Wednesday, October 5, 2022
HomeNewsগুৱাহাটীত ফিফা ১৭ বছৰ অনূৰ্দ্ধ মহিলাৰ বিশ্বকাপ ফুটবল :ভাৰতীয় দলৰ শিবিৰ জামছেদপুৰত...

গুৱাহাটীত ফিফা ১৭ বছৰ অনূৰ্দ্ধ মহিলাৰ বিশ্বকাপ ফুটবল :ভাৰতীয় দলৰ শিবিৰ জামছেদপুৰত আৰম্ভ

অলিম্পিয়া প্ৰতিবেদন

সমাগত ফিফা ১৭ বছৰ অনূৰ্দ্ধ মহিলাৰ বিশ্বকাপ ফুটবলৰ বাবে আয়োজক দেশ হিচাপে ভাৰতীয় দলৰ প্ৰশিক্ষণ তথা বাছনি শিবিৰ জামছেদপুৰত আৰম্ভ হৈছে । প্ৰথমে এই বিশ্বকাপ ভাৰতত ২০২০ চনৰ ২ পৰা ২১ নবেম্বৰলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল । কিন্তু কৰোনা মহামাৰীৰ বাবে ফিফাই কেইবাবাৰো স্থগিত ৰখাৰ পাছত টুৰ্ণামেণ্টখন সম্পৰ্কত অচলাৱস্থাই দেখা দিছিল । শেহতীয়াকৈ ফিফাই এই বিশ্বকাপ ভাৰততে চলিত বৰ্ষৰ ১১- ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে । ইতিপূৰ্বে ঘোষণা কৰা অনুসৰি এই বিশ্বকাপ দেশৰ ৫ টা স্থানত অনুষ্ঠিত হ’ব । ইয়াৰ ভিতৰত গুৱাহাটীৰ সৰুসজাইত অৱস্থিত ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামো আছে । আন ভেন্যুসমূহ হ’ল–ভূৱনেশ্বৰৰ কলিংগ ষ্টেডিয়াম, কলকাতাৰ ছল্ট লেক ষ্টেডিয়াম, আহমেদাবাদৰ ইকা এৰেনা আৰু নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়াম । যোৱা ৭ ফেব্ৰুৱাৰীত জামছেদপুৰত আৰম্ভ হোৱা ৰাষ্ট্ৰীয় শিবিৰলৈ মুঠ ৩৫ গৰাকী খেলুৱৈক আমন্ত্ৰণ জনোৱা হৈছে । তেওঁলোকে বৰ্তমান সুৰেন ছেত্ৰীৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে যদিও শীঘ্ৰে শিবিৰত যোগদান কৰিব মুখ্য প্ৰশিক্ষক থমাছ ডেনাৰ্বি আৰু সহকাৰী প্ৰশিক্ষক এলেক্স এমব্ৰচে । শিবিৰটোৰ বাবে ঝাৰখণ্ড চৰকাৰে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে । লক্ষণীয়ভাবে শিবিৰলৈ আমন্ত্ৰিত ৩৫ গৰাকী উদীয়মান মহিলা খেলুৱৈৰ ভিতৰত অসমৰ কোনো খেলুৱৈ নাই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments