Tuesday, October 4, 2022
HomeNewsজুনিয়ৰ মহিলা ক্ৰিকেটত অসম দলৰ বৃহৎ জয়

জুনিয়ৰ মহিলা ক্ৰিকেটত অসম দলৰ বৃহৎ জয়

https://olympiasports.in/

মহিলাৰ ১৯ বছৰ অনূৰ্ধ্ব ক্ৰিকেট প্ৰতিযোগিতাত অসমে চমকপ্ৰদ জয় লাভ কৰিবলৈ সক্ষম হৈছে। অসম ক্ৰিকেট সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ থকা ১৯ বছৰ অনূৰ্ধ্ব ক্ৰিকেট প্ৰতিযোগিতাত অসম দলটোৱে মহাৰাষ্ট্ৰক পৰাস্ত কৰিবলৈ সক্ষম হৈছে। গুৱাহাটীৰ বৰ্ষাপাৰাত থকা অসম ক্ৰিকেট সন্থাৰ নিজা ষ্টেডিয়াম বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত অসমে মহাৰাষ্ট্ৰক ৬ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হৈছে।

মেচখনত প্ৰথমে মহাৰাষ্ট্ৰ‌ই বেটিং কৰি নিৰ্ধাৰিত ৫০ অভাৰত ৯ উইকেটৰ বিনিময়ত ১৩৬ ৰান কৰি অসমৰ আগত ১৩৭ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। ইয়াৰ প্ৰত্যুত্তৰত অসমে ১৩৭ ৰানৰ লক্ষ্য আগত লৈ ক্ৰিজত নামি ৪২.২ অভাৰতে ৪ উইকেটৰ বিনিময়ত এই লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হয়।

অসম দলটোৰ অনামিকা বড়িয়ে অপৰাজিত ভাৱে ৩০ ৰান কৰাৰ লগতে জ্যোতি দেৱীয়ে ২২ আৰু হেমলতা পায়েঙে ১৯ ৰান কৰি অসম দলটোৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

আনহাতে অসম দলটোৰ হৈ ভাগ্যশ্ৰী বৰ্মনে তিনিটা, অনামিকা বড়ি আৰু মৌচুমী নৰহে এটাকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nine + three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments