Tuesday, October 4, 2022
HomeNewsঅধিনায়ক যশ ধুলৰ শতকেৰে ১৯ অনূৰ্দ্ধ বিশ্বকাপৰ ফাইনেলত ভাৰত

অধিনায়ক যশ ধুলৰ শতকেৰে ১৯ অনূৰ্দ্ধ বিশ্বকাপৰ ফাইনেলত ভাৰত

অলিম্পিয়া প্ৰতিবেদন

আই চি চি ১৯ বছৰ অনূৰ্দ্ধ বিশ্বকাপ ক্ৰিকেটত অষ্ট্ৰেলিয়াক বিমুখ কৰি ফাইনেলত প্ৰবেশ কৰিলে ভাৰতে । ৱেষ্ট ইণ্ডিজত চলি থকা প্ৰতিযোগিতাৰ বুধবাৰৰ ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৯৬ ৰাণত জয়লাভ কৰে । মূলতঃ অধিনায়ক যশ ধুলেৰ শতৰাণ আৰু সহ অধিনায়ক ৰছিদৰ ৯৪ ৰাণৰ বাবেই ভাৰতৰ বিজয় সম্ভৱ হয় । ভাৰতে ৫০ অভাৰত ৫ উইকেটত ২৯০ ৰাণ কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়াই ৪১.৫ অভাৰত ১৯৪ ৰাণতে ইনিংছ সামৰে । অধিনায়ক ধুলেই ১১০ টা বলত ঠিক ১১০ কৰোঁতেই ৰাণ আউট হয় । বলিঙত ভাৰতীয় দলৰ বিকী অষ্টাবলে ৩ টা উইকেট দখল কৰে । ৫ ফেব্ৰুৱাৰী শনিবাৰে ফাইনেলত এতিয়া ভাৰতৰ প্ৰতিদ্বন্দী ইংলেণ্ড ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − 17 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments