Monday, October 3, 2022
HomeNewsআশ্চৰ্যকৰ ! ...

আশ্চৰ্যকৰ ! পাঁচ বছৰীয়া ৰিয়াই দৌৰি গঢ়িলে ইউনিভাৰ্ছেল এছিয়ান ৰেকৰ্ড

অলিম্পিয়া প্ৰতিবেদন

এগৰাকী পাঁচ বছৰীয়া কিশোৰীয়ে দৌৰিছে মহানগৰীৰ ৰাজপথত ।নাম তাইৰ ৰিয়া সাহা ।কণমাণি ৰিয়াই দৌৰি গঢ়িছে এক অভিলেখ । ৩৮ মিনিটত ৭ কিঃ মিঃ দৌৰি ৰিয়াই ইউনিভাৰ্ছেল এছিয়ান ৰেকৰ্ডত ৰোপন কৰিলে নিজৰ নাম ।

সময় তেতিয়া দেওবাৰে পুৱা ৮ বাজিছে ।গুৱাহাটীৰ জনতা ভৱনৰ সন্মুখৰ পৰা দৌৰ আৰম্ভ কৰিলে কণমাণি ৰিয়াই । সেই দৌৰ নেহৰু ষ্টেডিয়ামলৈ প্ৰায় ৩৮ মিনিটত সমাপ্ত কৰে । এই দৌৰৰ সময়ছোৱাত ৰিয়াই অতিক্ৰম কৰিলে খ্ৰীষ্টানবস্তী, ভঙাগড়, লাচিত নগৰ, উলুবাৰী আৰু মণিপুৰবস্তি আদি অঞ্চল । প্ৰতি ১ কিঃ মিঃ অতিক্ৰম কৰিবলৈ ৰিয়াক সময় লাগিছিল প্ৰায় ৫ মিনিট ৪ ছেকেণ্ড । দৌৰ সম্পন্ন হোৱাৰ লগে লগে কণমাণি ৰিয়াই গঢ়িলে ইউনিভাৰ্ছেল এছিয়ান ৰেকৰ্ড ।
উল্লেখযোগ্য যে, ৰিয়াৰ দৌৰ শুভাৰম্ভ কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই । ৰিয়াৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলে বিধায়ক গৰাকীয়ে । দৌৰৰ অন্তত নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে অসম এথলেটিকছ সন্থাৰ সম্পাদক অশোক ভৰালীৰ লগতে ক্ৰীড়ামোডী ৰাইজ ।
কণমাণি খেলুৱৈগৰাকীৰ এই অভিলেখ সৃষ্টিক লৈ আনন্দিত ৰিয়াৰ প্ৰশিক্ষক তথা সম্বন্ধীয় মোমায়েক ৰবি দাস । ভবাতকৈ ৰিয়াই ভাল প্ৰদৰ্শন কৰিছে বুলি জনালে প্ৰশিক্ষক জনে । মাত্র পাঁচ বছৰ বয়সতে ৭ কিঃ মিঃ দৌৰি এই অভিলেখ গঢ়াটো আশ্বৰ্যকৰ । ৰিয়াক অনাগত সময়ত খেলৰ পৃথিবীত আগুৱাই নিবলৈ দৃঢ় প্ৰতিজ্ঞ প্ৰশিক্ষক ৰবি দাস । লগতে ৰিয়াই অলিম্পিক যোৱাৰ কথাও ব্যক্ত কৰে ।

এক আশ্বৰ্যকৰ অভিলেখেৰে ৰিয়াৰ এয়া খেলুৱৈ জীৱনৰ সুন্দৰ আৰম্ভণি । ক্ৰীড়া অনুৰাগীয়ে আশা কৰিব ক্ৰীড়াঙ্গনত ৰিয়া দোপদদোপে আগুৱাই যাওক । সৃষ্টি হওক আৰু এগৰাকী অসম গৌৰৱ হিমাৰ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 + 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments