ক্ৰিকেটাৰৰ পিছত এইবাৰ আম্পায়াৰৰ আই পি এল ত্যাগ

অলিম্পিয়া প্রতিবেদন

ক্ৰিকেটাৰৰ পিছত এইবাৰ দুজনকৈ আম্পায়াৰে ত্যাগ কৰিলে আই পি এল। দেশত কৰোনাকালীন পৰিস্থিতিয়ে ব্যাপক ৰূপ ধাৰণ কৰাৰ সময়তে এতিয়া ভাৰতৰ নিতিন মেনন আৰু অষ্ট্ৰেলিয়াৰ পল ৰেইফেলে আই পি এলৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে।

তেওঁলোক দুয়োজনেই ব্যক্তিগত কাৰণৰ দোহাই দি এই সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰিছে। জানিব পৰামতে, ইন্দোৰৰ নিবাসী নীতিন মেননৰ পত্নী আৰু মাতৃ কোভিড-১৯ ত আক্ৰান্ত হোৱাৰ পিছতেই আই পি এল এৰাৰ কথা ঘোষণা কৰে আম্পায়াৰজনে।

উল্লেখযোগ্য যে, মেনন হৈছে আই চি চিৰ দ্বাৰা স্বীকৃত এলিট পেনেলত স্থানপ্ৰাপ্ত ভাৰতৰ একমাত্ৰ আম্পায়াৰ। ইংলেণ্ডৰ বিপক্ষে অনুষ্ঠিত ঘৰুৱা শৃংখলাত তেওঁৰ আম্পায়াৰিঙৰ বিশেষ চর্চা হৈছিল। বহুতেই প্ৰশংসা কৰিছিল আম্পায়াৰ হিচাবে গ্ৰহণ কৰা তেওঁৰ ভূমিকাক।

প্ৰতিযোগিতাখনৰ পৰা নাম প্ৰত্যাহাৰৰ পিছতেই বি চি চি আইৰ এগৰাকী কৰ্মকতাই কৈছে যে মেননৰ আত্মীয় কোভিড-১৯ত আক্ৰান্ত হোৱাৰ পিছত এতিয়া তেওঁ আম্পায়াৰিঙত মনোনিৱেশ কৰিব পৰা অৱস্থাত নাই।

ইপিনে, অষ্ট্ৰেলিয়াই ভাৰতৰ সৈতে বিমান সেৱা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতেই অষ্ট্ৰেলিয়াৰ আম্পায়াৰ ৰেইফেলে যিমান পাৰি সোনকালে ভাৰত এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ আগতে অষ্ট্ৰেলিয়াৰ তিনিগৰাকী খেলুৱৈ ক্ৰমে এন্দ্ৰিয়’ টাই, আদাম জেম্পা, কেন ৰিচাৰ্ডছনেও ভাৰতৰ কোভিডকালীন পৰিস্থিতি লৈ লক্ষ্য ৰাখি আই পি এলৰ পৰা নাম প্ৰত্যাহাৰ কৰিছিল।

ইপিনে, ভাৰতৰ ৰবিচন্দ্ৰন অশ্বিনেও প্ৰতিযোগিতাখনৰ পৰা নাম প্ৰত্যাহাৰ কৰিছিল তেওঁৰ সকলো পৰিয়ালৰ লোক কোভিডত আক্ৰান্ত হোৱাৰ বাবে।

Leave a Reply

Your email address will not be published. Required fields are marked *