বেডমিণ্টন চেম্পিয়নশ্বিপৰ বাবে দলটোৰ মেনেজাৰ পদ শুৱনি কৰিব অসমৰ ক্রীড়া সংগঠকগৰাকীয়ে। ভাৰতীয় বেডমিণ্টন সন্থাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই কথা উল্লেখ কৰিছে।

উল্লেখযোগ্য যে, সুধীৰমন কাপ ফিনলেণ্ডত অহা ২৬ ছেপ্টেম্বৰৰ পৰা ৩ অক্টোবৰলৈ অনুষ্ঠিত হ’ব। ৯ অক্টোবৰৰ পৰা ১৭ অক্টোবৰলৈ ডেনমাৰ্কত অনুষ্ঠিত হব থমাছ এণ্ড উবেৰ কাপ। ভাৰতীয় দলটো অহা ২৮ ছেপ্টেম্বৰত হায়দৰাবাদৰ পৰা ৰাওনা হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments