অলিম্পিয়া প্ৰতিবেদন
১৯ ছেপ্টেম্বৰত সুদূৰ আৰব এমিৰাটছত আৰম্ভ হ’ল আই পি এলৰ ত্ৰয়োদশ সংস্কৰণৰ। ৰবিবাৰে টুৰ্ণামেণ্টৰ দ্বিতীয় মেচত কিংছ ইলেভেন পঞ্জাৱৰ মুখামুখী হয় দিল্লী কেপিটলেছ। প্ৰথমে বেটিং কৰি মাৰ্কাছ ষ্টনিছৰ দুৰ্দান্ত বেটিঙৰ সহায়ত দিল্লীয়ে সংগ্ৰহ কৰে ১৫৭ ৰান। প্ৰত্যুত্তৰত কিংছ ইলেভেন পঞ্জাৱ প্ৰথম অৱস্থাত বিপৰ্যয়ৰ সন্মুখীন হ’লেও মায়ংক আগৰৱালে দায়িত্বশীল বেটিঙেৰে দলটোক জয়ৰ দুৱাৰডলীলৈ লৈ গৈছিল।
অৱশ্যে, শেষ অভাৰৰ ব্যৰ্থতাৰ বাবে পঞ্জাৱ জয়ৰ কাষ চাপিও থমকি ৰ’ব লগা হয়। অন্তিম অভাৰত মেচখন টাই হয়। ফলত ছুপাৰ অভাৰে নিৰ্ধাৰণ কৰে মেচৰ ফলাফল। ছুপাৰ অভাৰত দিল্লী কেপিটলেছে জয় লাভ কৰে।
পঞ্জাৱৰ পৰাজয়ৰ পিছত এতিয়া আম্পায়াৰৰ এটা ভুল সিদ্ধান্তৰ কথা পোহৰলৈ আহিছে। সামাজিক মাধ্যমত দুৰ্বল আম্পায়াৰিঙৰ বাবে তীব্ৰ সমালোচনা হৈছে।
পঞ্জাৱৰ ১৯ তম অভাৰত আম্পায়াৰে এটা ৰান কমকৈ প্ৰদান কৰিছিল দলটোক। মায়ংক আগৰৱাল আৰু ক্ৰিছ জৰ্ডানে দৌৰি দুটা ৰান সম্পূৰ্ণ কৰিছিল যদিও আম্পায়াৰে এটা ৰান আধৰুৱা হোৱা বুলি স্ক’ৰবোৰ্ডত যোগ কৰা নাছিল। কিন্তু টিভিৰ স্ক্ৰীণত সেই ৰানটো সম্পূৰ্ণ হোৱাৰ ছবি স্পষ্টকৈ জিলিকি আছিল। সেয়ে এতিয়া সৰ্বত্ৰে সমালোচনা হৈছে আম্পায়াৰৰ এনে ভুল সিদ্ধান্তৰ। সেই এক ৰানটো যোগ দিয়াহেঁতেন পঞ্জাৱে বিজয় সাব্যস্ত কৰিলেহেঁতেন। টুইটাৰত ইতিমধ্যে এই লৈ বিভিন্নজনে নিজৰ ক্ষোভ ব্যক্ত কৰিছে। তেনে কেইটামান টুইট চাওঁ আহক-