Tuesday, October 4, 2022
HomeNewsআনএকাডেমী ৱৰ্ল্ড চিৰিজ: আজি খেলপথাৰত নামিব শচীন, চেহৱাগ, যুৱৰাজ, লাৰা আদি

আনএকাডেমী ৱৰ্ল্ড চিৰিজ: আজি খেলপথাৰত নামিব শচীন, চেহৱাগ, যুৱৰাজ, লাৰা আদি

আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত পুনৰ দেখা পোৱা যাব ক্ৰিকেটৰ ভগৱান শচীনৰ বেটিঙৰ যাদু। তাৰোপৰি দেখা পোৱা যাব ৱেষ্টইণ্ডিজৰ কিম্বদন্তী ব্ৰায়ান লাৰাকো। লগতে থাকিব ক্ৰিকেট বিশ্বৰ আন বহু ৰথী-মহাৰথী।

ভাৰতত সঘনে হৈ থকা পথ দুৰ্ঘটনাৰ ক্ষেত্ৰত সচেতনতা বৃদ্ধিৰ বাবে আয়োজন কৰা হৈছে আনএকাডেমী পথ সুৰক্ষা ৱৰ্ল্ড চিৰিজৰ। চিৰিজৰ আজি প্ৰথমখন খেলত মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত শচীন টেণ্ডুলকাৰ নেতৃত্বাধীন ইণ্ডিয়া লিজেণ্ডে ব্ৰায়ান লাৰা নেতৃত্বাধীন ৱেষ্টইণ্ডিজ লিজেণ্ডৰ মুখামুখি হ’ব। মেচখন আৰম্ভ হ’ব সন্ধিয়া ৭ বজাৰ পৰা।


শচীন টেণ্ডুলকাৰ নেতৃত্বাধীন ইণ্ডিয়া লিজেণ্ডত শচীনৰ উপৰিও বীৰেন্দ্ৰ সেহৱাগ, যুৱৰাজ সিং, মহম্মদ কাইফ, অজিত আগাৰকাৰ, জাহিৰ খান, মুনাফ পেটেল, ইৰফান পাঠান আদিৰ দৰে তাৰকা ক্ৰিকেটাৰ সকলে অংশ ল’ব। আনহাতে, ৱেষ্টেইণ্ডিজ লিজেণ্ডত ব্ৰায়ন লাৰা, শিৱনাৰায়ন চন্দ্ৰপল, ৰিকাৰ্ড’ পাৱেল, পেড্ৰ’ কলিনছ, কাৰ্ল হোপাৰ আদিৰ দৰে তাৰকা ক্ৰিকেটাৰে অংশ গ্ৰহণ কৰিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen − 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments